নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গার্গক ন্যায় দিয়াৰ দায়িত্ব ৰাজ্য চৰকাৰৰ, জুবিনৰ মৃত্যুক লৈ ৰাজনীতি নকৰিব

🔹 ফেচবুক লাইভযোগে মুখ্যমন্ত্রীৰ স্পষ্ট ঘোষণা

বিশেষ বাৰ্তা, ৪ অক্টোবৰ : ৰাজ্যবাসীৰ হিয়াৰ আমঠু জুবিন গার্গক ন্যায় দিয়াৰ দায়িত্ব ৰাজ্য চৰকাৰৰ৷ চৰকাৰে নিষ্ঠাৰে এই দায়িত্ব পালন কৰিব৷ এই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

জুবিন গার্গৰ মৃত্যুৰ ৰহস্যক লৈ চলি থকা তদন্তৰ মাজতে ফেচবুক লাইভযোগে মুখ্যমন্ত্রী ড০ শর্মাই কয়– জুবিন গার্গৰ মৃত্যুক লৈ চৰকাৰৰ বিৰুদ্ধে এক ষড়যন্ত্র আৰম্ভ হৈছে৷ একাংশই জুবিনক ঢাল হিচাপে লৈ চৰকাৰৰ বিৰুদ্ধে আৰম্ভ কৰিছে এই ষড়যন্ত্র৷ শিল্পীগৰাকীৰ মৃত্যুক লৈ নিকৃষ্ট ষড়যন্ত্র কৰাৰ বাবে এচামে চৰকাৰক লক্ষ্য কৰি লৈছে৷ কিন্তু চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্র কৰি একো লাভ নাই৷

মুখ্যমন্ত্রীয়ে পুনৰ কয়– জুবিনৰ মৃত্যুৰ পিছত একাংশই চৰকাৰৰ ওপৰত প্রতিশোধ লোৱাৰ লক্ষ্যৰে জুবিনৰ অনুৰাগী হৈ পৰিছে৷ উচ্ছেদ কৰাৰ বাবে যদি মোৰ ওপৰত প্রতিশোধ ল’ব বিচাৰিছে লওক, কিন্তু সেই প্রতিশোধ জুবিনৰ নাম লৈ নকৰিব৷ ৰাজনীতি আমিও কৰোঁ, আমিও বুজি পাওঁ৷ জুবিনৰ প্রতি যদি ইমানেই মৰম আছিল, তেন্তে বাংলাদেশৰ পৰা মমতাজক সংগীত পৰিৱেশন কৰিবলৈ মাতি অনাৰ পৰিৱর্তে জুবিন গার্গক কিয় মতা হোৱা নাছিল? তদুপৰি ২০২০ চনৰ ১৩ আগষ্টত জুবিনৰ ওপৰত আক্রমণ সন্দর্ভত তেতিয়া আপোনালোকে ফেচবুকত একো লিখা নাছিল৷ কিন্তু এতিয়া উচ্ছেদ কৰাৰ বাবে বিজেপিৰ ওপৰত প্রতিশোধ লোৱাৰ বাবেই জুবিনৰ ৰহস্যজনক মৃত্যুক এক অস্ত্র হিচাপে ব্যৱহাৰ কৰাটো উচিত হোৱা নাই৷ মুখ্যমন্ত্রীৰ স্পষ্ট মন্তব্য– আপোনালোকে নিকৃষ্ট খেলখন খেলি থাকক৷ মই জুবিনক ন্যায় দিম আৰু অসমৰ জাতি–মাটি–ভেটি ৰক্ষাৰ অক্লান্ত সংগ্রামতো নিয়োজিত হৈ থাকিম৷ এয়া মোৰ প্রত্যাহ্বান৷

ইফালে, মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰে যে জুবিন গার্গৰ গুৱাহাটীত হোৱা মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন আজি পত্নী গৰিমা গার্গৰ হাতত তুলি দিয়া হ’ব৷ এই মৰণোত্তৰ প্রতিবেদন ৰাজহুৱা কৰে নে নকৰে তাৰ দায়িত্ব গৰিমা গার্গৰ৷ উল্লেখ্য যে ইতিপূর্বে ছিংগাপুৰত হোৱা জুবিন গার্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন ছিংগাপুৰ চৰকাৰে ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে গৰিম গার্গৰ হাতত অর্পণ কৰিছে৷ এই প্রতিবেদন ৰাজহুৱা নকৰিবলৈও তেওঁলোকে অনুৰোধ জনাইছিল৷

You might also like