নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙাঘৰৰ আলহী হ’ল চৌকীঘাট পঞ্চায়তৰ জ্যেষ্ঠ কংগ্ৰেছী সংখ্যালঘু  নেতা

ডিজিটেল ডেস্ক, ১০ নৱেম্বৰ : এইবাৰ ৰঙাঘৰৰ আলহী হ’ল নদুৱাৰ সমষ্টিৰ চৌকীঘাট পঞ্চায়তৰ এগৰাকী জ্যেষ্ঠ সংখ্যালঘু কংগ্ৰেছী নেতা তথা দীঘলী চাপৰি নিৱাসী আলী আজগড় খান ৷

চৌকীঘাট পঞ্চায়তস্থিত এটি টাইলছ কোম্পানীৰ পৰা ইটা চুৰি কৰি ঘৰত মজুত কৰি থোৱা অৱস্থাত আজগড়ক হাতে-লোটে ধৰে  টাইলছ কোম্পানীটোৰ কৰ্মচাৰীসকলে ৷ পাছত কোম্পানীৰ এজাহাৰৰ ভিত্তিত কালি নিশা আলী আজগড়ক জামুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ল-হাজোতলৈ প্ৰেৰণ কৰে ৷

আজগড় আলীয়ে ইয়াৰ পূৰ্বেও টাইলছ কোম্পানীটোৰ পৰা তেল চুৰি কৰি নিয়াৰ অভিযোগ কৰে কোম্পানীৰ কৰ্মচাৰীসকলে৷

You might also like