নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কি শক্তিৰ বলত আজিও SIT-ৰ নজৰৰ পৰা আঁতৰত জয়শ্ৰী গোস্বামী!

যোৱা ১৯ ছেপ্টেম্বৰ ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈ জুবিন গাৰ্গে মৃত্যুক সাবটি লৈছিল। কিন্তু সেই সময়ত তেওঁৰ সৈতে এটা সৰু দল আছিল, যিবোৰৰ মাজত তেওঁৰ পৰিয়াল সদস্য, মেনেজাৰ, সংগীতজ্ঞ আৰু অন্যান্য সহযাত্ৰী আছিল। জুবিনৰ মৃত্যুৰ ঘটনাৰ পিছত এই দলৰ কিছুমান সদস্যৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে আৰু তদন্ত চলি আছে।

তাৰ ভিতৰত আটাইকে জুবিনৰ মৃত্যুৰ বাবে আটাইকে চিবিআই আৰু এছআইটিয়ে তলব কৰিছে আৰু ৫জনক গ্ৰেপ্তাৰো কৰিছে। গ্ৰেপ্তাৰ হোৱাসকল হল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গ আৰু অমৃতপ্ৰভা মহন্ত।

কিন্তু এতিয়া প্ৰশ্ন হল চিবিআই আৰু এছআইটিয়ে এতিয়ালৈকে জুবিনৰ লগত থকা সকলোকে তলব কৰিছে যদিও কি এনে শক্তিৰ বলত শ্যামকানু মহন্তৰ সম্পৰ্কীয় ভাগিনীয়েক জয়শ্ৰী গোস্বামীক তলব কৰা নাই, সেয়া ৰহস্যজনক হৈ পৰিছে।

উল্লেখ্য যে ছিংগাপুৰৰ য়ট পাৰ্টিত উপস্থিত আছিল জয়শ্ৰী গোস্বামী। কিয় আজিপৰ্যন্ত SITয়ে তলব নকৰিলে জয়শ্ৰী গোস্বামীক? শ্যামকানু মহন্তৰ সম্পৰ্কীয় ভাগিনী জয়শ্ৰী নামৰ যুৱতীগৰাকী।

জুবিনৰ সেই য়ট পাৰ্টীত থকা আটাইকেইজনকে তলব কৰাৰ পিছত এতিয়ালৈকে কিয় তেওঁক তলব কৰা নাই, সেয়া ৰহস্যজনক ঘটনা।

নিয়মীয়া বাৰ্তা ডেস্ক, ৯ অক্টোবৰ

You might also like