ক’ৰোনা শেষ হোৱা নাই, আহিছে নতুন ৰূপতঃ ৭টা নতুন লক্ষণৰ কথা প্ৰকাশ…
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ নতুন ৰূপত ক’ৰোনাৰ আৱিৰ্ভাৱ ঘটা বুলি ইতিমধ্যে বিভিন্ন বিশেষজ্ঞৰ লগতে বিশ্ব স্বাস্থ্য সংস্থায়ো সদৰী কৰিছে। এই নতুন ৰূপ অনুযায়ী আগৰ ক’ৰোনাতকৈ ৭০ শতাংশ বেছি সংক্ৰমণশীল বুলিও দাবী কৰিছে ইংলেণ্ডৰ স্বাস্থ্য বিজ্ঞানীয়ে। বৰ্তমান ক’ৰোনাৰ বিৰুদ্ধে যুঁজ চলাই থকাৰ সময়ত এই খবৰ নিশ্চিতভাৱে আশংকাজনক।
অৱশ্যে ক’ৰোনা ভেকচিনৰ পৰীক্ষণো চলি আছে সমান্তৰালভাৱে। সম্প্ৰতি নতুন ধৰণৰ ক’ৰোনা ভাইৰাছৰ আতংকত প্ৰায় স্থবিৰ হৈছে ইউৰোপ। ফ্লাইট বাতিলৰ লগতে সীমান্ত অঞ্চলো বন্ধ কৰি দিয়া হৈছে। বাতৰি সংস্থা টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন মতে, ইউ কেত নতুন ক’ৰোনাৰ স্পাইক প্র’টিনৰ জেনেটিক ৰূপান্তৰৰ ফলত এই ভাইৰাছে নতুন ৰূপ লাভ কৰা ভুলি জানিব পৰা গৈছে। ইয়াৰ নতুন নামকৰণো কৰা হৈছে VUI 202012/01 বুলি।
ইংলেণ্ডৰ দক্ষিণ পূব অঞ্চলত নতুনকৈ হোৱা ক’ৰোনাৰ ১৭টি নমুনাৰ মাজত এনে মিউটেচন দেখা পোৱা গৈছে, যাৰ ফলত ইয়াৰ আকাৰৰ লগতে কিছু পৰিৱৰ্তন লক্ষ্য কৰা গৈছে। এই পৰিৱৰ্তনৰ বাবে নতুন ক’ৰোনা ভাইৰাছে ৭০ গুণ বেছি গতিত সংক্ৰমণ ঘটাব পাৰে।
নেচনেল হেলথ ছার্ভিচৰ দ্বাৰা প্রকাশিত প্ৰতিবেদনত ক’ৰোনাৰ স্বাভাৱিক লক্ষণৰ উপৰি ক’ৰোনাৰ নতুন ষ্ট্ৰেইনত আৰু ৭ টি নতুন লক্ষণ বিচাৰি পোৱা হৈছে। সেয়া হ’লঃ ১. ক্লান্তি, ২. ভোক নলগা, ৩. মূৰৰ বিষ, ৪. ডায়েৰিয়া, ৫. মানসিক বিভ্রান্তি, ৬. পেশীৰ বিষ, ৭.ছালত দাগ। স্বাভাৱিকতে উদ্বেগজনক ক’ৰোনাৰ নতুন ৰূপক লৈ সচেতন থকাটো নিতান্তই প্ৰয়োজনীয় বিষয় হৈ পৰিছে বিশ্ববাসীৰ বাবে।