কংগ্রেছ এটা অহংকাৰী দল, দেৱব্রত-গৌৰৱে নিবিচাৰে মিত্রতা
🔹 পুনৰ কংগ্রেছক তুলাধুনা অখিল গগৈৰ
বিশেষ বাৰ্তা, ১৫ জুলাই : ’২৬ৰ নির্বাচনত বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে চলি থকা বিৰোধীৰ মিত্রতাৰ প্রসংগক শেহতীয়াকৈ বিৰোধী দলপতি দেৱব্রত শইকীয়াই একপ্রকাৰ নস্যাৎ কৰাৰ পাছতেই পুনৰ বিষয়টোক লৈ সৰৱ হৈ পৰিল বিধায়ক অখিল গগৈ৷ বাৰম্বাৰ কংগ্রেছে বিৰোধীৰ মিত্রতাৰ বিষয়টোক হোঁহকা–পিছলা কৰি এৰাই চলাক কেন্দ্র কৰি বিধায়ক অখিল গগৈয়ে সভাপতি গৌৰৱ গগৈক সমালোচনা কৰি আহিছিল যদিও শেহতীয়াকৈ দেৱব্রত শইকীয়াই গ্রহণ কৰা স্থিতিক লৈও কালি যথেষ্ট সৰৱ হৈ পৰে অখিল গগৈ৷
সংবাদ মাধ্যমৰ আগত অখিল গগৈৰ মন্তব্য– কংগ্রেছৰ বর্তমানৰ যি অৱস্থা পৰিলক্ষিত হৈছে, বিশেষকৈ তেওঁলোক মিত্রতাক লৈ যি ধৰণৰ দোধোৰমোধোৰ অৱস্থাত আছে আৰু তেওঁলোকৰ যি বডী লেংগুৱেজ দেখিবলৈ পোৱা গৈছে, তাৰ দ্বাৰা স্পষ্ট হৈছে যে কংগ্রেছ এটা অহংকাৰী দল৷ কংগ্রেছে এইধৰণৰ বডী লেংগুৱেজ বা দোধোৰমোধোৰ অৱস্থা জাতীয় স্বার্থত এৰিব লাগিব৷ দৰাচলতে এই মুহূর্তলৈকে কংগ্রেছে বিৰোধী ৰাজনৈতিক দলসমূহৰ সৈতে এক হোৱাৰ ইচ্ছা প্রকাশ কৰাই নাই৷
অখিল গগৈয়ে এইবুলিও উল্লেখ কৰে যে যোৱা সময়ছোৱাৰ বিভিন্ন আলোচনা তথা বক্তব্যৰ পাছতো দেখিবলৈ পোৱা গৈছে যে সভাপতি গৌৰৱ গগৈয়ে এই মুহূর্তলৈকে বিৰোধী ঐক্যৰ পক্ষত অৱস্থান লোৱা নাই৷ তেওঁলোকে কেতিয়াবা মিত্রতাত আগ্রহ দেখুৱায় আৰু পিছ মুহূর্ততে তেওঁলোকে ইয়াৰ পৰা আঁতৰি থাকে৷ বহুত সময়ত তেওঁলোকৰ বক্তব্যৰ পৰা স্পষ্ট হয় যে তেওঁলোকে কোনোপধ্যে এলায়েঞ্চৰ পক্ষত নাই৷
মন কৰিবলগীয়া যে বিৰোধী ঐক্যৰ প্রসংগ ওলালেই গৌৰৱ গগৈয়ে কেমেৰাৰ সন্মুখৰ পৰিৱর্তে বন্ধ কোঠাৰ ভিতৰতহে এনেধৰণৰ আলোচনা সম্ভৱ বুলি মন্তব্য কৰি আহিছে৷ ইয়াৰ মাজতেই অসম জাতীয় পৰিষদৰ উদ্যোগত অনুষ্ঠিত নাগৰিক সমাজৰ সভাৰ পাছতেই গৌৰৱ গগৈয়ে মুখ্যতঃ বিষয়টোত এক ইতিবাচক ইংগিত প্রদান কৰিছিল যদিও বিৰোধী দলপতি দেৱব্রত শইকীয়াই পুনৰ ইয়াক নস্যাৎ কৰি বক্তব্য প্রকাশ কৰিলে৷ শিৱসাগৰত শেহতীয়াকৈ বিৰোধী দলপতিগৰাকীয়ে স্পষ্ট কৰিছে যে অবিভাজিত শিৱসাগৰ জিলাৰ ৬টা সমষ্টিতে কংগ্রেছে প্রার্থিত্ব দিব তথা দলৰ সাংগঠনিক দিশ শক্তিশালী কৰিব৷ আনকি অখিল গগৈৰ দখলত থকা শিৱসাগৰতো প্রার্থিত্ব দিব বুলি দেৱব্রত শইকীয়াই কৰা মন্তব্যক লৈ পুনৰ বিৰোধী ঐক্যত আউল লাগিছে৷
