নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউপিপিএলৰ সংগ ত্যাগ কৰিলেহে এনডিএত থাকিব বিপিএফ : বিজেপিক চর্ত বান্ধি দিলে হাগ্রামাই

বিশেষ বাৰ্তা, ৪ অক্টোবৰ : ইউপিপিএলক এনডিএৰ পৰা আউট কৰাৰ পিছত বিপিএফ এনডিএত চামিল হ’ব৷ এই চর্ত হাগ্রামা মহিলাৰীৰ৷ কোকৰাঝাৰস্থিত বড়োলেণ্ড অতিথিশালাত বিপিএফৰ নীতি নির্ধাৰক কমিটীৰ এখন গুৰুত্বপূর্ণ বৈঠকৰ পিছত সংবাদ মেলত এই কথা সদৰী কৰে হাগ্রামা মহিলাৰীয়ে৷

উল্লেখ্য যে অহা ৫ অক্টোবৰত কোকৰাঝাৰত বিটিচিৰ মুখ্য কার্যবাহী সদস্য হিচাপে শপতগ্রহণ কৰিব হাগ্রামা মহিলাৰীয়ে৷ শপতগ্রহণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰিব৷ বিটিচি কার্যনির্বাহক পৰিষদৰ শপতগ্রহণ অনুষ্ঠানৰ আগমুহূর্তত কালি কোকৰাঝাৰত অনুষ্ঠিত নীতি নির্ধাৰক কমিটীৰ বৈঠকত বিপিএফ দলে এই সিদ্ধান্ত লোৱাটোৱে বিশেষ তাৎপর্য বহন কৰিছে৷

সংবাদ মেলত মহিলাৰীয়ে কয়– ইউপিপিএল এনডিএত থাকিলে বিপিএফ নাথাকে৷ এইক্ষেত্রত বিজেপিয়ে প্রথমে মিত্রতা স্পষ্ট কৰিব লাগিব৷ প্রথমে ইউপিপিএলক বাদ দিয়ক৷ তাৰ পিছত বিজেপিৰ লগত এনডিএ হৈ থাকিম৷ অন্যথা অকলে অকলে বাহিৰে বাহিৰে কাম কৰি থাকিব বিপিএফে৷

আনহাতে, নির্বাচনী হস্তাহাৰৰ প্রতিশ্রুতি কেনেদৰে পূৰণ কৰা যাব সেই সন্দর্ভতো নীতি নির্ধাৰক কমিটীৰ বৈঠকত আলোচনা কৰে বিপিএফে৷ সাংবাদিকে সোধা এক প্রশ্ণোত্তৰত মহিলাৰীয়ে কয় যে বিপিএফৰ প্রথম কাম হ’ব মাটিৰ পট্টা দিয়া৷ লগতে বিটিচিৰ ১৬টা বিভাগ ঘূৰাই অনা আৰু বিটিচিৰ ক্ষমতা পুনৰুদ্ধাৰ কৰাও লক্ষ্য হ’ব বিপিএফৰ৷ এইক্ষেত্রত বিজেপিয়ে সহায় কৰিব বুলিও আশাবাদী মহিলাৰী৷ আনহাতে, বিপিএফে বিজেপিৰ স’তে মিত্রতাৰে বিটিচি চৰকাৰ গঠন কৰিব নেকি বুলি সাংবাদিকৰ এক প্রশ্নোত্তৰত মহিলাৰীয়ে কয় যে প্রথমে মিত্রতা স্পষ্ট হ’ব লাগে, তাৰ পিছতহে চৰকাৰৰ কথা আহে৷ ৫ অক্টোবৰত শপতগ্রহণ অনুষ্ঠানত ৮ৰ পৰা ১০জন পাৰিষদে শপত ল’ব বুলি সদৰী কৰাৰ লগতে শপতগ্রহণ অনুষ্ঠানত ৫০ হাজাৰ লোক সমৱেত হ’ব বুলি জানিবলৈ দিয়ে মহিলাৰীয়ে৷

You might also like