নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত সাগৰসদৃশ পৰিৱেশ, তীব্ৰ যান-জঁট, সৰ্বত্ৰ মাথোঁ বানপানী

গুৱাহাটীত বানপানীয়ে লৈছে ভয়ংকৰ ৰূপ। এজাক বৰষুণৰ পিছতে গুৱাহাটীত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতি। ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি ভিতৰৰ অৱস্থা অবৰ্ণনীয়।

বানৰ ফলত খানাপাৰা-জালুকবাৰী সংযোগী ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত হাহাকাৰ পৰিস্থিতি। খানাপাৰাৰ পৰা জালুকবাৰী ৰাষ্ট্ৰীয় ঘাইপথত সাগৰসদৃশ পৰিৱেশ। বৰাগাঁও, বেহাৰবাৰী, নালাপাৰাত ভয়ংকৰ বান। ইফালে ভয়ানক বানৰ বাবে ৰাজপথত বিকল কেইবাখনো বাহন।

ৰাষ্ট্ৰীয় ঘাইপথতে বহু বাহন ডুব গৈছে বানত। ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত একাঁঠু পৰ্যন্ত পানী। বানৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত হৈছে তীব্ৰ যান-জঁট।

ইফালে এজাক বৰষুণৰ পিছতে কৃত্ৰিম বানৰ কবলত লখৰাৰ পৰা নেপালী মন্দিৰ সংযোগী পথ। ইফালে এই পথতে লখৰাৰ পৰা নেপালী মন্দিৰ সংযোগী পথত উৰণ সেতুৰ নিৰ্মাণ কাৰ্যও চলি আছে। যাৰ বাবে পৰিস্থিতি অতি ভয়ানক।

কালিৰে পৰা বানত কবলত থকা থকা ৰুক্মিণীগাঁৱত আজিৰ বৰষুণৰ পিছতে বৃদ্ধি পাইছে পানী। পাঞ্জাবাৰী, অনিল নগৰত বৃদ্ধি পাইছে পানী। মুঠতে গুৱাহাটীত পথ-উপপথত এতিয়া সাগৰ সদৃশ পৰিস্থিতি।

গণেশগুৰি-হাতীগাঁও, গণেশগুৰি-বেলতলা সংযোগী পথতো ভয়ংকৰ বান। বানৰ ফলত ৰাস্তাতে আবদ্ধ হৈ পৰিছে যান-বাহন। তীব্ৰ যান-জঁট সৃষ্টি হৈছে জি এছ ৰোড, এ টি ৰোড, ভৱেন্দ্ৰ নাথ শইকীয়া পথ, হৰিদেৱ পথ, এ কে আজাদ ৰোড, একে দেৱ ৰোড, বি বৰুৱা ৰোড, মণিৰাম দেৱান পথত।

Niyomiya Barta Desk, 28 August

You might also like