নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষেত্রীত পথ দুর্ঘটনাত থিতাতে ২জনৰ প্ৰাণহানি

নিয়মীয়া বার্তা, ২ ডিচেম্বৰ : মহানগৰীৰ সমীপৱর্তী ক্ষেত্রীত আজি পুৱতিনিশা সংঘটিত হয় এটা ভয়াৱহ পথ দুর্ঘটনা৷ ক্ষেত্রীৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ ডলুবামৰ ছার্ভিচ ৰোডত সংঘটিত হয় ঘটনাটো৷ ট্ৰেভেলাৰ আৰু স্কুটীৰ মুখামুখি সংঘর্ষত থিতাতে মৃত্যু হয় দুজন স্কুটী আৰোহীৰ৷ বর্তমানলৈ উদ্ধাৰ হোৱা নাই মৃত যুৱক দুজনৰ পৰিচয়৷ যুৱক দুজনৰ মৃতদেহ দুটা সম্প্রতি ৰখা হৈছে ক্ষেত্রীস্থিত ত্রিশখন বিছনাযুক্ত হাস্পতালত ৷ দুর্ঘটনাগ্রস্ত ট্ৰেভেলাৰখনৰ নম্বৰ এ এছ-০১ এফ চি-৮৯০১ আৰু স্কুটীখনৰ নম্বৰ এ এছ-০১ এ ডব্লিউ-০৭৬৯৷ ঘটনা সন্দর্ভত ক্ষেত্রী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

প্ৰেৰক ৰমেশ দাস

You might also like