ব্যৱসায়ীক অপহৰণ ! ২২ লাখ টকা মুক্তিপণ দাবী কৰি বীৰ লাচিত সেনাৰ ৫ সদস্যসহ আটক ৮
গুৱাহাটীত এজন ব্যক্তিক অপহৰণ কৰি তেওঁৰ মুক্তিৰ বাবে পৰিয়ালৰ পৰা ২২ লাখ টকা মুক্তিপণ দাবী কৰাৰ অভিযোগত আঠজন লোকক আটক কৰা হৈছে। ইয়াৰে পাঁচজন বীৰ লাচিত সেনা, অসমৰ সদস্য।
গোৱালপাৰাৰ ইৰশ্বাদ খান নামৰ এজন ব্যক্তিয়ে দিছপুৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল যে তেওঁৰ বন্ধু ৰাহুল মিশ্ৰক মহানগৰীৰ বৰবাৰীৰ প্ৰতীক্ষা হাস্পতালৰ সন্মুখৰ পৰা ১০ৰ পৰা ১৫ জনীয়া লোকৰ এটা দলে দেওবাৰে নিশা প্ৰায় ৯:৩০ বজাত অপহৰণ কৰিছিল। অভিযোগকাৰীয়ে আৰু কয় যে অপহৰণকাৰীসকলে অপহৃতৰ মুক্তিৰ বাবে ২২ লাখ টকা মুক্তিপণ দাবী কৰিছিল।
অভিযোগ দাখিল হোৱাৰ লগে লগে দিছপুৰ আৰক্ষী থানাৰ এটা দলে তৎক্ষণাত অভিযান চলাই ৰাজধানীৰ ত্ৰিবেণী পথ অঞ্চলৰ পৰা অপহৃত ব্যক্তিজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে অপহৰণত ব্যৱহাৰ কৰা দুখন বাহনো (AS-01EM-0718 আৰু AS-23Q-3566) জব্দ কৰে। অভিযানৰ সময়ত ছয়জন অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও তদন্তৰ অগ্ৰগতিৰ লগে লগে আন দুজনক পিছত গ্ৰেপ্তাৰ কৰা হয়। অপহৰণকাৰীসকলৰ কবলৰ পৰা বেচবল ষ্টিক, হকী ষ্টিক, ছুৰী, পেপাৰ স্প্ৰে আৰু বীৰ লাচিত সেনা, অসমৰ লেটাৰ পেডকে ধৰি বহুতো সামগ্ৰীও উদ্ধাৰ কৰা হৈছে।
আটক হোৱা ব্যক্তিসকলৰ ভিতৰত আছে বীৰ লাচিত সেনা, অসমৰ সদস্য বিশ্বজিৎ দলে, ইঞ্জামুল হক, মোহন বৰা, নিতু আহমেদ আৰু বিৰাজ বালা কলিতা, আন তিনিজন আটক হোৱা অপহৰণকাৰী হৈছে ৰোহন আলী, চিন্ময় দেৱ আৰু ৰিয়াজ আহমেদ।
ইফালে, ঘটনাটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে বীৰ লাচিত সেনাৰ কাৰ্যকলাপত আমি অসন্তুষ্ট, সংগঠনটোৱে পৰিৱেশ বিনষ্ট কৰিছে। আলফা (স্বা)ৰ দৰে এদিন বীৰ লাচিত সেনাকো হয়তো আমি নিষিদ্ধ কৰিব লাগিব। তেওঁ আৰু কয়- সংগঠনটো ইতিমধ্যে অসম চৰকাৰৰ নজৰত আছে। অসমৰ আই-মাতৃৰ বিৰুদ্ধে অসন্মানজনক মন্তব্য কৰাৰ বাবে সংগঠনটোৰ এজন নেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও তেওঁ অসম আৰক্ষীক নিৰ্দেশ দিছে।
ডিজিটেল ডেস্ক, ২৭ অক্টোবৰ