জৰাজীৰ্ণ টিনপাতৰ তলতেই পাঠদান, নগৰবেৰাত অংগনৱাড়ী কেন্দ্ৰৰ পুতৌজনক অৱস্থা
সমাজ কল্যাণ বিভাগৰ এখন অতিকে পুতৌজনক ছবি উন্মোচিত হৈছে কামৰূপৰ নগৰবেৰাস্থিত ছমৰীয়া শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ অন্তৰ্গত এটা অংগনৱাড়ী কেন্দ্ৰত, তৰা দেখা টিনৰ চালিৰ তলতেই চলিছে কণ কণ শিশুহঁতৰ পাঠদান।
কেন্দ্ৰৰ ভিতৰত বেৰবোৰত আছে ৰংবিৰঙৰ ছবি, পিছে ওপৰলৈ চালেহে আকাশ দেখি টিনপাতৰ ফাঁকেৰে। নগৰবেৰাৰ মালঞ্চা অংগনৱাড়ী কেন্দ্ৰত এনে অবৰ্ণনীয় জৰাজীৰ্ণ পৰিৱেশ। জহিখহি গৈছে অংগনৱাড়ী কেন্দ্ৰ গৃহৰ টিনপাতবোৰ।
বিগত তিনি বছৰে এইদৰেই চলিছে শিশুহঁতৰ পাঠদান। বৰষুণ পৰিলে ঘৰটোৰ বাহিৰে-ভিতৰে সমানে পৰে বৰষুণৰ পানী, মজিয়াতো বান্ধে পানীডোঙা, কোনোমতে মজিয়াত প্লাষ্টিকৰ মেট’ এখন পাৰিহে থিয় হ’ব পাৰি। অতি দৃষ্টিকটুভাৱে চলিছে অংগনৱাড়ী কেন্দ্ৰটোৰ শিক্ষণ, বৰষুণৰ বতৰত মুঠেই নিৰাপদ নহয় শিশুহঁতৰ এই পাঠদান।
খোৱা লোৱা, শিক্ষণ সকলো ঠিকেই আছিল পিছে কেন্দ্ৰগৃহটোৰহে হাড়কংকাল সাৰ অৱস্থা। কেন্দ্ৰ কৰ্মীয়ে বহু যোগাযোগ কৰিও সুফল পাবলৈ সক্ষম নহ’ল। সেয়ে কেন্দ্ৰকৰ্মী, অভিভাৱিকা তথা কণ কণ শিশুহঁতেও কাতৰ আহ্বান জনাইছে গৃহটো মেৰামতিৰ বাবে। আগলৈ জৰাজীৰ্ণ এনেবোৰ অংগনৱাড়ী কেন্দ্ৰৰ মেৰামতিৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে কেনে পদক্ষেপ লয় সেয়াহে ভাবিবলগীয়া।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৩ ছেপ্টেম্বৰ