ধুবুৰীত নিষিদ্ধ গো-মাংসসহ এজনক আটক আৰক্ষীৰ
ধুবুৰীৰ বালাজানত নিষিদ্ধ গো-মাংসসহ এজন আটক কৰে আৰক্ষীয়ে। গৌৰীপুৰৰ বালাজান ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বালাজান আৰক্ষীৰ অভিযান চলাই এখন টেম্পোত অভিযান চলাই ৩১টা পেকেটত প্ৰায় ৩০০ কেজি নিষিদ্ধ মাংস জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰে বালাজান আৰক্ষীয়ে।
জব্দকৃত টেম্পোখনৰ নম্বৰ AS-17-S-4465। আটকাধীন সৰবৰাহকাৰীজন অসম বংগ সীমান্তৰ খেৰবাৰীৰ মঞ্জু হক। বালাজান আৰক্ষীয়ে বাহন আৰু সৰবৰাহকাৰীজনক থানালৈ নিয়ে।
উল্লেখ যে অটোৰিক্সাখনৰ ভিতৰত মাছ কঢ়িওৱা সামগ্ৰী লয় যদিও অটোৰিক্সাখনৰ হুডৰ ভিতৰত কৌশলগতভাৱে প্লাষ্টিকৰ পেকেটত নিষিদ্ধ মাংসখিনি লৈছিল চোৰাং সৰবৰাহকাৰীয়ে।
নিয়মীয়া বাৰ্তা, আগমনি, ৩ ছেপ্টেম্বৰ