নিয়মীয়া বাৰ্তা, ধুবুৰী, ৬ ডিচেম্বৰ : স্বাধীনতাৰ ৭৯ বছৰ পাৰ হ’ল; কিন্তু আজিও কুন্তীৰ চৰৰ পৰা ধুবুৰী জিলাৰ সদৰ ধুবুৰীলৈ দৈনন্দিন যাতায়াতৰ সাৰথি বুলিলে টুলুঙা নাও এখন। সেই টুলুঙা নাওৰেই ৰ’দ-বৰষুণ নেওচি ধুবুৰীৰ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত কণ কণ ছাত্ৰ-ছাত্ৰীকে ধৰি বিভিন্ন লোক আহে ধুবুৰীলৈ। বিদ্যালয়-মহাবিদ্যালয় খোলা থকা দিনত এইদৰে প্ৰতিদিন পুৱা ধুবুৰীলৈ অহা শ শ শিক্ষাৰ্থীয়ে বিয়লি ছুটীৰ পিছত সেই নাওখনেৰেই উভতি যায় নিজ নিজ গৃহলৈ। কেৱল ছাত্ৰ-ছাত্ৰীয়েই নহয়, বৃহত্তৰ অঞ্চলটোৰ বহু লোকৰ চিকিৎসা সেৱা, চৰকাৰী কাম অথবা ব্যক্তিগত কামত ধুবুৰীলৈ আহিবলৈ যাতায়াত কৰাৰ নাই কোনো বিকল্প ব্যৱস্থা; আছে কেৱল টুলুঙা নাওখনেই।
কেৱল কুন্তিৰ চৰেই নহয়; ধুবুৰীৰ পাৰ্শ্বৱৰ্তী আন কেইবাটাও চৰাঞ্চলৰ ছাত্ৰ-ছাত্ৰীকে ধৰি সৰ্বসাধাৰণেও ধুবুৰীলৈ অহা-যোৱা কৰে উক্ত নাওখনেৰেই। দিনেই হওক অথবা নিশা; অকস্মাৎ গৰ্ভৱতী মহিলা অথবা গুৰুতৰভাৱে অসুস্থ লোকক চিকিৎসাৰ বাবে ধুবুৰীলৈ আনিবলৈ হ’লে নাওৰ বাহিৰে আন ব্যৱস্থা কিন্তু একো নাই। পিছে, নিৰ্বাচন আহিলেই দেখা যায় বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ চৰাঞ্চলৰ হাজাৰ হাজাৰ ভোটাৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়া, উন্নয়নৰ জোৱাৰ অনাৰ ফুলজাৰি; চেষ্টা চলায় বিভিন্ন ছলাহী কথাৰে চৰাঞ্চলৰ সংখ্যালঘু ভোটাৰ ৰাইজৰ মন জয় কৰাৰ। নিৰ্বাচনী ফলাফলৰ পিছত বিজয়ী হোৱাৰ পিছত ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰ ফুটুকাৰ ফেনত পৰিণত হয়। পুনৰ যেতিয়া নিৰ্বাচন আহে, পূৰ্বৰ দৰেই পুনৰ ভুৱা প্ৰতিশ্ৰুতিৰ বন্যা বোৱায়। স্বাধীনতাৰ পিছৰ পৰা এইদৰেই চলি আহিছে!
স্থানীয় জনতাৰ ক্ষোভ আছে ধুবুৰীৰ পূৰ্বৰ সাংসদ বদৰুদ্দিন আজমলকে ধৰি বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰতো, তেওঁলোকৰ বিৰুদ্ধে বহু নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা নকৰা অভিযোগ উত্থাপন হৈছে। আনকি, অনুৰূপ অভিযোগ আছে ধুবুৰী আৰু দক্ষিণ শালমাৰা (সমষ্টি নিৰ্ধাৰণৰ পিছত বৰ্তমানে জৰুৱা-বন্দিহানা) বিধানসভা সমষ্টিৰ পৰা বিজয়ী হোৱা প্ৰাক্তন আৰু বৰ্তমানৰ কেইবাগৰাকী বিধায়কৰ বিৰুদ্ধেও।
পিছে, ৰাজ্যৰ ২০২৬ৰ বিধানসভা নিৰ্বাচন সমাগত; পুনৰ প্ৰতিশ্ৰুতিৰ টোপোলা লৈ সমষ্টিয়ে সমষ্টিয়ে উপস্থিত হ’বলৈ সাজু ৰাজনৈতিক দলৰ প্ৰাৰ্থী তথা পূৰ্বৰ বিজয়ী অৰু বিজিতসকলো। কিন্তু, বাস্তৱ হ’ল- স্বাধীনতাৰ ৭৯ বছৰ পিছতো ধুবুৰী আৰু বৃহত্তৰ কুন্তিৰ চৰৰ মাজৰ যোগাযোগ ব্যৱস্থা বুলিবলৈ আছে কেৱল এখন সৰু টুলুঙা নাও।