নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়পুৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত উজলিল অসমীয়া ছবি ‘পৰিচয়’

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ বেনাৰত ৰাজীৱ বৰঠাকুৰৰ দ্বাৰা পৰিচালনা কৰা আৰু ৰিণিকি ভূঞা শর্মাৰ দ্বাৰা প্ৰযোজনা কৰা অসমীয়া ছবি ‘পৰিচয়ে’ ইতিহাসত প্ৰথমবাৰলৈ ১৩ তম জয়পুৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ বঁটা-২০২১ লাভ কৰিছে।

জিআইএফএফৰ (JIIF) ১৩ তম সংস্কৰণত, পৰিচয়ে তিনিটা শ্ৰেণীত পুৰস্কাৰ লাভ কৰিছে। সেয়া হৈছে— শ্ৰেষ্ঠ মহিলা ছবি, য়েল্ল’ ৰোজ (আগন্তুক ফিল্মৱৰ্ল্ড প্ৰিমিয়াৰৰ বাবে) আৰু বিশেষ জোৰিৰ সন্মান।

“সন্মানীয় তিনিটা শ্ৰেণীৰ বঁটাৰ বাবে আমাৰ ছবি ‘পৰিচয়’ক বাছনি কৰা জয়পুৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। দৰাচলতে, অসমীয়া ছবিৰ সংকটৰ সময়ত অসমীয়া ছবি এখনে আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰাটো আমাৰ বাবে এক আশাৰ বাতৰি আৰু সন্মান।” চিনেমাখনৰ প্ৰযোজক ৰিণিকি ভূঞা শর্মাই এইদৰে কয়।

উল্লেখ্য যে ১৩তম জয়পুৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ (JIFF)ৰ পাঁচদিনীয়া ডিজিটেল সংস্কৰণ মঙলবাৰে সমাপ্ত হয়।

You might also like