নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত বিগত বিশ দিনে সন্ধানহীন যমজ সন্তানৰ মাতৃ

নিয়মীয়া বাৰ্তা ২৫ মে : যোৱা ৫ মেৰ নিশাৰ পৰা অতি ৰহস্যজনকভাবে নিজ ঘৰৰ পৰা নিখোজ হোৱা দুই সন্তানৰ মাতৃৰ আজিও সন্ধান উলিয়াব নোৱাৰাত চিন্তিত হৈ পৰিছে। হোজাই মেইন ৰোডৰ সুমন ৰয়ৰ পত্নী তথা দুই যমজ সন্তানৰ মাতৃ বাসন্তী দেৱী ৰয় ৫ মেৰ নিশা নিজ গৃহৰ পৰা নিখোজ হয়। দুই সন্তানৰ মাতৃগৰাকী নিখোজ হয় যদিও তেওঁৰ ব্যবহাৰ কৰা মোবাইল ফোনটো শোৱাপাটীতে উদ্ধাৰ হয়। এই সংক্ৰান্তত স্বামীয়ে হোজাই থানাৰ এখন নিৰুদ্দেশ সম্পৰ্কীয় আবেদন দিছে যদিও আৰক্ষীয়ে আজিকোপতি দুই বাৰ বছৰীয়া যমজ সন্তানৰ মাতৃৰ কোনো সম্ভেদ উলিয়াব পৰা নাই। মাতৃগৰাকী নিখোজ হোৱাৰ পিছত ঘৰৰ প্ৰায় পঁচিছ হাজাৰ টকা, সোণৰ আ অলংকাৰ আদি নোহোৱা হোৱা বুলি আৰক্ষীৰ আবেদনত উল্লেখ কৰিছে। মাতৃগৰাকীয়ে এৰি থৈ যোৱা মবাইলত বহুকেইটা মিছকল আৰু মেচেজ কল থকা বুলি স্বামীয়ে উক্ত পত্ৰত উল্লেখ কৰে। দুই সন্তানৰ মাতৃগৰাকীক কোনো এক চক্ৰই প্ৰলোভনেৰে লৈ যোৱা বুলি পৰিয়ালৰ লোকে সন্দেহ কৰিছে।
প্ৰেৰক কিশলয় দেৱগোস্বামী
You might also like