বিশ্ববিজয়ী অসম কন্যা
সদ্যসমাপ্ত মহিলা ক্রিকেট বিশ্বকাপৰ খিতাপ দখল কৰি ইতিহাস সৃষ্টি কৰিলে এজাক ভাৰত কন্যাই৷ বিশ্ব ক্রিকেটত ভাৰতীয় দলৰ আধিপত্য অনস্বীকার্য যদিও ইয়াৰ আগলৈ ভাৰতৰ মহিলা দলে বিশ্বকাপ জয় কৰিবলৈ সক্ষম হোৱা নাছিল৷ ইমান দিনে মহিলা ক্রিকেটত অষ্ট্রেলিয়া আৰু ইংলেণ্ডৰ আধিপত্য আছিল সর্বাধিক৷ ভাৰতৰ পুৰুষ দলটোৱে একাধিকবাৰ বিশ্বকাপ জয় কৰিছে যদিও মহিলা দলটোৰ সপোন ইমানদিনে আধৰুৱা হৈ আছিল৷ সেইবাবে দলটোৰ ইতিহাস সৃষ্টিকাৰী এই বিশ্ব বিজয় বিশেষ তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ মন কৰিবলগীয়া যে বিশ্ব ক্রিকেটত ভাৰতীয় দলৰ বিশেষ স্থান আছে যদিও অসমৰ ক্রিকেটাৰৰ বাবে ৰাষ্ট্রীয় দলত স্থান অর্জন কৰাটো এতিয়াও সপোন হৈ আছে৷ উমা চেত্রীয়ে প্রথমগৰাকী অসমৰ ক্রিকেটাৰ হিচাপে ভাৰতীয় দলত স্থান লাভেৰে ইতিহাস সৃষ্টি কৰিছে৷ ইয়াৰ পিছত পুৰুষ দলত অন্তর্ভুক্ত হৈছিল ৰিয়ান পৰাগ৷ অৱশ্যে ৰিয়ানে এতিয়াও এদিনীয়া ভাৰতীয় দলত নিজৰ নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হোৱা নাই৷ সদ্যসমাপ্ত বিশ্বকাপৰ আগলৈ উমা চেত্রীয়েও এদিনীয়া দলত স্থান পোৱা নাছিল৷ কিন্তু এইবাৰ বিশ্বকাপৰ জৰিয়তে তেওঁ ভাৰতীয় এদিনীয়া দলত নিজৰ নাম সুমুৱাবলৈ সমর্থ হয়৷ কেৱল ইমানেহ নহয় প্রথমবাৰৰ বাবে এইগৰাকী সুদক্ষ উইকেটকীপাৰ বেটাৰ ভাৰতীয় দলৰ বিশ্ব বিজয়ৰ অংশীদাৰ হয়৷ এটা কথা স্বীকাৰ কৰিবই লাগিব যে ভাৰতীয় দলত স্থান লাভ কৰা বৰ সহজ কথা নহয়৷ দেশৰ অজস্র ল’ৰা–ছোৱালীয়ে ভাৰতীয় দলক প্রতিনিধিত্ব কৰাৰ সপোন দুচকুত লৈ দিনে–নিশাই কঠোৰ পৰিশ্রম কৰি আহিছে৷ তেনে অৱস্থাত অসমৰ এখন ভিতৰুৱা গাঁৱৰ এগৰাকী ছোৱালীয়ে ভাৰতৰ বিশ্বকাপ দলত স্থান লাভ কৰাটো কিমান কঠিন সেয়া সহজে অনুমেয়৷ শৈশৱৰ পৰা ক্রিকেটৰ প্রতি থকা সীমাহীন অনুৰাগৰ বাবেই উমাই এদিন এনে বৃহৎ সপোন দেখিছিল৷ লগৰ ল’ৰা–ছোৱালীবোৰে পুতলা খেলা বয়সতে উমাই হাতত তুলি লৈছিল বেট৷ কিন্তু আর্থিক দুৰৱস্থাৰ বাবে নিজৰ প্রিয় ক্রিকেটাৰ মহেন্দ্র সিং ধোনীহঁতৰ খেল চাবলৈ ঘৰত এটা টিভিও নাছিল৷ চাৰিজন ককায়েক আৰু মাতৃৰ সৈতে ৭–৮জনীয়া পৰিয়ালটো ভৰণ–পোষণ দিয়া কৃষক পিতৃৰ বাবে এক প্রত্যাহ্বানস্বৰূপ আছিল৷
