নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ উদ্যোগ : জি-২০ সন্মিলনৰ প্ৰতিনিধিয়ে পৰ্যবেক্ষণ কৰিব শুৱালকুছিৰ বস্ত্ৰশিল্প

বিশেষ বাৰ্তা, ২৪ জানুৱাৰীঃ এখন পৃথিৱী, এক পৰিয়াল আৰু এক ভবিষ্যত আদৰ্শ হিচাবে লৈ ভাৰতবৰ্ষই এইবাৰ জি-২০ সন্মিলনৰ অধ্যক্ষতা কৰিছে৷ এই জি- ২০ সন্মিলনৰ অংশ স্বৰূপে গুৱাহাটী আৰু ডিব্ৰুগড়ত অনুষ্ঠিত হব পাচখন বৈঠক ৷ অসম অতিথিপৰায়ণ ৰাজ্য ৷ সেয়ে অসম চৰকাৰে বহি ৰাস্ট্ৰৰ প্ৰতিনিধিসকলক আদৰিবলৈ সাজু হৈছে৷ জি-২০ সদস্য ৰাষ্ট্ৰ ভাৰতৰ উপৰিও আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, মাৰ্কিন যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ব্ৰাজিল, কানাডা, চীন, ইউৰোপীয়ান ইউনিয়ন, ফ্ৰান্স, জাৰ্মানী, ইণ্ডোনেছিয়া, ইটালী, জাপান, মেস্কিকো, ৰাছিয়া, চৌদি আৰৱ, দক্ষিণ আফ্ৰিকা, তুৰস্ক, স্পেইন, কেনিয়া আৰু দক্ষিণ কোৰিয়া৷ গুৱাহাটীৰ বৈঠক অংশ লবলৈ অহা বিভিন্ন দেশৰ প্ৰায় ৪০-৫০গৰাকী প্ৰতিনিধিক শুৱালকুছিৰ ঐতিহ্যমণ্ডিত বস্ত্ৰশিল্পক স্ব- চক্ষুৰে দেখুৱাবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ এক সপোন আছিল শুৱালকুছিৰ পাট মুগাৰ বস্ত্ৰক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ৷ এই উদ্দেশ্য লৈয়ে জি-২০ যুৱ প্ৰতিনিধিসকলক শুৱালকুছিৰ পাট মুগা বস্ত্ৰ উৎপাদনৰ সকলো কেইটা স্তৰ (পলুৰ পৰা সুতা আৰু সুতাৰ পৰা কাপোৰ উৎপাদনলৈ) দেখুৱালৈ এখন ’ডিচপ্লে’ প্ৰস্তুত কৰা হৈছে ৷ ইয়াৰ উপৰি শুৱালকুছিৰ শিপিনীয়ে কাপোৰ উৎপাদন কৰা কাৰ্যয়ো প্ৰতিনিধি সকলক স্ব-চক্ষুৰে দেখুৱা হব ৷ বিশ্বত যাতে শুৱালকুছিৰ উৎপাদিত পাট-মুগাৰ বস্ত্ৰৰ আদৰ বাঢ়ে আৰু শুৱালকুছিৰ শিল্পটোৱে যাতে এখন নতুন বজাৰ লাভ কৰি শিল্পটি চিৰযুগমীয়া কৰি ৰাখিব পাৰে সেই উদ্দেশ্য লৈয়ে জি-২০ সন্মিলনত অংশ লোৱা প্ৰতিনিধিসকলক শিল্পটি দেখুৱাবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰচেষ্টা হাতত লৈছে৷ ইতিমধ্যে কামৰূপ জিলা প্ৰশাসনে ইয়াক লৈ ব্যস্ত হৈ পৰিছে ৷ আজি শুৱালকুছিৰ লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলাত কামৰূপৰ উপায়ুক্ত কীৰ্ত্তি জ্বলীৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা অনুস্হিত হয়৷ সভাত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদ, হাজোৰ চক্ৰ বিষয়া অপ্ৰতীম গোস্বামী, মুখ্যমন্ত্ৰীৰ সহায়ক দিগন্ত শৰ্মা, শুৱালকুছিৰ শিপিনী, ব্যৱসায়ী, বিশিষ্ট নাগৰিক, ৰাজ্যৰ হস্ততাঁত বস্ৰশিল্প বিভাগ, ৰেছম বিভাগ, সমবায়-প্ৰতিস্হানৰ প্ৰতিনিধি, লোক নিৰ্মাণ বিভাগ, শুৱালকুছি ফেশ্বন প্ৰযুক্তি প্ৰতিস্টানৰ অধ্যক্ষ, বিদ্যুত বিভাগ আদিৰ প্ৰতিনিধি সকল উপস্থিত থাকে ৷ সভাত বহি ৰাস্ট্ৰৰ প্ৰতিনিধি সকলে যাতে শুৱালকুছিত উপস্থিত হৈ সকলো পৰ্যবেক্ষণ কৰাৰ অন্তত স-সন্মানে উভতি যায় তাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে ৷ সভাত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া গৰাকীয়ে জানিবলৈ দিয়ামতে, জিলা প্ৰশাসনৰ তৰফৰ পৰা শুৱালকুছিৰ বাট পথ চিকুণাই তোলা হৈছে ৷ চাৰিলেন যুক্ত পথটিৰ ডিভাইদাৰ সমুহত কলা আৰু বগা ৰং দিয়া হৈছে ৷ শুৱালকুছিৰ পৰিদৰ্শন বঙলালৈ যোৱ পথটি নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে ৷ শুৱালকুছিৰ বস্ৰ উদ্যানৰ বিপৰীত দিশে এটা বৃহৎ পেণ্ডেল সাজু কৰা হৈছে ৷ তাত তাতশিল্পৰ এখন প্ৰদৰ্শনী থকাৰ লগতে কেইবাটিও কাপোৰৰ স্টল থাকিব ৷ আনহাতে বহিঃৰাষ্ট্ৰৰ টকা সলনি কৰাৰো ব্যৱস্থা থাকিব ৷ শুৱালকুছিবাসীৰ তৰফৰ পৰা প্ৰতিগৰাকী প্ৰতিনিধিক একোখনকৈ পাটৰ চেলেং চাদৰ দিয়াৰ ব্যৱস্থা কৰা হব৷ শুৱালকুছিৰ ৰাইজে বিদেশী প্ৰতিনিধিসকলক সুন্দৰ ব্যৱহাৰ কৰি শুৱালকুছিৰ গৌৰৱ যাতে অক্ষুণ্ণ ৰাখে তাৰবাবে জিলাৰ উপায়ুক্তগৰাকীয়ে বিশেষ ভাবে অনুৰোধ জনায় ৷ ৩১ জানুৱাৰী, ১ আৰু ২ ফ্ৰেব্ৰুৱাৰীত শুৱালকুছিলৈ প্ৰতিনিধিসকলক আহিব ৷ তেওঁলোকৰ লগত সংশ্লিষ্ট দেশৰ ৰাষ্ট্ৰদূতসকল থাকিব ৷ ৰাস্ট্ৰদূত সকলৰ জৰিয়তে শুৱালকুছিৰ শিপিনীয়ে প্ৰতিনিধি সকলৰ লগত মত বিনিময় কৰিব পাৰিব ৷ উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ামতে প্ৰতিনিধিসকলে উত্তৰ গুৱাহাটীৰ আই আই টি লৈয়ো যাব৷ জি- ২০ সন্মিলনত অংশ লবলৈ অহা বিদেশৰ প্ৰতিনিধিসকলে শুৱালকুছিৰ বস্ত্ৰশিল্প পৰিদৰ্শনে শুৱালকুছিৰ বস্ত্ৰশিল্পলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি ইয়াৰ শিপিনীসকলে মতামত ব্যক্ত কৰিছে ৷ ইয়ে শিল্পটোৰ প্ৰসাৰ বৃদ্ধি কৰিব আৰু বিদেশী বজাৰ দখলৰ এক সুযোগ লাভ কৰিব ৷ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ এনে প্ৰচেস্টাই মৃত্যুমুখী বস্ত্ৰশিল্পক প্ৰাণৱন্ত কৰি তুলিব বুলি শুৱালকুছিৰ ৰাইজে আশা প্ৰকাশ কৰিছে ৷ ইয়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক শুৱালকুছিৰ শিল্পীটোৰ লগত জড়িত সকলে ধন্যবাদ জনাইছে ৷ ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰী গৰাকীয়ে শিল্পটিক ৰক্ষা কৰিবলৈ চিংগাপুৰৰ মন্ত্ৰীৰ লগতে এটা প্ৰতিনিধি দলক শুৱালকুছিলৈ আনি পাট মুগাৰ বস্ত্ৰশিল্পক প্ৰত্যক্ষ ভাবে দেখুৱাইছিল ৷ যাৰ ফলত চিংগাপুৰত শুৱালকুছিৰ বস্ত্ৰই আদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

প্ৰেৰক দিলীপ মেধি

You might also like