বৰভাগ আছুৰ অভিনন্দন অনুষ্ঠান, হাইস্কুল শিক্ষান্ত-উচ্চতৰ মাধ্যমিকৰ ১২৪ কীৰ্তিমানক সম্বৰ্ধনা
সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অধীনৰ বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৩১ আগষ্টত অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
বৰভাগ মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত বিশেষ অভিনন্দন অনুষ্ঠানত ১২৪গৰাকী কীৰ্তিমানক ছাত্ৰ সন্থাৰ তৰফৰ মানপত্ৰ আৰু গ্ৰন্থৰে অভিনন্দন জনায়। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য মুন্না আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কামৰূপ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড০ সঞ্জীৱ গোস্বামীয়ে কয়- ভাগ্য বুলি কোনো কথা নাই। ভাগ্যক নিয়ন্ত্ৰণ কৰে মনে । চিন্তা, অনুভূতি, ইচ্ছা সকলো মনৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।
তেওঁ কয় যে, যিয়ে মনক নিয়ন্ত্ৰণ কৰিব পাৰে, সি ভাগ্যক নিয়ন্ত্ৰণ কৰিব পাৰিব। ভাষণপ্ৰসংগত তেওঁ আৰু কয়, কৰ্মৰ যোগেদি মানুহৰ মন নিয়ন্ত্ৰণ হয়। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্তই সভাখন উদ্বোধন কৰি ভাষণপ্ৰসংগত কয় যে, নিজৰ সপোন পূৰণ আৰু লক্ষ্যত উপনীত হ’বৰ বাবে আত্মবিশ্বাস আৰু আত্মপ্ৰত্যয়ৰে জীৱনত আগবাঢ়ি যাব লাগিব। তেওঁ আৰু কয়- শিক্ষাৰ্থীসকল জাতিটোৰ ভৱিষ্যত । নিজৰ জাতিটোৰ প্ৰতি দায়বদ্ধ হ’লেহে জীৱনটো সফল হ’ব।
সভাত সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি ভৱজিৎ বেজবৰুৱাই উপস্থিত থাকি কয় যে দৃষ্টি থাকিলে লক্ষ্য নেহেৰায়। শিক্ষাৰ্থীসকলক নিজ লক্ষ্যত উপনীত হ’বৰ বাবে তেওঁ অধ্যয়ণশীল হ’বলৈ আহ্বান জনায়। সভাত বিশিষ্ট ব্যৱসায়ী অপূৰ্ব লহকৰ, অসম সেনাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক কন্দৰ্প শৰ্মা, হিমজ্যোতি ভূঞা, বি আৰ মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম তালুকদাৰ আদিয়ে শৈক্ষিক দিশত বক্তব্য প্ৰদান কৰে।
অভিনন্দন অনুষ্ঠানটোত ভাৰত চৰকাৰৰ তৰফৰ পৰা ফ্লোৰেন্স নাইটিংগেল বঁটা প্ৰাপক বীণাপানি ডেকাকো বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সভাত আইতৰু হাইস্কুলৰ প্ৰধান শিক্ষক ফুলেন্দ্ৰ নাথ চক্ৰৱৰ্তী, শ্বহীদ মুকুন্দ কাকতি বিদ্যাপীঠ, ৰণাকুছিৰ প্ৰধান শিক্ষক বিকুল ডেকা, শংকৰদেৱ শিশু নিকেতন,বৰভাগৰ প্ৰধান আচাৰ্য ভগৱান দাস, শংকৰদেৱ শিশু নিকেতন,কমাৰকুছিৰ প্ৰধান আচাৰ্য ঘনশ্যাম কুমাৰ দাস, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক বিশ্বজিৎ মল্ল বুজৰবৰুৱা, সহকাৰী সম্পাদক পৰীক্ষিত কুমাৰ, কাৰ্যনিৰ্বাহক বিনোদ মালাকৰ, অসম উন্নতি সভাৰ উপসভাপতি প্ৰণৱ বৰ্মন, ,নলবাৰী জিলা সমিতিৰ প্ৰচাৰ সম্পাদক পংকজ কুমাৰ কলিতা, উপসভাপতি দীনেশ কলিতা, গুৱাহাটী বিশ্ববিদ্যালয় আছু গোটৰ সম্পাদক ধীৰাজ কলিতা আদি উপস্থিত থাকে।
সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাখনৰ আৰম্ভণিতে উদ্দেশ্য বাখ্যা কৰে বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চুমন পৰাশৰে আৰু আদৰণী ভাষণ দিয়ে বৰভাগ মহাবিদ্যালয় আছু গোটৰ হিমাশ্ৰী দেৱীয়ে। সভাত বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক মইদুল হক, শিক্ষা সম্পাদক অভিজিত তালুকদাৰ আদিৰ লগতে বিভিন্ন বিষয়ববীয়া, জিলাখনৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃবৃন্দ, অভিভাৱক-অভিভাৱিকা তথা বিভিন্ন শিক্ষানুষ্ঠানৰ মূৰব্বীসকল উপস্থিত থাকে।
নিয়মীয়া বাৰ্তা, বৰভাগ, ৩ ছেপ্টেম্বৰ