যোগীঘোপাৰ কৰেয়া পাহাৰৰ প্ৰাক্তন সৈনিকৰ বাবে সংৰক্ষিত ভূমিত অবাধ খনন অব্যাহতঃ বঙাইগাঁৱত চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত নিৰ্মাণকাৰী সন্থাৰ অৰাজকতা
নিয়মীয়া বাৰ্তা, ১ জুনঃ বঙাইগাঁও জিলাত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ বাবে যোগীঘোপাৰ কৰেয়া পাহাৰত প্ৰাক্তন সৈনিকৰ বাবে সংৰক্ষিত ভূমিত নিৰ্মানকাৰী সন্থাই অবাধ গতিত খনন কাৰ্য চলোৱাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । জানিব পৰা মতে ১৯৬১ চনতে ভাৰত চৰকাৰে প্ৰাক্তন সৈনিকৰ কল্যাণৰ হকে যোগীঘোপাৰ কৰেয়া পাহাৰ অঞ্চলত ১ হাজাৰ ৪ শ ২ বিঘা ভূমি সংৰক্ষণ কৰি ৰাখিছিল । ইয়াৰে কিছু অংশ ভূমি প্ৰাক্তন সৈনিকৰ নামত আৱণ্টিত হয় যদিও সিংহ ভাগেই পাছলৈও সংৰক্ষিত হৈ থাকে ।কিন্তু বঙাইগাওঁ জিলাত চাৰিলেনযুক্ত পথ নিৰ্মানৰ কাম আৰম্ভ হোৱাৰ পাছতে নিৰ্মানকাৰী সংস্থাৰ চকু পৰে সংৰক্ষিত হৈ থকা বনাঞ্চল আদিত ।উল্লেখ্য যে বঙাইগাৱঁৰ হাপাচাৰাত পৰা যোগীঘোপালৈ নিৰ্মিয়মান চাৰিলেনযুক্ত পথৰ তুলুঙীয়া-যোগীঘোপা অংশ নিৰ্মানৰ দায়িত্ব লাভ কৰে নিৰ্মাণকাৰী সংস্থা ক্ৰমে আৰ পি চি আৰু আৰ এছ বি আইয়ে ।সেয়ে পথ নিৰ্মানৰ বাবে আৰ এছ বি আই নামৰ সংস্থাটোৱে চকু দিয়ে যুগ-যুগ ধৰি সংৰক্ষণ হৈ থকা তথা জৈৱ বৈচিত্ৰৰে ভৰপুৰ পাহাৰ, জলাশয় আদিত ।এনে অৱস্থাত নিৰ্মানকাৰী সংস্থা আৰ এছ বি আইৰ শেন দৃষ্টিৰ পৰা সাৰি নগ’ল প্ৰাক্তন সৈনিকৰ বাবে সংৰক্ষণ হৈ থকা কৰেয়া পাহাৰ ।অভিযোগ মতে পূৰ্বৰ উপায়ুক্ত ড°এম এছ লক্ষ্মীপ্ৰিয়াৰ সময়ত পাহাৰখনত খনন চলোৱাৰ বাবে নিৰ্মানকাৰী সংস্থা আৰ এছ বি আইক অনুুমতি দিয়ে । উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা অনুমতি লাভ কৰিয়েই দিনে-নিশাই অবাধ গতিত জেচিবি, ডাম্পাৰেৰে পাহাৰখনত খনন আৰম্ভ কৰে। ইতিমধ্যে পাহাৰখনত ধ্বংসলীলা চলোৱাত অঞ্চলটোৰ জৈৱ বৈচিত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ লগতে প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হৈছে ।এই বিষয়ে অভিযোগ উত্থাপন কৰিছে বিভিন্নজনে। স্মৰ্তব্য যে আৰ পি চি আৰু আৰ এছ বি আইয়ে মাহৰ পাছত মাহ ধৰি পঞ্চায়তৰ পৰা কোনো অনুমতি নোলোৱাকৈয়ে বঙাইগাওঁ আই উপত্যকা বন সংমণ্ডলৰ পূৰ্বৰ বন প্ৰাধিকাৰীৰ সেউজ সংকেতত সৃজনগ্ৰাম উন্নয়ণ খণ্ডৰ উত্তৰ শালমাৰা পঞ্চায়ত এলেকাত দুটাকৈ ক্ৰেচাৰ মেচিন চলাই থকা বুলি অভিযোগ উত্থাপিত হৈ আহিছিল ।বৃষৰোপনেৰে গীনিজ বুক অৱ ওৱাৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত কৰা চৌতাকিৰ বৃষৰোপনস্থলীৰ নিচেই কাষত আৰু জনবসতি এলেকা হোৱা বাবে সংশ্লিষ্ট পঞ্চায়ত সভানেত্ৰীয়ে এন অ’ চি দিয়াত অসন্মতি দিয়ে যদিও সংস্থাদুটাই কৌশলেৰে নীতি বহিৰ্ভূত এন অ’ চি উলিয়াই লয় ।পঞ্চায়ত সভানেত্ৰীৰ অজ্ঞাতে উপসভানেত্ৰীয়ে পঞ্চায়ত সভানেত্ৰীৰ ছীল ব্যৱহাৰ কৰি এটা নিৰ্মানকাৰী সংস্থাক এন অ’ চি দিয়ে ।এই অভিযোগ ইতিমধ্যে সভানেত্ৰীয়ে উত্তৰ শালমাৰাৰ মহকুমাধিপতিক দাখিল কৰিছে।আনপিনে আন এটা সংস্থাক সংশ্লিষ্ট বিডিঅ’ই চৰজমিন তদন্ত নকৰাকৈয়ে কাৰ্যালয়তে বহি এন অ’ চি দিয়া বুলি অভিযোগ উত্থাপিত হৈছে ।এই ক্ষেত্ৰত নিৰ্মানকাৰী সংস্থাৰ সৈতে গোপন বুজাবুজি হোৱা বুলিও সন্দেহ প্ৰকাশ কৰিছে একাংশ লোকে ।এই সমগ্ৰ ঘটনা সন্দৰ্ভত বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠকে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে পৰবৰ্তী সেয়া লক্ষ্যণীয় হব ।
প্ৰেৰক টিংকু চন্দ্ৰ দাস