নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এচিএছ দম্পতীৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত এজাহাৰ যুৱতীৰ…

নিয়মীয়া বার্তা, ধুবুৰী, ১০ নৱেম্বৰ : দৈহিক সম্পৰ্ক, প্রতাৰণা আৰু ভাবুকি দিয়াৰ অভিযোগ তুলি দুগৰাকী এচিএছ বিষয়াৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে এগৰাকী যুৱতীয়ে৷

৭ নৱেম্বৰত ধুবুৰীৰ এগৰাকী যুৱতীয়ে দাখিল কৰা সেই এজাহাৰখনে বর্তমান ধুবুৰীৰ প্রশাসনিক মহলত ধুমুহাৰ সৃষ্টি কৰিছে৷ এজাহাৰখনত ধুবুৰীৰ চক্র বিষয়া ৰূপে কর্মৰত থকাৰ সময়ত পার্থপ্রতিম বর্মনে ২০২৪ বর্ষৰ ১৪ ছেপ্টেম্বৰৰ পৰা পত্নীৰ সৈতে সুখী নহয় আৰু পত্নীৰে বিবাহ বিচ্ছেদ কৰি যুৱতীগৰাকীক বিয়া কৰাৰ প্রতিশ্রুতি দিছিল বুলি অভিযোগ কৰিছে যুৱতীগৰাকীয়ে৷ ভুৱা প্রতিশ্ৰুতিৰে এচিএছ বিষয়া বর্মনে তেওঁৰ সৈতে কেইবাবাৰো শাৰীৰিক সম্পর্ক স্থাপন কৰাৰ গুৰুতৰ অভিযোগ আনিছে যুৱতীগৰাকীয়ে৷

এজাহাৰত উল্লেখ থকা মতে, বিভিন্ন ঘটনা–পৰিঘটনাই যোৱা ২১ আগষ্টৰ পৰাই তীব্র ৰূপ লৈছিল৷ আনকি বর্মন আৰু তেওঁৰ এচিএছ পত্নী তথা ধুবুৰীৰ গোলকগঞ্জ সম–জিলাৰ সহায়ক আয়ুক্ত দেৱসেনা বর্মনে ঘটনা সন্দর্ভত মুখ খুলিলে অথবা আইনী ব্যৱস্থা ল’লে ভয়ংকৰ পৰিণামৰ সন্মুখীন হ’ব বুলি সকীয়নি প্রদান কৰাৰো অভিযোগ আছে এজাহাৰখনত৷

ঘটনা সন্দর্ভত ধুবুৰী আৰক্ষীয়ে আনুষ্ঠানিকভাৱে একো সদৰী নকৰিলেও যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত ধুবুৰী সদৰ থানাত ভাৰতীয় ন্যায় সংহিতাৰ ৬৯/৩৫১(৩)/৩(৫)ৰ ধাৰাত ৪২৪/২০২৫ নম্বৰৰ এটা গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে৷

You might also like