নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রী–চৰকাৰ শপতগ্রহণ থিৰাং কৰিব ৰাষ্ট্রীয় নেতৃত্বইঃ ড০ শর্মা

চূড়ান্ত সিদ্ধান্ত দিল্লীতঃ দুদিনৰ ভিতৰত হ’ব সংসদীয় ব’ৰ্ডৰ বৈঠক

নিয়মীয়া বাৰ্তা ৫ মেঃ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে শাসনলৈ অহা বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব, তাক লৈ ৰাজ্যজুৰি অব্যাহত আছে নানান চর্চা, জল্পনা–কল্পনা৷ এনে পৰিস্থিতিৰ মাজতে আজি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্তব্য– দুই–এদিনৰ ভিতৰতে অনুষ্ঠিত হ’ব বিজেপিৰ সংসদীয় ব’ডৰ বৈঠক৷ এই বৈঠকতে চূড়ান্ত হ’ব ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব?

উল্লেখ্য যে মঙলবাৰে গুৱাহাটীলৈ ৰাষ্ট্রীয় প্রতিনিধি হিচাপে কেন্দ্রীয় মন্ত্রী নৰেন্দ্র সিং টোমৰৰ আগমনৰ কথা আছিল যদিও বিশেষ কাৰণত তেওঁৰ কার্যসূচী বাতিল হয়৷ বিষয়টোক লৈ মঙলবাৰে পুৱাৰ ভাগত আৰম্ভ হোৱা চর্চাৰ মাজতে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সাংবাদিকৰ আগত কয়– ‘সংসদীয় ব’ৰ্ডৰ বৈঠক দুই–এদিনতে অনুষ্ঠিত হ’ব৷ দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা বর্তমান পশ্চিমবংগত ব্যস্ত হৈ আছে৷ গতিকে কাইলৈ বা পৰহিৰ ভিতৰত সংসদীয় ব’ডৰ বৈঠক অনুষ্ঠিত হ’ব৷ মুখ্যমন্ত্রী বাছনিৰ বিষয়টো যিহেতু নতুন দিল্লীৰ পৰাই হ’ব, গতিকে আমি অপেক্ষা কৰিব লাগিব৷ সংসদীয় ব’ডৰ প্রতিনিধি হয়তো অসমলৈ আহি দুই–চাৰিজন বিধায়ক অথবা নেতাৰ মতামত ল’ব পাৰে, কিন্তু চূড়ান্ত সিদ্ধান্ত নতুন দিল্লীতে হ’ব৷’

মন কৰিবলগীয়া যে অসমৰ মুখ্যমন্ত্রী বাছনি সন্দর্ভত অনুষ্ঠিত হ’ব লগা সংসদীয় ব’ডৰ বৈঠক এতিয়ালৈ আহ্বান জনোৱা হোৱা নাই৷ বিজেপিৰ ৰাষ্ট্রীয় সভাপতিগৰাকী দিল্লীলৈ ওভতাৰ পিছত এই বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে৷ তদুপৰি ক’ভিড পৰিস্থিতিৰ বাবে এই বৈঠক ভার্চুৱেলী হোৱাৰ সম্ভাৱনা আছে৷ এনে অৱস্থাত অতি কম সময়ৰ বাবে অনুষ্ঠিত হ’ব লগা বৈঠকখন কাইলৈ বিয়লিৰ ভাগত অনুষ্ঠিত হোৱাৰ পূৰামাত্রাই আশা আছে৷ সংসদীয় ব’ডত অধ্যক্ষতা কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ সংসদীয় ব’ৰ্ডৰ আন গুৰুত্বপূর্ণ সদস্যসকল হৈছে– ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, দলৰ ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান, জ্যেষ্ঠ নেতা শ্বাহনৱাজ হুছেইন আৰু থাৱৰ চান্দ গেহলট৷ নিয়ম অনুসৰি নতুন চৰকাৰৰ শপত গ্রহণৰ পূর্বে সংসদীয় ব’র্ডে নির্বাচন কৰা কেন্দ্রীয় পর্যবেক্ষকগৰাকীক সংশ্লিষ্ট ৰাজ্যখনলৈ প্রেৰণ কৰা হয়৷

