নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীৰ দুলানী নৈত সন্ধানহীন এজন, উদ্ধাৰ অভিযান আৰম্ভ

মদন ঘোষে বিজনীৰ বিবাহ-সবাহত ৰান্ধনীৰ কাম কৰিছিল। সেই কাম সমাপ্ত কৰি দুলানী নৈত গা ধুবলৈ গৈছিল, তাৰ পাছৰ পৰা তেওঁৰ কোনো খবৰ পোৱা নাই।

বিজনীৰ দুলানী নৈত সংঘটিত হৈছে এটা দুঃখজনক ঘটনা। শিৱশংকৰ কলনীৰ ৫৫ বছৰীয়া মদন ঘোষ নামৰ এজন লোক গা ধুবলৈ গৈ সন্ধানহীন হৈছে।

সূত্র মতে, মদন ঘোষে বিজনীৰ বিবাহ-সবাহত ৰান্ধনীৰ কাম কৰিছিল। সেই কাম সমাপ্ত কৰি দুলানী নৈত গা ধুবলৈ গৈছিল, তাৰ পাছৰ পৰা তেওঁৰ কোনো খবৰ পোৱা নাই।

ঘটনাৰ খবৰ পোৱাৰ পাছত SDRF বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। স্থানীয় লোকে বৰ্তমানো নৈৰ কাষত উদ্ধাৰ কামত সহায় কৰি আছে।

জানিব পৰা মতে, মদন ঘোষ কিছু পৰিমাণে মানসিক বাধাগ্ৰস্ত আছিল। এই ঘটনাই বিজনী আৰু আশপাশৰ অঞ্চলত সৃষ্টি কৰিছে গভীৰ চিন্তা আৰু উদ্বেগ।

নিয়মীয়া বাৰ্তা ডেস্ক. ২৭ অক্টোবৰ

You might also like