সম্পাদকীয় : নিষিদ্ধ ছ’চিয়েল মিডিয়া
সময় থাকোঁতেই অষ্ট্রেলিয়াৰ দৰে ভাৰততো ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্রত কিছু নিষেধাজ্ঞা আৰোপ কৰা উচিত
সাম্প্রতিক সময়ত ছ’চিয়েল মিডিয়া নিষিদ্ধ হ’লে কি ধৰণৰ এক পৰিৱেশ সৃষ্টি হ’ব কল্পনা কৰকচোন৷ ছ’চিয়েল মিডিয়া, ইণ্টাৰনেট নহ’লে যেন আমাৰ জীৱনেহ অচল৷ বহু সময়ত মনতে ভাবোঁ– মানুহে ছ’চিয়েল মিডিয়াক নিয়ন্ত্রণ কৰিছে নে ছ’চিয়েল মিডিয়াই মানুহক নিয়ন্ত্রণ কৰিছে৷
কিন্তু এনে এক সময়তেই অষ্ট্রেলিয়াত ১৬ বছৰ অনূর্ধ্বৰ ল’ৰা–ছোৱালীৰ বাবে নিষিদ্ধ কৰা হৈছে ছ’চিয়েল মিডিয়া প্লেটফর্ম৷ ফেচবুক, ইনষ্টাগ্রাম, টিকটক, ইউটিডব, এক্স, স্নেপশ্বাটকে ধৰি প্রায় ১০টা জনপ্রিয় প্লেটফর্মৰ ক্ষেত্রত প্রযোজ্য হৈছে এই নির্দেশনা৷
সংবাদ সংস্থা ৰয়টাৰে প্রকাশ কৰা মতে, ইতিমধ্যে ১৬ বছৰ অনূর্ধ্বৰ ১০ লাখ একাউণ্ট চিনাক্ত কৰি সংশ্লিষ্ট সংস্থাই ব্লক কৰিছে৷ চৰকাৰী গাইডলাইনত উল্লেখ আছে যে ১৬ বছৰৰ তলৰ লোকে একাউণ্ট খুুলিলে তাত নিষেধাজ্ঞা আৰোপ কৰাটো সংশ্লিষ্ট কোম্পানীবোৰৰ দায়িত্ব৷
তেওঁলোকে আইন ভংগ কৰিলে ৩৩ মিলিয়ন ডলাৰ পর্যন্ত জৰিমনা বিহা হ’ব বুলিও উল্লেখ কৰে৷ যদিও কোম্পানীসমূহে এই সিদ্ধান্তক সমর্থন কৰা নাই, তথাপি অভিভাৱকসকলে এই পদক্ষেপক সমর্থন জনাইছে৷ অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী এণ্টনি আলবানিজে কয়– ‘কোম্পানীসমূহে যুৱ ব্যৱহাৰকাৰীসকলক্ সুৰক্ষা প্রদান কৰাত ব্যর্থ হৈছে৷ যাৰ বাবে আমি এই কঠোৰ পদক্ষেপ গ্রহণ কৰিছোঁ৷ আমি লোৱা এই সিদ্ধান্ত পিতৃ–মাতৃৰ বাবে৷ কাৰণ ছ’চিয়েল মিডিয়াই শিশুক যথেষ্ট পৰিমাণে ক্ষতি কৰিছে৷ যাৰ বাবে আমি এই সিদ্ধান্ত ল’বলৈ বাধ্য৷ দেশখনত ১৬ বছৰ তলৰ শিশুৱে যাতে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ দায়িত্ব কোম্পানীসমূহে ল’ব লাগিব৷ এই দায়িত্ব অভিভাৱকসকলৰ ওপৰত ন্যস্ত কৰা নহ’ব৷ ইয়াৰ বাবে অভিভাৱকসকলক কোনো ধৰণৰ শাস্তি প্রদান কৰা নহ’ব৷’
ইতিমধ্যে অষ্ট্রেলিয়াৰ ষ্টাৰ কিডছে অনুগামীসকলক একাউণ্ট নিষিদ্ধ হোৱাৰ পূর্বেই বিদায় জনায়৷ এই পদক্ষেপক বহুকেইখন দেশেও সমর্থন জনাইছে৷ ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যে ভাৰততো এনে এখন আইন প্রণয়ন হোৱাটো অতিকৈ প্রয়োজন৷ আজিকালি ছ’চিয়েল মিডিয়াত বহু সময়স্ক্রল কৰিলে বহু ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়৷ বিশেষকৈ শিশুৰ মানসিক স্বাস্থ্যৰ ওপৰত বহুখিনি নেতিবাচক প্রভাৱ পৰে৷