দেৱব্রত শইকীয়াৰ মন্তব্যক উভতি ধৰি অখিল গগৈয়ে মন্তব্য কৰিছিল যে শিৱসাগৰত তেওঁ জয়ী হ’বলৈ বিজেপি বা কংগ্রেছৰ সহায়ৰ প্রয়োজন নাই৷ মুখ্যতঃ ইয়াকে লৈ সৃষ্টি হোৱা বিতর্কৰ পাছত কালি অখিল গগৈয়ে পুনৰ কংগ্রেছৰ স্থিতিক সমালোচনা কৰি কয় যে কংগ্রেছে এক ৰহস্যজনক কাৰণতে এই এলায়েঞ্চৰ পৰা আঁতৰি আছে৷ তেওঁলোকৰ নিজৰ কিবা অংক থকাৰ বাবেই এতিয়ালৈ এলায়েঞ্চ বিচৰা নাই৷ কিন্তু কংগ্রেছে এই অহংকাৰ তথা বডী লেংগুৱেজ এৰিব লাগিব৷
ইফালে, বিৰোধী ঐক্যত দেৱব্রত শইকীয়াৰ বক্তব্যই আউল লগোৱা বুলি চলা চর্চাৰ বিষয়টোৰ ক্ষেত্রত কালি স্পষ্টীকৰণ দাঙি ধৰিলে বিৰোধী দলপতিগৰাকীয়ে৷ সংবাদ মাধ্যমৰ আগত বিৰোধী দলপতিগৰাকীয়ে কয়– শিৱসাগৰ সমষ্টিত কংগ্রেছে টিকট দিয়াৰ কথা মই কোৱা নাছিল৷ সাংগঠনিক ভেটি শক্তিশালী হোৱাৰ কথাহে উল্লেখ কৰা হৈছিল৷ কিন্তু এটা কথা স্পষ্ট যে দীঘলীয়া সময় মই নির্বাচন পর্যবেক্ষণ কৰি আহিছোঁ৷ বহুতে নির্বাচনৰ আগত ডাঙৰ ডাঙৰ কথা কয়৷ কিন্তু নির্বাচনত নিজৰ ভোটটোৰ বাহিৰে ভোটেই নাপায়৷ গতিকে মূল কথাটো হ’ব লাগে যে শত্রুৰ বিৰুদ্ধে ভোট একত্রিত কৰিব পাৰিব লাগিব৷ ভোট সংগঠিত নকৰিলে বিভাজন হ’ব৷ যোৱা দীর্ঘসময় ধৰি কংগ্রেছে ৰাজ্যখনত শাসন কৰিছে৷ যাৰ বাবে দলটোৰ শুভাকাংক্ষী প্রতিটো সমষ্টিতে আছে৷ কিছু কিছু পৰিস্থিতিত আন দলৰ প্রতি এই লোকসকল আকর্ষিত হৈছে যদিও এইসকল লোকক সংগঠিত কৰিব পৰাৰ বাবে আমি কাম কৰিব লাগিব৷ মিত্রতাৰ বিষয়টো ভৱিষ্যতৰ সময়ত আলোচনা হ’ব৷ কিন্তু কংগ্রেছে নিজৰ ভেটি শক্তিশালী কৰাৰ বাবে কাম কৰি যাব৷ এটা কথা স্পষ্ট- মিত্রতা কৰিলেও লাভ নহ’ব যদিহে ভোটসমূহ সংগঠিত নহয়, বিভাজিত হৈ থাকে৷ মুখ্যতঃ মই এই বিষয়টোহে উল্লেখ কৰিছিলোঁ৷
বিৰোধী দলপতিগৰাকীৰ এনে মন্তব্য তথা অখিল গগৈয়ে কংগ্রেছৰ বিৰুদ্ধে কৰা কঠোৰ বাক্যবাণে আগন্তুক দিনত বিৰোধীৰ মিত্রতা কি দিশলৈ নিয়ে সেয়া যথেষ্ট লক্ষণীয় হ’ব৷