নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আচামীৰ আত্মীয়ক দুৰ্ব্যৱহাৰ মইনবৰী আৰক্ষী চকীৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ : বৰপেটা জিলাৰ মইনবৰী আৰক্ষী চকীৰ অন্তৰ্গত কয়াকুছি গাঁৱত মাটি-বাৰীৰ কাজিয়াক লৈ মইনবৰী আৰক্ষী চকীত ছফিজ উদ্দিনৰ নামত এখন এজাহাৰ দিয়ে এটা পক্ষই। সেই এজাহাৰৰ ভিত্তিত ছফিজ উদ্দিনৰ ডাঙৰ ভাতৃ বাদশা মিঞা আৰু আব্দুল হামিদক মইনবৰী আৰক্ষী চকীৰ আৰক্ষী বিষয়াই থানাত মাতি পঠিয়ায়। লোক দুজনে থানাত উপস্থিত হোৱাৰ পাছতেই আৰক্ষী বিষয়াজনে অকথ্য ভাষাৰে গালি-গালাজ পৰাৰ অভিযোগ কৰে ভুক্তভোগীয়ে। আনহাতে, বৃদ্ধ লোক দুজনে নামাজৰ সময় হোৱাত নামাজ পঢ়িবলৈ বিচৰাত দুৰ্ব্যৱহাৰ কৰি নামাজ পঢ়িবলৈ নিদি ঘণ্টাৰ পাছত ঘণ্টা বহাই ৰাখে। আৰক্ষী বিষয়াজনে ২০ হাজাৰ টকা উৎকোচ দাবী কৰে যদিও ৫ হাজাৰ টকা উৎকোচ লৈ ঘৰলৈ যাবলৈ দিয়া বুলি জানিব পৰা গৈছে। শীঘ্ৰে ভুক্তভোগীয়ে আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে আৰক্ষীৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক বিহিত ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।

প্ৰেৰক মফিদুল ইছলাম 

You might also like