দেশত পথ দুর্ঘটনাত মৃত্যুৰ হাৰ তুলনামূলকভাৱে হ্রাস পাইছে যদিও অসমত যোৱা পাঁচ বছৰত বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে৷ ৰাজ্যখনত যোৱা পাঁচ বছৰত পথ দুর্ঘটনাত প্রাণ হেৰুৱাইছে ১৫,৩০৬জন লোকে৷ ৰাজ্যসভাত এই উদ্বেগজনক তথ্য দাঙি ধৰিছে কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন জয়ৰাম গাডকাৰিয়ে৷
সদনৰ প্রশ্ণোত্তৰকালত কংগ্রেছ সাংসদ দিগ্বিজয় সিং আৰু ৰঞ্জিত ৰঞ্জনে উত্থাপন কৰা পথ দুর্ঘটনা সম্পর্কীয় এক প্রশ্ণৰ উত্তৰত মন্ত্রী গাডকাৰিয়ে প্রকাশ কৰা মতে, সমগ্র দেশত পথ দুর্ঘটনাত মৃত্যুৰ হাৰ বিগত কিছু বছৰত উল্লেখযোগ্যভাৱে হ্রাস পাইছে৷ তেওঁ কয় যে ২০১৮ চনত দেশৰ প্রতি দহ হাজাৰ গাড়ীৰ বিপৰীতে পথ দুর্ঘটনাত মৃত্যুৰ হাৰ আছিল ৫.৮ শতাংশ৷ ২০২২ চনত এই হাৰ হ্রাস পায় ৪.৩ শতাংশলৈ৷ একেদৰে প্রতি দহ হাজাৰ কিলোমিটাৰ ৰাস্তাত ২০১৮ চনত গড়ে ২৫৪জন লোকৰ প্রাণহানি হৈছিল যদিও ২০২২ চনত এই হাৰ ২৫০জনলৈ কিছু হ্রাস পায়৷
পিছে মন্ত্রী গাডকাৰিয়ে অসমৰ বাবে প্রদান কৰা বিস্তাৰিত তথ্যত পথ দুর্ঘটনাৰ এক বিপৰীত তথ্য পোহৰলৈ আহিছে৷ তেওঁ ২০২০ চনৰ পৰা প্রদান কৰা তথ্য অনুসৰি উক্ত চনত অসমত পথ দুর্ঘটনাত মৃত্যু হৈছিল ২,৬২৯জনৰ৷ কিন্তু ২০২৪ চনত ৰাজ্যখনত পথ দুর্ঘটনাত প্রাণ হেৰুৱায় ৩,৩৫১জনে৷ অর্থাৎ বিগত পাঁচ বছৰত অসমত পথ দুর্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭.৪৬ শতাংশ বৃদ্ধি পাইছে৷
মন্ত্রী গাডকাৰিয়ে প্রদান কৰা তথ্য অনুসৰি, ইয়াৰ মাজৰ তিনি বছৰত অর্থাৎ ২০২১, ২০২২ আৰু ২০২৩ চনত অসমত পথ দুর্ঘটনাত প্রাণ হেৰুওৱা লোকৰ সংখ্যা আছিল ক্রমে ৩,০৩৬, ২,৯৯৪ আৰু ৩,২৯৬৷ মন্ত্রীজনে প্রকাশ কৰা মতে, দেশৰ মুঠ ১,৭৮,২৯৩ কিলোমিটাৰ ৰাস্তাত সমীক্ষা চলাই সন্ধান লাভ কৰা দুর্ঘটনা অধ্যুষিত ১২,২৮৯টা ব্লেকস্পটৰ স্বল্পম্যাদী সংস্কাৰ কৰা হৈছে৷ দীর্ঘম্যাদী সংস্কাৰ কৰা হৈছে আন ৫,৭৭৩টা ব্লেকস্পটৰ৷ উল্লেখ্য যে অসমত দুর্ঘটনা অধ্যুষিত ৯৫টা ব্লেকস্পট পূর্বতে চিহ্ণিত কৰা হৈছিল৷
বিশেষ বার্তা, নতুন দিল্লী, ১৮ ডিচেম্বৰ :