🔹 অজিত ভূঞাৰ সাংসদ পুঁজিত দুর্নীতি
ষ্টাফ ৰিপ’টাৰ, ১৫ জুলাই : অজিত ভূঞাৰ সাংসদ পুঁজিৰে পথ নির্মাণৰ নামত সংঘটিত হোৱা ব্যাপক কেলেংকাৰিৰ গোচৰৰ বিচাৰ প্রক্রিয়া কালিৰে পৰা ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতত আৰম্ভ হৈছে৷ তদন্তকাৰী সংস্থা মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে কেইবাখনো অভিযোগনামা দাখিল কৰাৰ পাছত গোচৰটোৰ আনুষ্ঠানিক বিচাৰ প্রক্রিয়া আৰম্ভ হৈছে৷ আদালতে গোচৰটোৰ আটাইকেইজন অভিযুক্তক কালি আদালতত হাজিৰ হ’বলৈ নির্দেশ দিছিল যদিও চাৰি অভিযুক্তইহে আদালতত হাজিৰ হয়৷ তেওঁলোক হৈছে গৃহ আৰু ৰাজনৈতিক বিভাগৰ উপ–সচিব শর্মিষ্ঠা বৰা গোস্বামী, অতিৰিক্ত সহঃ আয়ুক্ত হেমন্ত কুমাৰ দত্ত, অভিযন্তা দিগন্ত কলিতা আৰু বিশ্বজিৎ ডেকা৷ আটাইকেইজনে জামিন বিচাৰি আদালতত আবেদন দাখিল কৰে৷ আদালতে তেওঁলোকৰ জামিন মঞ্জুৰ কৰে৷ এই গোচৰটোৰ পৰৱর্তী শুনানিৰ দিন অহা ১২ আগষ্ট ধার্য কৰা হৈছে৷
ইফালে, এই কেলেংকাৰিত সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি এতিয়াও লাভ কৰা নাই৷ যাৰ বাবে তেওঁক আদালতত হাজিৰ হ’বলৈ নির্দেশ দিয়া হোৱা নাই৷ উল্লেখ্য যে সাংসদ পুঁজিৰ অধীনত স্থানীয় এলেকা উন্নয়নৰ বাবে ৪০টা পথ নির্মাণ কৰিবলৈ ধন মুকলি কৰি দিয়া হৈছে৷ কিন্তু একাংশ বিষয়া–কর্মচাৰীয়ে কোনোধৰণৰ পথ নির্মাণ নকৰাকৈয়ে সাংসদ পুঁজিৰ ধন মোকলাই নিয়ে৷ অভিযোগ অনুসৰি, সাংসদ পুঁজিৰ অধীনত ধন মোকলাই নিয়া ২২টা পথৰেই কোনো অস্তিত্ব নাই৷
এজন লোকৰ অভিযোগৰ ভিত্তিত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে এই সমগ্র কেলেংকাৰি সন্দর্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ গোচৰটোৰ তদন্তৰ সময়ত একাংশ উচ্চপদস্থ বিষয়াই সাংসদ পুঁজিৰ ধন আবণ্টনৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহে৷ ইয়াৰ ভিত্তিতে তেওঁলোকে মুঠ ১৪জন অভিযুক্তৰ বিৰুদ্ধে দুখন অভিযোগনামা দাখিল কৰে৷ প্রথমখন অভিযোগনামাত সুকন্যা বৰা, ভাস্কৰ ডেকা আৰু জিতু কলিতাক অভিযুক্ত কৰা হয়৷ আনহাতে, দ্বিতীয়খন অভিযোগনামাত শর্মিষ্ঠা বৰা গোস্বামী, হেমন্ত কুমাৰ দত্ত, দিগন্ত কুমাৰ কলিতা, শংকৰ কলিতা, পার্থপ্রতিম ডেকা, ভাস্কৰ দাস, কামিনী দাস আৰু অতুল চন্দ্র ডেকাক অভিযুক্ত কৰা হয়৷ এই অভিযোগনামাৰ ভিত্তিতে তেওঁলোকৰ বিৰুদ্ধে গোচৰ গ্রহণ কৰাৰ লগতে বিশেষ ন্যায়াধীশৰ আদালতে বিচাৰ প্রক্রিয়াও আৰম্ভ কৰিছে৷
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে এই গোচৰত নাম সাঙোৰ খোৱা এচিএছ বিষয়া শর্মিষ্ঠা বৰাক ইতিমধ্যে চাকৰিৰ পৰা বর্খাস্ত কৰা হৈছে৷ এই কেলেংকাৰিৰ অন্যতম মূল অভিযুক্ত শর্মিষ্ঠা বৰাই চাকৰিকালত অবাধ হাৰত সা–সম্পত্তি গঢ়াৰ তথ্য তদন্তকাৰী সংস্থাই লাভ কৰে৷ আয় অনুপাতে তেওঁৰ সম্পত্তিৰ হাৰ যথেষ্ট বেছি হোৱা বাবে শর্মিষ্ঠা বৰাৰ বিৰুদ্ধে এনফ’ৰ্চমেণ্ট সঞ্চালকালয়েও গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