বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনক আজি বিয়লি আটক কৰে আৰক্ষীয়ে। খ্ৰীষ্টানবস্তিৰ এখন হোটেলৰ পৰা আৰক্ষীয়ে আটক কৰে ৰণ্টু পানীফুকনক। বীৰ লাচিত সেনাৰ মুখ্য সচিবগৰাকীৰ লগতে তন্ময় চেতিয়া আৰু উৎপল অসম নামৰ আন দুজনকো আটক কৰে আৰক্ষীয়ে।
মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ হোটেল এপল’ গ্ৰেণ্ডত সংবাদ মেল সম্বোধন কৰাৰ মাজতে আৰক্ষীয়ে আটক কৰে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনক।
উল্লেখ্য যে মুখ্য সচিব ৰণ্টু পানীফুকনক আটক কৰাৰ পূৰ্বে বীৰ লাচিত সেনা সন্দৰ্ভত আজি সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- বীৰ লাচিত সেনাৰ কাৰ্যকলাপত আমি অসন্তুষ্ট। সংগঠনটোৱে ৰাজ্যখনত ব্যৱসায়ৰ পৰিৱেশ বিনষ্ট কৰিছে। আলফা (স্বা)ৰ দৰে এদিন বীৰ লাচিত সেনাকো হয়তো আমি নিষিদ্ধ কৰিব লাগিব। তেওঁ আৰু কয়- সংগঠনটো ইতিমধ্যে অসম চৰকাৰৰ নজৰত আছে। অসমৰ আই-মাতৃৰ বিৰুদ্ধে অসন্মানজনক মন্তব্য কৰাৰ বাবে সংগঠনটোৰ এজন নেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও তেওঁ অসম আৰক্ষীক নিৰ্দেশ দিয়া বুলি জানিবলৈ দিছিল।
তাৎপৰ্যপূৰ্ণ যে ব্যৱসায়ীক অপহৰণ কৰি মুক্তিপণ দাবীৰ কৰাৰ অভিযোগত আজি সংগঠনটোৰ আন ৫জন সদস্যকো আটক কৰিছিল আৰক্ষীয়ে।
ডিজিটেল ডেস্ক, ২৭ অক্টোবৰ