ছ’চিয়েল মিডিয়া শিশুৰ বিকাশশীল মগজুৰ বাবে অত্যধিক ক্ষতিকাৰক৷ গৱেষকসকলে ধাৰাবাহিকভাৱে সকীয়াই আহিছে যে ছ’চিয়েল মিডিয়াৰ নিচাই শিশুৰ উদ্বেগ, হতাশা, আত্মবিশ্বাসৰ অভাৱ, টোপনিৰ সমস্যা বৃদ্ধি কৰে৷
ছ’চিয়েল মিডিয়াত দেখি থকা নিখুঁত জীৱনৰ ভিডিঅ’বোৰে বহু শিশুক হতাশ আৰু নিৰাশ কৰে৷ কাৰণ তেওঁলোকে আনক দেখি নিজলৈ বিচাৰে৷ সেইখিনি পৰিয়ালৰ লোকে দিব নোৱাৰিলেই সমস্যাৰ সৃষ্টি হয়৷
ইয়াৰ উপৰি অন্তহীন স্ক্রলিং কৰিলে শিশুৰ মনোযোগ ক্ষমতা হ্রাস হয়৷ এই সমস্যাবোৰৰ পৰা শিশুক উদ্ধাৰ কৰাৰ বাবেই অষ্ট্রেলিয়াত কঠোৰ সিদ্ধান্ত লোৱা দেখা গৈছে৷ ছ’চিয়েল মিডিয়া নিষিদ্ধ হোৱাৰ পিছতে শিশুৰ টোপনি, একাগ্রতা, সৃষ্টিশীলতা বৃদ্ধি পাব৷ প্লেটফর্মসমূহৰ পৰা শিশুসকল আঁতৰত থাকিলে ম’বাইলৰ প্রতি ধাউতি হ্রাস হ’ব, পঢ়া–শুনা, খেলা–ধূলা, শিল্পকমর্ত অধিক গুৰুত্ব দিব৷
বাস্তৱত বন্বুূ–বান্ধৱ, পৰিয়ালৰ সৈতে অধিক সময় অতিবাহিত কৰিব৷ ভাৰতত বর্তমান শিশুক ম’বাইল ফোন হাতত নিদিলে কোনো কামেই শান্তিৰে অভিভাৱকে কৰিব নোৱাৰে৷ ম’বাইল অবিহনে তেওঁঁলোকক খুৱাবও নোৱাৰে৷ এনে এক পৰিস্থিতি উদ্ভৱ হোৱাৰ মূলতেই হ’ল–দায়বদ্ধহীনতা৷
ভাৰতবর্ষত প্রায় ৪৯১ মিলিয়ন লোকে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে৷ ২০২৯ বর্ষত ব্যৱহাৰকাৰীৰ সংখ্যা ১.৩ বিলিয়ন হোৱাৰ সম্ভাৱনা আছে৷ ভাৰতবর্ষত হোৱাটছএপত ৮০.৮ শতাংশ, ইনষ্টাগ্রামত ৭৭.৯ শতাংশ, ফেচবুকৰ দৰে এপ ৬৭.৪ শতাংশ লোকে ব্যৱহাৰ কৰে৷
এই ব্যৱহাৰকাৰীসকলৰ্ বসয় ১৮ বছৰতকৈ অধিক বুলি উল্লেখ থাকিলেও ১৮ বছৰ তলৰ শিশুৱেও এই ছ’চিয়েল মিডিয়া এপসমূহ ব্যৱহাৰ কৰা বহু সময়ত দেখা যায়৷ যিহেতু ছ’চিয়েল মিডিয়া এপ ব্যৱহাৰ কৰিবলৈ বয়সৰ কোনো ধৰণৰ প্রমাণ–পত্রৰ প্রয়োজন নাথাকে৷ সেয়ে ভাৰতত ১৮ বছৰৰ তলৰ কিশোৰ–কিশোৰীয়ে যাতে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ বাবেও এক ব্যৱস্থা গ্রহণ কৰিব লাগে৷
কাৰণ বহু শিশুৱে ১৮ বছৰ নোহোৱাকৈ ১৮ বছৰ বুলি উল্লেখ কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে৷ এইক্ষেত্রত পৰিয়ালৰ লোকো বহু ক্ষেত্রত সচেতন নহয়৷ সেয়ে সময় থাকোঁতেই অষ্ট্রেলিয়াৰ দৰে ভাৰততো ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্রত কিছু নিষেধাজ্ঞা আৰোপ কৰা উচিত৷