নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

লাহৰীঘাট সমজিলাত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আচঁনিৰ চেক বিতৰণ কৰা হয়। এই চেক বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী কৌশিক ৰায়। লাহৰীঘাট সমজিলাৰ অন্তৰ্গত তিনিচুকীয়া ৰাজীৱ গান্ধী খেলপথাৰত অনুষ্ঠিত সভাত লাহৰীঘাট সমষ্টিৰ ১৬,৫১৫ গৰাকী আত্মসহায়ক গোটৰ মহিলাক প্ৰদান কৰে মুখ্যমন্ত্ৰী উদ্যমিতা আচঁনিৰ চেক।

চেক বিতৰণ সভাত মন্ত্ৰী কৌশিক ৰয়ে কয় যে বিজেপি চৰকাৰ প্ৰতিশ্ৰুতিৰ চৰকাৰ নহয়, প্ৰতিশ্ৰুতি পূৰ্ণ কৰাৰ চৰকাৰ। মহিলা সকলক স্বাৱলম্বী হোৱাৰ বাবে মূখ্যমন্ত্ৰীয়ে এই উদ্যমিতা আচঁনি আৰম্ভ কৰে আজি ৰাজ্যৰ ৩০ লাখ মহিলা এই আঁচনিৰ জৰিয়তে উপকৃত হব। ১০ হাজাৰ টকা লাভ কৰি মহিলাসকলে মবাইল ফোন নিকিনি স্বাৱলম্বনৰ বাবে আগবাঢ়ি যাবলৈ মহিলা সকলক মন্ত্ৰী ৰয়ে আহ্বান জনায়।

চেক বিতৰণৰ পূৰ্বে মন্ত্ৰী কৌশিক ৰায়ে লাহৰীঘাটৰ ৰজাগাধোৱাত অৱস্হিত লাহৰীঘাট সমজিলাৰ স্হায়ী কাৰ্যালয়ৰ ভূমি পুজন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।। লাহৰীঘাট সমজিলাৰ স্হায়ী কাৰ্যালয়ৰ বাবে ১৫ কোটি টকাৰ কামৰ ভূমি পূজন কৰে।

তাৰ লগতে নৱ গঠিত ভূৰাগাঁও উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে। মন্ত্ৰী কৌশিক ৰয়ৰ তিনিওটা কাৰ্যসূচীত সংগ দিয়ে মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তেৱাৰী, জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস আৰু তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ।

ইফালে চেক লাভ কৰি উৎফুল্লিত হৈ পৰিছে মহিলাসকল। মহিলাসকলে চেকৰ ধনেৰে বিভিন্ন ব্যৱসায় বানিজ্য কৰি আত্মনিৰ্ভৰশীল হোৱাৰ কথা প্ৰকাশ কৰে।

নিয়মীয়া বাৰ্তা, ভূৰাগাঁও, ৩ ছেপ্টেম্বৰ

You might also like