নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৱতিনিশা দৰঙৰ বেছিমাৰীত অগ্নিকাণ্ড, বৃহৎ ক্ষতি

  • পুৱতিনিশা দৰঙৰ বেছিমাৰীত অগ্নিকাণ্ড৷
  • অগ্নিকাণ্ডৰ ফলত দুখনকৈ দোকানৰ বৃহৎ ক্ষতিসাধন হয়
  • বেছিমাৰীৰ মাজেৰে পাৰ হৈ যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা হেদায়ত উল্লাহৰ সাৰৰ দোকান আৰু ফইজুদ্দিনৰ ছাইকেলৰ ভৰালত সংঘটিত হয় এই অগ্নিকাণ্ড
  • অগ্নিকাণ্ডৰ ফলত চাইকেলৰ ভৰালৰ প্ৰায় ৪০ লাখৰো অধিক আৰু সাৰৰ দোকানত প্ৰায় ৮০/৯০ লাখৰো অধিক ক্ষয়ক্ষতি হয়
  • শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ
  • জানিব পৰা মতে সাৰৰ দোকানীয়ে ব্যৱসায়িক ঋণ লৈ ব্যৱসায় কৰি আছিল
  • দোকানকেইখন জুইত ভস্মীভূত হোৱাত দুখত ভাগি পৰিছে পৰিয়ালৰ লোক
  • ব্যৱসায়ী সকলৰ একমাত্ৰ কৰ্মসংস্থাপন আছিল ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ
  • জুইৰ সূত্ৰপাত কোনটো দোকানৰ পৰ হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই
  • ব্যৱসায়ীসকলে পুনৰ ব্যৱসায় কৰিবলৈ চৰকাৰৰ পৰা ক্ষতিপূৰণৰ দাবী জনাইছে৷

ডিজিটেল ডেস্ক, ২৬ নৱেম্বৰ

You might also like