নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ট্ৰাক ড্ৰাইভাৰৰ বিনামূলীয়া চকু পৰীক্ষা আৰু চছমা প্ৰদান শিবিৰৰ সফল সামৰণি

বিশেষ বাৰ্তা, ১৯ মে’ : ভাৰত চৰকাৰৰ পথ পৰিবহন মন্ত্ৰালয়ৰ সৌজন্যত আৰু অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান জনসেৱা পৰিষদৰ সহযোগত অনুষ্ঠিত কৰা ‌১০ দিনীয়া ট্ৰাক ড্ৰাইভাৰ সকলৰ বিনামূলীয়া চকু পৰীক্ষা আৰু চছমা প্ৰদান শিবিৰৰ আজি সামৰণি পৰে। ৩৭ নং আমনি-যোৰহাট ৰাষ্ট্ৰীয় ঘাইপথৰ আমনিত ১০ ৰ পৰা ১৬ মে’ অনুষ্ঠিত শিবিৰত ৫৭৮ জন ট্ৰাক ড্ৰাইভাৰৰ চকু পৰীক্ষা কৰি ৫২৫ জনক উন্নত মানৰ তথা উপযুক্ত ক্ষমতাৰ চছমা প্ৰদান কৰা হয়। আনহাতে, ৩৭ নং নগাঁও-গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথৰ বৰঘাটত ১৭ ৰ পৰা আৰম্ভ হোৱা আজি পৰ্যন্ত মুঠ ৩ দিনত ২৮৮ জন ট্ৰাক ড্ৰাইভাৰৰ চকু পৰীক্ষা কৰি ২২৫ জনক চছমা প্ৰদান কৰা হয়। আজি আবেলি ২ বজাত শিবিৰৰ সামৰণি অনুষ্ঠানত ভাগ লয় নগাঁও পৰিবহন বিভাগৰ জিলা পৰিবহন বিষয়া এচ় কে় বৰা, মূখ্য সহায়ক চি় শইকীয়া, ইনফৰ্চমেন্ট পৰিদৰ্শক কৈতভজিৎ বৰগোহাঁই, সহকাৰী ইনফৰ্চমেন্ট পৰিদৰ্শক টুলটুল গগৈ, নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ জেষ্ঠ স্বাস্থ্য বিষয়া ডাঃ পল্লৱী হাজৰিকা, ধিং অসামৰিক চিকিৎসালয়ৰ টেকনিচিয়ান ৰবীন খাউণ্ড, শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী এম় ৰাজা আৰু নগাঁও নেহৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি এ় এচ় কবিৰ উপস্থিত থাকে । উক্ত সামৰণি অনুষ্ঠানত উপস্থিত থকা অতিথি সকলক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনায় জনসেৱা পৰিষদৰ সভাপতি এ় খবিৰে। অনুষ্ঠানত নগাঁও পৰিবহন বিভাগৰ জিলা পৰিবহন বিষয়া এচ় কে় বৰাই সামৰণি ভাষণত কয় যে, বহু ট্ৰাক ড্ৰাইভাৰে তেওঁলোকৰ কৰ্মজীৱনত চকু পৰীক্ষা কৰি পোৱা নাই। যাৰ ফলত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে। তেওঁ এনে ধৰণৰ শিবিৰৰ প্ৰয়োজনতাৰ কথা ব্যক্ত কৰে। এই দহ দিনীয়া শিবিৰত মুঠ ৮৬৬ জন ট্ৰাক ড্ৰাইভাৰৰ চকু পৰীক্ষা কৰা হয়, তাৰে ৭৫০ জনক উন্নত মানৰ চছমা প্ৰদান কৰা হয় আৰু ১১৬ জনক উন্নত চিকিৎসাৰ বাবে পৰামৰ্শ আগবঢ়োৱা হয়।

প্ৰেৰক কনক হাজৰিকা

You might also like