পর্যবেক্ষকগৰাকীয়ে বিভিন্ন আলোচনাৰ অন্তত সংসদীয় ব’ৰ্ডৰ ওচৰত দাখিল কৰা প্রতিবেদন অনুসৰিয়েই ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রীৰ নাম সংসদীয় ব’র্ডে ঘোষণা কৰে৷ কিন্তু অসমৰ লগতে নতুন দিল্লীতো ক’ভিড পৰিস্থিতি জটিল হৈ থকা হেতুকে এই সন্দর্ভত সিদ্ধান্ত গ্রহণত কিছু পলম হৈছে৷ সংসদীয় ব’র্ডে মুখ্যমন্ত্রীগৰাকীৰ নাম ঘোষণা কৰাৰ পিছতে নৱনির্বাচিত বিধায়কসকলৰ এক বৈঠকত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় মুখ্যমন্ত্রীগৰাকীৰ নাম৷ সেই অনুসৰি কাইলৈ বা পৰহিলৈ সংসদীয় ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷

ইফালে বিষয়টোক লৈ চলি থকা চর্চাৰ মাজতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে মঙলবাৰে স্পষ্ট কৰে যে এতিয়ালৈ আহ্বান জনোৱা হোৱা নাই বিধায়িনী দলৰ বৈঠক৷ সাংবাদিকৰ আগত সভাপতি দাসে প্রকাশ কৰা অনুসৰি সংসদীয় ব’ৰ্ডৰ বৈঠক কেতিয়া অনুষ্ঠিত হ’ব সেয়া চূড়ান্ত হোৱা নাই৷ ৰাষ্ট্রীয় নেতৃত্বই মুখ্যমন্ত্রীৰ বিষয়টো আলোচনাৰ বাবে কেন্দ্রীয় পর্যবেক্ষক অসমলৈ প্রেৰণ কৰিব পাৰে৷

হয়তো আজি ৰাষ্ট্রীয় পর্যবেক্ষক অসমলৈ আহিব পাৰে৷ এই পর্যবেক্ষকগৰাকী বিধায়ক তথা নেতাসকলৰ সৈতে আলোচনা কৰি পৰৱর্তী মুখ্যমন্ত্রী সন্দর্ভত সংসদীয় ব’ৰ্ডৰ ওচৰত প্রস্তাৱ দাখিল কৰিব৷ উক্ত প্রস্তাৱ অনুসৰিয়ে মুখ্যমন্ত্রীৰ নাম ঘোষণা হ’ব৷ মন কৰিবলগীয়া যে এইবাৰ নির্বাচনৰ পিছতে মুখ্যমন্ত্রীকেন্দ্রিক বিষয়টোৱে ৰাজ্যৰ ৰাজনীতিত ব্যাপক চর্চা লাভ কৰিছে৷ পৰৱর্তী মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল হ’ব নে ড০ হিমন্ত বিশ্ব শর্মা হ’ব, সেই সিদ্ধান্ত ৰাষ্ট্রীয় নেতৃত্বই চূড়ান্ত কৰাৰ পূর্বেই যোৱা দুটা দিনত মুখ্যমন্ত্রী সোণোৱালৰ চৰকাৰী বাসভৱন আৰু ড০ হিমন্ত বিশ্ব শর্মাৰ চৰকাৰী বাসভৱনত ব্যাপক ভিৰ পৰিলক্ষিত হৈছে নৱনির্বাচিত বিধায়কসকলৰ৷ আনকি ইউ পি পি এলৰ নির্বাচিত বিধায়কক লৈ প্রমোদ বড়োৱেও ইতিমধ্যে সাক্ষাৎ কৰিছে মুখ্যমন্ত্রী সোণোৱাল আৰু মন্ত্রী ড০ শর্মাক৷ একেদৰে আজি মুখ্যমন্ত্রীৰ বাসভৱনত উপস্থিত হৈছে উজনিৰ কেইবাগৰাকীও বিধায়ক৷ সমান্তৰালভাৱে ড০ শর্মাৰ বাসভৱনত দেখা গ’ল উত্তৰ অসম, মধ্য অসম আৰু নামনিৰ কেইবাজনো বিধায়কৰ উপস্থিতি৷

You might also like