ফোনত মোক কোৱা হৈছিল এইটো ভাৰতীয় দল… ক্রিছ ব্রডৰ চাঞ্চল্যকৰ অভিযোগ
ভাৰতীয় দলটোৱে এখন মেচত নির্ধাৰিত সময়ত ৩–৪ অভাৰ কম বলিং কৰিছিল
ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মেচ ৰেফাৰী ক্রিছ ব্রডে৷ ২১ বছৰ ধৰি মেচ ৰেফাৰী হিচাপে কাম কৰি আহিছে ব্রডে৷ ১২৩খন টেষ্ট, ৩৬১খন এদিনীয়া আৰু ১৩৮খন টি–২০ মেচত আম্পায়াৰৰ দায়িত্ব বহন কৰা ব্রডে অভিযোগ কৰে যে ভাৰতীয় দলটোৱে মন্থৰ গতিত বলিং কৰিলেও তেওঁক শাস্তি দিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷
ইংলেণ্ডৰ প্রাক্তন তাৰকা পেচ বলাৰ ষ্টুৱার্ট ব্রডৰ পিতৃৰ এই অভিযোগে ক্রিকেট জগতত আলোড়নৰ সৃষ্টি কৰিছে৷ শেহতীয়াকৈ দিয়া এটা সাক্ষাৎকাৰত ব্রডে কয়– ‘ভাৰতীয় দলটোৱে এখন মেচত নির্ধাৰিত সময়ত ৩–৪ অভাৰ কম বলিং কৰিছিল৷
লেহেমীয়া বলিঙৰ বাবে ভাৰতীয় দলটোক শাস্তি দিয়া উচিত আছিল৷ ঠিক তেতিয়াই ফোন আহিল৷ তেওঁলোকক ক্ষমাশীল হ’বলৈ কোৱা হ’ল৷ তেওঁলোকক ভাৰতীয় দলটোক শাস্তি দিয়াত নিষেধাজ্ঞা আৰোপ কৰা হ’ল৷ কাৰণ, দলটোৰ নাম হ’ল ভাৰত৷
গতিকে, বিষয়টোক বেলেগ ধৰণে চাবলৈ বাধ্য হ’লোঁ৷’ ব্রডে লগতে কয়– ‘এই ঘটনা ইয়াতেই শেষ হোৱা নাছিল৷ পৰৱর্তী মেচখনতো একেই কথা হৈছিল৷ তাৰ পিছতো মোক শাস্তি নিদিবলৈ কোৱা হৈছিল৷ ৰাজনীতি জড়িত আছিল৷ হয়তো ভাৰতীয় ব’ৰ্ড শক্তিশালী হোৱাৰ বাবেই তেওঁলোকে বিচাৰে বাকীসকলে মূৰ দোঁৱাই পুতলাৰ দৰে কাম কৰিব৷
২১ বছৰীয়া দীঘলীয়া কেৰিয়াৰত মাজে মাজে ৰাজনীতিৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছিল৷’ ব্রডে আকৌ কয় যে ভৱিষ্যতেও মেচ ৰেফাৰীৰ দায়িত্ব চম্ভালিব বিচাৰিছিল৷ কিন্তু যোৱা বছৰ আইচিচিয়ে তেওঁৰ চুক্তি বৃদ্ধি কৰা নাছিল৷
ডিজিটেল ডেস্ক, ২৯ অক্টোবৰ