মহাবাহুৰ বুকুত বিলীন ঈশ্বৰপুত্ৰ জুবিনৰ চিতাভস্ম
পত্নী গৰিমা গাৰ্গে অশ্ৰুসিক্ত নয়নেৰে স্বামী জুবিনৰ তথা মৰমৰ গল্ডীৰ চিতাভস্ম বিসৰ্জন দিয়ে
“মই মৰিলে মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিব…। পৃথিৱীৰ একমাত্ৰ পুৰুষ নদ ব্ৰহ্মপুত্ৰ।”— এই বাক্। সততে যিকোনো স্থানত বাৰে বাৰে উল্লেখ্য কৰিছিল জুবিন গাৰ্গে। ব্ৰহ্মপুত্ৰৰ লগত তেওঁৰ যি আত্মিক সম্পৰ্ক, সেই কথাও প্ৰতিক্ষণতে কৈছিল জুবিনে। সেই আশা আজি যেন সাকাৰ হল। ব্ৰহ্মপুত্ৰতেই বিলীন হৈ গল জুবিন গাৰ্গৰ চিতাভস্ম। পত্নী গৰিমা গাৰ্গে মাংগলিক কৰ্মৰে আজি ব্ৰহ্মপুত্তত অৰ্পণ কৰে জুবিনৰ চিতাভস্ম।
গুৱাহাটীস্থিত কাছমাৰী ঘাটত পৰিয়ালৰ সদস্য আৰু গুণমুগ্ধৰ উপস্থিতিত পত্নী গৰিমা গাৰ্গে অশ্ৰুসিক্ত নয়নেৰে স্বামী জুবিনৰ তথা মৰমৰ গল্ডীৰ চিতাভস্ম বিসৰ্জন দিয়ে।
উল্লেখ্য যে ১৯ ছেপ্টেম্বৰত কোনো কালে কোনো দিনে অসমীয়াই আশা নকৰা, নভবা সেই বেদনাহত খবৰটো পাইছিল- জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। অসম অসমীয়াক শোকসাগৰত এৰি দিনৰ বাবে ছিংগাপুৰৰ সাগৰৰ বুকুত বিলীন হৈ গল হাৰ্টথ্ৰব জুবিন গাৰ্গ।
১৯ ছেপ্টেম্বৰৰ পিছত আজি ২৯ অক্টোবৰত জুবিনৰ চিতাভস্ম ধৰ্মীয় নিয়ম অনুসৰি ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হয়।
আনহাতে যোৰহাটত জুবিন গাৰ্গে পুত্ৰজ্ঞান কৰা আৰু মুখাগ্নি কৰা অৰুণ গাৰ্গে চিতাভস্ম বিসৰ্জন কৰে ব্ৰহ্মপুত্ৰৰ বুকুত।
ডিজিটেল ডেস্ক, ২৯ অক্টোবৰ