নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ গেৰুৱা উ: মা: বিদ্যালয়ৰ হীৰক জয়ন্তী

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ : আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ অন্যতম চৰকাৰী শিক্ষানুষ্ঠান গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী । ১৯৬৪ চনতে স্থাপন হোৱা শিক্ষানুষ্ঠানখনে ৬০ বছৰত ভৰি দিলে। ছটাকৈ দশক অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে ২, ৩ আৰু ৪ ডিচেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছে হীৰক জয়ন্তী । বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হোৱা হীৰক জয়ন্তী অনুষ্ঠানক লৈ উখল-মাখল পৰিৱেশ বিদ্যালয়খনত । বৃহত্তৰ গেৰুৱাবাসীৰ হিয়াৰ আমঠু, বিদ্যাৰ মন্দিৰ গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ কাৰ্যসূচী আজি পুৱাৰ ভাগত আদৰণী তোৰণ উন্মোচনেৰে শুভাৰম্ভ হয় । আদৰণী তোৰণ উন্মোচন কৰে তিৱা স্বায়ত্ত পৰিষদৰ প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী সদস্য বিপিন চন্দ্ৰ বৰদলৈ আৰু বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মাহেন্দ্ৰী দেৱীয়ে। ইয়াৰ পিছতেই ৬১খন পতাকা উত্তোলনেৰে মূল কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ লগতে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ বুবুমণি গোস্বামীয়ে আৰু হীৰক জয়ন্তীৰ পতাকা উত্তোলন কৰে হীৰক জয়ন্তী উদযাপন সমিতিৰ সভাপতি ৰাজেন্দ্ৰ বৰদলৈয়ে। শ্বহীদ তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কনক চন্দ্ৰ বৰাই। হীৰক জয়ন্তীৰ লগত সংগতি ৰাখি এখন গ্ৰন্থমেলাও আয়োজন কৰা হয় শিক্ষানুষ্ঠানখনৰ বাকৰিত । গ্ৰন্থমেলাখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে হীৰক জয়ন্তী উদযাপন সমিতিৰ সম্পাদক বাবুল বৰাই । ইয়াৰ পিছত বিদ্যালয় আৰু আমন্ত্ৰিত ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰীতি কাবাদী খেল অনুষ্ঠিত হয়। দুপৰীয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠান উদ্বোধন কৰে অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক তথা ‘নিয়মীয়া বাৰ্তা’ৰ জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকাই। বিচিত্ৰা অনুষ্ঠান মুকলি ভাষণত জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকাই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি তত্ত্বগধুৰ ভাষণ প্ৰদান কৰে। বিচিত্ৰা অনুষ্ঠানৰ পূৰ্বে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা বাবুল বৰা ৰচিত সমৱেত সংগীত পৰিৱেশন কৰে। সন্ধিয়া গেৰুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মতিৰাম বৰদলৈয়ে বন্তি প্ৰজ্বলন কৰে আৰু প্ৰথম দিনাৰ হীৰক জয়ন্তীৰ কাৰ্যসূচীৰ সামৰণি পৰে। কাইলৈ ৰক্তদান শিবিৰ, পুথিভঁৰাল মুকলি আৰু প্ৰাক্তন ছাত্ৰ আৰু গুৰু-শিষ্যৰ অন্তৰংগ আলাপ অনুষ্ঠিত হ’ব। নিশা সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মাই।

প্ৰেৰক আবুল কালাম

You might also like