নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদালত চৌহদত মিঞাৰাজ, অধিবক্তাক আক্ৰমণৰ চেষ্টা ইমৰানৰ

লখিমপুৰ আদালত চৌহদত আজি সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা। ইমৰান আলী নামৰ এজন ব্যক্তিয়ে আদালতৰ পৰিসৰত অধিবক্তা ব্ৰজেন বৰুৱাক খেদি গৈ আক্ৰমণৰ চেষ্টা কৰে।

সূত্রৰ তথ্য অনুসৰি, ঘটনা সংঘটিত হোৱাৰ পাছত আদালতত সৃষ্টি হয় চাঞ্চল্য। উপস্থিত লোকৰ সহায়ত ব্ৰজেন বৰুৱাই কোনোমতে নিজৰ প্ৰাণৰক্ষা কৰে।

ঘটনাৰ পাছত তৎপৰ হৈ আৰক্ষীয়ে ইমৰান আলীক আটক কৰি থানালৈ নিয়ে।

আদালত চৌহদত এই ধৰণৰ ঘটনা সংঘটিত হোৱাত আইনজীৱী সমাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিবাদ আৰু উদ্বেগ। স্থানীয় লোকে ঘটনাটোৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ২৭ অক্টোবৰ

You might also like