বোকাখাতৰ কান্দুলীমাৰী গাঁৱৰ এনে এটি দুখীয়া পৰিয়ালত জন্মগ্রহণ কৰি নিজকে এগৰাকী আগশাৰীৰ ক্রিকেটাৰৰূপে গঢ়ি তোলাৰ বাবে উমাই মনত জন্ম দিছিল এক দৃঢ়তাৰ৷ অশেষ পৰিশ্রম আৰু ত্যাগৰ বিনিময়ত তিলতিলকৈ নিজকে গঢ় দিয়া এই ছোৱালীজনীয়েই আজি ভাৰতীয় দলক প্রতিনিধিত্ব কৰি বিশ্ব বিজয় কৰি দেশৰ লগতে অসমবাসীকো গৌৰৱান্বিত কৰিলে৷ পিতৃ লোক বাহাদুৰ চেত্রী আৰু মাতৃ দীপা চেত্রীৰ বাবে কন্যাক এই পর্যায়লৈ নিব পৰাটো সপোনৰো বাহিৰত আছিল৷ উইকেটকীপাৰ বেটাৰৰূপে দেখুওৱা দক্ষতাৰ বাবেই অসম ছিনিয়ৰ দলৰ নিয়মীয়া সদস্য হৈ পৰা উমাই মহিলা আই পি এলত খেলাৰ বাবে নির্বাচিত হোৱাৰ লগে লগে তেওঁ সংবাদ মাধ্যমৰ শিৰোনামলৈ আহিছিল৷ প্রথমবাৰ অনুষ্ঠিত মহিলাৰ আইপিএলত মুঠ ৫টা দলে অংশগ্রহণ কৰিছিল৷ ডেৰ সহস্রাধিক মহিলাৰ মাজৰ পৰা এটা দলত স্থান অর্জনৰ বাবে বাছনি লাভ কৰিছিল উমাই৷ সেইবাৰ মহা নিলামত অসমৰ উমা আৰু জিণ্টী কলিতাই বাছনি লাভ কৰিছিল৷ য’ত যথেষ্টসংখ্যক আন্তঃৰাষ্ট্রীয় মহিলা ক্রিকেটাৰেও অংশগ্রহণ কৰিছিল৷ উমাই ক্রিকেটৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল ১০ বছৰ বয়সত৷ ২০১০ চনৰ শেষৰ ফালে বোকাখাতত মহিলা ক্রিকেটৰ প্রশিক্ষণ আৰম্ভ কৰিছিল যদিও দুই–এজনী ছোৱালীয়েহে আগবাঢ়ি আহিছিল৷ সেইবাবে তেওঁ বেছিভাগ সময় তেওঁ ল’ৰাৰ লগতে প্রশিক্ষণ গ্রহণ কৰিবলগীয়া হৈছিল৷ ইয়াৰ পাছতে বোকাখাত জিলা দলৰ হৈ খেলিবলৈ লোৱা উমাই ২০১৫ চনত প্রথমবাৰৰ বাবে জুনিয়ৰ অসম দলত খেলাৰ সুযোগ লাভ কৰে৷ ইয়াৰ পিছত কেতিয়াও উভতি চাবলগীয়া হোৱা নাই সুদক্ষ ক্রিকেটাৰগৰাকীয়ে৷ কেইবাখনো ৰাষ্ট্রীয় প্রতিযোগিতাত অংশগ্রহণ কৰি প্রচুৰ অভিজ্ঞতা আহৰণ কৰা উমা চেত্রীয়ে আর্থিক দুৰৱস্থাকো নেওচি কেৱল আগবাঢ়ি গৈছিল৷ ভাৰতীয় দলত স্থান লাভৰ পূর্বে এছিয়া এমার্জিং ক্রিকেট টুর্ণামেণ্টত ভাৰত এ দলক প্রতিনিধিত্ব কৰি দলৰ বিজয়ত মুখ্য ভূমিকা গ্রহণ কৰিছিল৷ বাংলাদেশৰ বিৰুদ্ধে ৰাষ্ট্রীয় দলত স্থান লাভৰ পিছত এছিয়ান গেমছতো ভাৰতীয় দলত অন্তর্ভুক্ত হোৱা উমাই বিশ্বকাপৰ জৰিয়তে এদিনীয়া দলত অভিষেক ঘটোৱাই নহয়, ট্ৰফী অর্জনেৰে ইতিহাস সৃষ্টি কৰিলে৷ এতিয়া অসমৰ নতুন প্রজন্মৰ বাবে উমা চেত্রী নতুন আশা আৰু অনুপ্রেৰণা হৈ পৰিছে৷