জোনাই-ত পথ দুৰ্ঘটনা, হতাহত ২
জোনাই ৰাংকপ তিনিআলিৰ ষ্টেচন পথত আজি পুৱাই সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত থিতাতে এজন নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷
জানিব পৰা মতে দ্ৰুতবেগী স্কুটীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা কালভাৰ্টত প্ৰচণ্ড জোৰেৰে খুণ্ডা মাৰি কাষৰ নলাত উপৰি পৰে। ফলত সংঘটিত হয় দুৰ্ঘটনাটো।
ফলত দুৰ্ঘটনাগ্ৰস্ত স্কুটীখনৰ চালক ৰোহিত দত্ত নামৰ যুৱকজন থিতাতে নিহত হোৱাৰ লগতে আনজন আৰোহী আবু আচিম নামৰ যুৱকজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।
ইতিমধ্যে জোনাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে।
Niyomiya Barta Desk, 30 August