নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমগুৰিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ এটা মাহ সম্পূৰ্ণ হোৱা উপলক্ষে আজি শিৱসাগৰ জিলাৰ বৃহত্তৰ আমগুৰি অঞ্চলৰ ৰাইজৰ উদ্যোগত শিল্পীজনাৰ এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

আমগুৰি নগৰৰ মাজমজিয়াত থকা আউনীআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আজি পুৱাৰে পৰা ৰাইজৰ উপস্থিতিত অনুষ্ঠানৰ পাতনি মেলা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি পুৱা গছপুলি ৰোপণ, বৰগীত পৰিৱেশন, জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ, পুৱা ১০.৩০ বজাৰ পৰা গায়ন-বায়ন, ১১ বজাৰ পৰা দিহানাম পৰিৱেশন, ১১.৩০ বজাৰ পৰা জিকিৰ পৰিৱেশন, দুপৰীয়া ১২ বজাৰ পৰা জুবিন সংগীত পৰিৱেশন কৰা হয়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে জয়ন্ত নাথ আৰু জুবিনৰ একালৰ সতীৰ্থ শিল্পী মানস বৰা (বুবু) উপস্থিত থাকি জুবিনৰ গীত পৰিৱেশন কৰে। সন্ধ্যা বন্তি প্ৰজ্বলন, শান্তি সমদলৰ লগতে ১০০০গৰাকী শিল্পীৰ দ্বাৰা জুবিনৰ ‘মায়াবিনী’ গীত পৰিৱেশনেৰে দিনজোৰা কাৰ্যসূচীৰ সামৰণি পৰে। বৃহত্তৰ অঞ্চলটোৰ সকলো শ্ৰেণীৰ ৰাইজৰ স্বতস্ফূর্ত সহযোগে অনুষ্ঠানটি সফল কৰি তোলাত উদ্যোক্তাসকলে সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰিছে।

নিয়মীয়া বাৰ্তা, আমগুৰি, ১৯ অক্টোবৰ :

You might also like