পৰিভ্ৰমী চৰাইৰ কলৰৱত মুখৰ টিপলাইৰ নায়টাৰা-চৌটাৰা বিল
প্রকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰপুৰ ৰাজ্যৰ চৌদিশ। যি পিনে চকু নিগৰাই সেইপিনে অপৰূপ সৌন্দৰ্যৰে বিৰাজমান। পাহাৰ, নৈ, নিজৰাৰ লগতে বিল জলাশয় সমুহেও প্ৰকৃতিৰ ৰূপ লাৱণ্যক অনন্য মাত্ৰা প্ৰদান কৰিছে।
ৰাজ্য চৰকাৰে পৰ্যটন বিভাগৰ দ্বাৰা বহু সংখ্যক পৰ্যটন ক্ষেত্ৰক স্বীকৃতি প্ৰদান কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছে আৰু পৰ্য্যটকৰ বাবে মুকলি কৰি দিছে। ইয়াৰ উপৰিও বহু প্ৰকৃতিক জলাশয়, বিলক গ্ৰামোন্নয়ন বিভাগে পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰি দৰ্শনৰ বাবে মুকলি কৰি দিয়া পৰিলক্ষিত হৈছে।
গোৱালপাৰা জিলাৰ উৰপদ বিলখনক পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰি পৰ্যটকৰ বাবে মুকলি কৰি দিছে। জিলাখনৰ নায়টাৰা-চৌটাৰা বিল, হাচিলা বিল, শুক্ৰাশাক বিলকো পর্যটনস্থলীলৈ ৰূপান্তৰিত কৰি পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে আঁচনি ৰূপান্তৰিত কৰাৰ সম্ভাৱনা আছে।
উদ্যেগ বিহীন আর্থিক ভাবে পিছ পৰা জিলাখনত পর্যটকক আকর্ষণ কৰিব পৰা বহু কেইটা ঐতিহাসিক স্থান আছে যদিও জিলা প্রশাসন, পুৰাতত্ব বিভাগ তথা পর্যটন বিভাগৰ অমনোযোগিতাৰ বাবে সম্ভাৱনা থকাৰ পিছতো পর্যটনস্থলীলৈ ৰূপান্তৰ কৰাত গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই।
জিলা খনৰ একাংশ সচেতন লোকে সংবাদা মাধ্যমক জানি বলে দিয়া মতে প্রকৃতিৰ অপৰূপ ৰূপ লাৱণ্যব প্রতি মানুহৰ আকর্ষণ সদায় আছে আৰু থাকিব সেয়েহে দৈনন্দিন কর্মব্যস্ততাৰ মাজত কিছু সময় অৱসৰ বিনোদনৰ বাবে উলিয়াই প্ৰকৃতিৰ লগত নিৰলে উপভোগ কৰিব বিচাৰে।
জিলাখনৰ গোৱালপাৰা চহৰৰ নতি দুৰত্বত থকা হাচিলা বিলখনত প্রতি বছৰে বিভিন্ন প্রজাতিৰ চৰাই-চিৰিকুটিৰ লগতে বহিঃদেশৰ বিভিন্ন প্রজাতিৰ চৰাইৰ আগমন ঘটে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।
বিভিন্ন প্রজাতিৰ চৰাই-চিবিকুটিৰ লগতে জলজ উদ্ভিদ, বিভিন্ন প্ৰজাতিৰ পদুপ, ভেট, মেটেক, এজলাৰ লগতে পৰ্যটকৰ আকর্ষণৰ কেন্দ্র বিন্দু হৈ স্বৰূপ বিলখনৰ নতি দুৰত্বত অৱস্থিত মহাবাহু ব্রহ্মপুত্র নদী, নৰনাৰায়ন সেতু পাগলাটেক মন্দিৰ পর্যটক সকলক আকৰ্ষণ কৰে।
ৰংজুলি ৰাজহ চক্রৰ অন্তর্গত টিপলাইৰ সমীপৰ নায়টাৰা চৌটাৰা বিলত বিভিন্ন ঋতুত বিভিন্ন প্ৰজাতিৰ শীতৰ আলহি চৰাই শৰালি,ডাউক, কামচৰাই বিভিন্ন প্রজাতিৰ বগলি, হাড়গিলা, ধেকৰ, কাইঠা,টেৰটেৰি ক’ৰা, শামুক খোলা, টুনটুনি, ৰাজহাঁহ, চীনাহাঁহ আদি বিভিন্ন দেশী-বিদেশী চৰাইৰ আগমন ঘটে।
ইয়াৰ লগতে পদুমফুল, ৰঙাভেট, শিঙৰি, বগা ভেট ফুল, আৰু মেটেকা ফুলে যি কোনো পর্যটককে আকর্ষণ কৰিব পাৰে। চিতলমাৰী বনগাওঁ পাহাৰৰ পাদদেশত অবস্থিত নায়টাৰা চৌটাৰা বিললৈ আগমন ঘটা বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকতিৰ বিষয়ে ক্ষেত্ৰ ভিত্তিক অধ্যয়ণৰ কৰাৰ যথেষ্ট সুবিধা আছে।
উদ্যোগ বিহীন জিলাখনত পৰ্যটন ক্ষেত্ৰ হিচাপে সম্ভাৱনা থাকা পাহাৰ, বিল জলাশয় সমুহক পৰিকল্পিত ভাৱে উন্নয়ন ঘটাই আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিলে বহু শিক্ষিত নিবনুৱা যুৱক যুৱতী সংস্থাপিত হোৱাৰ লগতে ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰখনো বিশেষভাৱে গুৰুত্ব লাভ কৰিব বুলি আশা কৰিব পাৰি।
নিয়মীয়া বাৰ্তা, টিপলাই, ২৭ অক্টোবৰ