নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমৰ সন্ধানত অসম আৰক্ষী

বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমৰ সন্ধানত অসম আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান। উল্লেখ্য যে ধনদাবী আৰু অপহৰণৰ অভিযোগত আজি আটক কৰা হৈছিল বীৰ লাচিত সেনাৰ ৫ সদস্যক। আটক কৰা বীৰ লাচিত সেনাৰ উক্ত সদস্যৰ পৰা বিকাশ অসমৰ স্বাক্ষৰ সম্বলিত ধনদাবী পত্ৰ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে।

বিকাশ অসমৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযানৰ সময়তে দুটাকৈ মোবাইল ফোনৰ ছুইচ অফ কৰি বীৰ লাচিত সেনাৰ নেতা বিকাশ অসম পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে অসমৰ আই-মাতৃৰ বিৰুদ্ধে অসন্মানজনক মন্তব্য কৰাৰ বাবে সংগঠনটোৰ এজন নেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া বুলি আজি সাংবাদিকৰ আগত মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ডিজিটেল ডেস্ক, ২৭ অক্টোবৰ

You might also like