নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৃষ্টি হ’ল ইতিহাসঃ গব্বাত অষ্ট্ৰেলিয়াক হৰুৱাই ইতিহাস গঢ়িলে ভাৰতে

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ ১৯৮৮ চনৰ পৰা ব্রিছবেন ক্রিকেট গ্রাউণ্ডত অষ্ট্ৰেলিয়াই কোনো টেষ্টত হৰা নাই। ভাৰতেও ইয়াৰ পূৰ্বে গব্বত কেতিয়াও টেষ্টত জিকিব পৰা নাই। এই দুইখন ছবিয়ে সলনি কৰিলে ৰাহানেৰ নেতৃত্বত টীম ইণ্ডিয়াই।

গব্বত আজি অষ্ট্ৰেলিয়াৰ দুর্গ বিধ্বস্ত কৰি ভাৰতে টেষ্ট শৃংখলা জয় কৰে। শেষ হ’ল ব্রিছবেনত অষ্ট্ৰেলিয়াৰ ৩৩ বছৰীয়া সফলতাৰ অধ্যায়। এই ক্ষেত্ৰত এক নতুন ইতিহাস ৰছিলে ভাৰতে।

ব্রিছবেনৰ টেষ্টত অষ্ট্ৰেলিয়াক পৰাস্ত কৰে টীম ইণ্ডিয়াই। মাত্ৰ ৩ অভাৰ বাকী থকা অৱস্থাত উত্তেজিত মেচ জিকি ইতিহাস ৰচে ভাৰতে।

অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছ ৩৬৯ ৰানত ইনিংছ সমাপ্ত কৰে। দ্বিতীয় ইনিংছত কৰে ২৯৪ ৰান। ইয়াৰ বিপৰীতে ভাৰতে প্ৰথম ইনিংছত শ্বাৰ্দুল ঠাকুৰ আৰু ৱাশ্বীংটনৰ সুন্দৰ বেটিঙৰ সহায়ত ৩৩৬ ৰানত ইনিংছ সমাপ্ত কৰে।

দ্বিতীয় ইনিংছত ভাৰতৰ হৈ নৱাগত বেগী বলাৰ মহম্মদ চিৰাজে কেৰিয়াৰত প্রথমবাৰৰ বাবে পাঁচটা উইকেট দখল কৰি অষ্ট্ৰেলিয়াৰ বেটিং লাইন বিধ্বস্ত কৰে। পঞ্চমদিনা ভাৰতে ৩ অভাৰ বাকী থকা অৱস্থাত শুভমান গিল (91), ঋষভ পণ্ট (89*), চেতেশ্বৰ পুজাৰাৰ (56) সুন্দৰ প্ৰদৰ্শনৰ সহায়ত বিজয় সাব্যস্ত কৰে।

You might also like