নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ ৰূপালী বৰুৱাৰে বিবাহপাশত আবদ্ধ আশিস বিদ্যার্থী

বিশেষ বাৰ্তা, ২৫ মেঃ ৬০ বছৰ বয়সত দেশৰ প্রসিদ্ধ প্রবীণ অভিনেতা আশিস বিদ্যার্থী অসমৰ জোঁৱাই হ’ল৷ হিন্দীকে ধৰি কেইবাটাও আঞ্চলিক ভাষাৰ চলচ্চিত্রত প্রধানতঃ খলনায়কৰ ভূমিকাৰে দেশবাসীৰ মাজত জনপ্রিয় হোৱা অভিনেতা আশিস বিদ্যার্থীয়ে অতি অনুষ্টুপীয়াকৈ অসমৰ ৰূপালী বৰুৱাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে৷ ৬০ বছৰ বয়সত ৰূপালী বৰুৱাৰ প্রেমত হাবু–ডুবু খোৱাৰ পিছতেই বিদ্যার্থীয়ে ৰূপালীক বিয়াৰ সিদ্ধান্ত গ্রহণ কৰে আৰু অনুষ্টুপীয়াকৈ অর্থাৎ ৰেজিষ্ট্রী বিবাহেৰে এই কার্য সম্পন্ন কৰে৷ দ্রোহকাল ছবিৰ বাবে ৰাষ্ট্রীয় চলচ্চিত্রৰ সহঃভিনেতাৰ বঁটা বিজয়ী আশিস বিদ্যার্থীয়ে ইয়াৰ পূর্বে কলকাতাৰ অভিনেত্রী শকুন্তলা বৰুৱাৰ কন্যা ৰাজশীক বিয়া কৰাইছিল৷ ৬০ বছৰ বয়সত অসমৰ ৰূপালী বৰুৱাৰ সৈতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় বিদ্যার্থী৷ দুটা সংস্কৃতিৰ সংমিশ্রণেৰে বিদ্যার্থী আৰু ৰূপালীৰ বিবাহ পৰিয়ালৰ ঘনিষ্ঠ লোকৰ উপস্থিতিত সমাপন হয়৷ মেখেলা–চাদৰ আৰু সোণৰ আ–লংকাৰ পৰিহিত ৰূপালীৰ সৈতে আশিস বিদ্যার্থীয়ে বগা সাজ পিন্ধি বিবাহ সম্পন্ন কৰে৷ বিবাহ সন্দর্ভত বিদ্যার্থীয়ে কয়– মোৰ জীৱনৰ এই সময়ছোৱাত ৰূপালীৰ সৈতে বিবাহত আবদ্ধ হৈ অনন্য অনুভৱ কৰিছো৷ আজি পুৱা আমি আদালতত বিবাহ পঞ্জীয়ন কৰিলো আৰু সন্ধিয়া পৰিয়ালৰ সৈতে মিলিত হ’লো৷ কলকাতাৰ প্রসিদ্ধ ফেশ্বন ষ্ট’ৰৰ সৈতে জড়িত গুৱাহাটীৰ ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা অভিনেতা আশিস বিদ্যার্থী ১৯৬২ চনৰ ১৯ জুনত দিল্লীত জন্মগ্রহণ কৰে৷ ১৯৮৬ চনত চলচ্চিত্র জগতত আত্মপ্রকাশ কৰি খলনায়কৰ চৰিত্রৰে জনপ্রিয় হৈ পৰা বিদ্যার্থীয়ে হিন্দী, তেলেগু, তামিল, মালায়লম, ইংৰাজী, মাৰাঠী, বঙালীকে ধৰি ১১ ভিন্ন ভাষাৰ ৩০০ চলচ্চিত্রত অভিনয় কৰিছে৷

You might also like