নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰ-ত মৰেল পুলিচিং : দুৰ্ঘটনা সংঘটিত বাহনৰ চালকক দলবদ্ধ আক্ৰমণ উত্তেজিত লোকৰ

পুনৰ কাছাৰত সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক চালকক ৰাজপথত দলবদ্ধ আক্ৰমণ কৰে একাংশ উত্তেজিত লোকে। ঘটনাটো সংঘটিত হৈছে কাছাৰৰ দিগৰখালত।

জানিব পৰা মতে, স্থানীয় দুগৰাকী স্কুলীয়া ছাত্ৰী গৈ থকাৰ সময়ত এখন ট্ৰাকে খুন্দা মাৰে দুয়োকে। ফলত গুৰুতৰ আহত হয় দুই ছাত্ৰী। ঘটনাৰ পাছত উত্তেজিত লোকে ৰাজপথ বন্ধ কৰি দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকক আটক কৰি আৰম্ভ কৰে মাৰপিট। ৰাজপথত দলবদ্ধ আক্ৰমণ কৰা হয় চালকজনক।

ঘটনাৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উত্তেজিত লোকৰ কবলৰ পৰা ট্ৰাক চালকজনক উদ্ধাৰ কৰাত তেওঁৰ প্ৰাণৰক্ষা পৰে। মৰেল পুলিচিঙৰ এই দৃশ্য বৰ্তমান ছ’ছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আইন হাতত তোলা লোৱা মৰেল পুলিচিঙৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন ৰাইজে।

Niyomiya Barta Desk, 30 August

You might also like