নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰৈমাৰীত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ : বঙাইগাঁও জিলাৰ গৰৈমাৰীত আমছুৰ ড্ৰাগছবিৰোধী অভিযান। গৰৈমাৰীৰ মণ্ডলপাৰাত গৰৈমাৰী আঞ্চলিক আমছুৰ নেতৃবৃন্দ আৰু স্থানীয় ৰাইজে অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি গতাই দিলে গেৰুকাবাৰী আৰক্ষীক। ধৃত সৰবৰাহকাৰীজন গৰৈমাৰীৰ ৰবিউল ইছলাম (২০)। সৰবৰাহকাৰীটোৰ পৰা এটা মোবাইল আৰু ড্ৰাগছভৰ্তি ২টা কন্টেইনাৰ জব্দ কৰিবলৈ‌ সক্ষম হয় । জব্দকৃত ড্ৰাগছখিনিৰ ওজন ২.৭৫ গ্ৰাম বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

 

প্ৰেৰক বৰ্ণালী তালুকদাৰ

You might also like