নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলসিঞ্চনত বাতিল ২৪৬ কনিষ্ঠ সহায়কৰ পৰীক্ষা

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ  বিগত এটা বছৰ ধৰি জলসিঞ্চন বিভাগৰ ২৪৬টা কনিষ্ঠ সহায়ক পদৰ চাকৰিৰ আশাত বন্দী নিবনুৱাসকলৰ বাবে দুঃখবৰ কিয়নো এই ২৪৬টা কনিষ্ঠ সহায়ক পদৰ বিপৰীতে এতিয়া বিভাগটোৱে অনুষ্ঠিত নকৰে লিখিত পৰীক্ষা৷ এই কথা ঘোষণা কৰিছে স্বয়ং বিভাগীয় মন্ত্রী ভৱেশ কলিতাই৷ বিগত ৫টা বছৰত জলসিঞ্চন ক্ষেত্রৰ প্রসাৰৰ খতিয়ান দিবলৈ বৃহস্পতিবাৰে মন্ত্রী কলিতাই অনুষ্ঠিত কৰিছিল এখন সংবাদ মেল৷ স্বাভাৱিকতে মন্ত্রী কলিতাই বিভাগটোত সম্পন্ন হোৱা নিয়োগ প্রক্রিয়াৰো তথ্য দাঙি ধৰে৷ এই প্রসংগতে কনিষ্ঠ সহায়কৰ লিখিত পৰীক্ষাক লৈ কৰা প্রশ্ণৰ বিপৰীতে মন্ত্রী কলিতাই স্পষ্টভাৱে কয় যে এতিয়া আৰু লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাযাব৷ এইটো এটা দীঘলীয়া প্রক্রিয়া৷ কিন্তু নির্বাচনলৈ কেইটানো দিন আছে? মন্ত্রী কলিতাই এইক্ষেত্রত ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ দোহাই দিয়ে৷ তেওঁ পুনৰ কয় যে হৈ গ’লহেঁতেন৷ কিন্তু ২২ ফেব্রুৱাৰীৰ পাছত আমি বন্ধ কৰি দিলোঁ৷ স্কুল–কলেজ বন্ধ হৈ গ’ল৷ উল্লেখ্য যে জলসিঞ্চন বিভাগে ২০১৯ চনৰ ডিচেম্বৰ মাহত ২৪৬টা কনিষ্ঠ সহায়কৰ লগতে ৩৯৭টা শাখা সহায়ক পদৰ বিপৰীতে বিজ্ঞাপন প্রকাশ কৰিছিল৷ এই বিজ্ঞাপন অনুসৰি বৃহৎসংখ্যক নিৱনুৱা যুৱক–যুৱতীয়ে আবেদন দাখিল কৰে৷ বহু বিতর্কিত ‘এপটেক’ নামৰ ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানটোক দায়িত্ব দি লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ দিনো থিৰাং কৰা হয়৷ শাখা সহায়ক পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ লগতে নিযুক্তি প্রক্রিয়াও সম্পন্ন হৈ গ’ল যদিও শাখা সহায়কৰ ক্ষেত্রত কিন্তু বিষয়টোৱে অগ্রগতি লাভ নকৰিলে৷

মন্ত্রী কলিতাই  সদৰী কৰা অনুসৰি পৰৱর্তী সময়ত লিখিত পৰীক্ষাৰ দায়িত্ব তেজপুৰ বিশ্ববিদ্যালয়ক দিয়া হৈছিল৷ কিন্তু তেজপুৰ বিশ্ববিদ্যালয়ে সেই দায়িত্ব নল’লে৷ এতিয়া জলসিঞ্চন বিভাগে অসম বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিশ্ববিদ্যালয়লৈ এই সন্দর্ভত প্রস্তাৱ প্রেৰণ কৰিছে৷ ইফালে, মন্ত্রী কলিতাই দিয়া তথ্য অনুসৰি বিগত পাঁচটা বছৰত জলসিঞ্চন বিভাগত মুঠ ৪৩৫টা পদৰ নিয়োগ প্রক্রিয়া সম্পন্ন হৈছে৷ ইয়াৰে চতুর্থবর্গৰ ৭১টা, তৃতীয়বর্গৰ ৭৭টা, কনিষ্ঠ অভিযন্ত্রাৰ ১৩৫টা আৰু সহকাৰী অভিযন্তাৰ ১৫২টা৷ তদুপৰি চতুর্থবর্গৰ ৩১৩টা পদৰ বাবে জিলা ভিত্তিত নিয়োগ সমিতি গঠন কৰি দিয়াৰ লগতে বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ মন্ত্রী কলিতাই সফলতাৰ খতিয়ান দাঙি ১৯৭৬ চনতে গ্রহণ কৰা ধনশিৰি জলসিঞ্চন প্রকল্পৰ কাম অহা ৩১ মার্চত সম্পূর্ণ হ’ব বুলি ঘোষণা কৰে৷ সেইদৰে পিএমকেএছৱাই–এইচকে আঁচনিৰ অধীনত জলসিঞ্চন বিভাগে প্রায় ১০ হাজাৰ নলী–নাদ আবণ্টন পোৱাৰ কথা উল্লেখ কৰি কয় যে ২০১৯–২০ বিত্তীয় বর্ষত আৰম্ভ হোৱা কেন্দ্রীয় চৰকাৰৰ এই অভিলাষী আঁচনিখনৰ অনুদানৰ পৰিমাণ হ’ল ৯০ঃ১০৷ প্রথম পর্যায়ত ১৪খন জিলাক সামৰি লোৱাৰ বিপৰীতে ৪,৭৭৯টা নলী–নাদ আবণ্টন পোৱা গৈছে৷ ইয়াৰ ভিতৰত ৯৫ শতাংশ খনন সম্পূর্ণ হৈছে আৰু ৭৬ শতাংশ নলী–নাদ ইতিমধ্যে কার্যক্ষম হৈ উঠিছে৷ ২০২০–২১ বিত্তীয় বর্ষত ১০খন জিলা সাঙুৰি লোৱা হৈছে আৰু কেন্দ্রীয় চৰকাৰে ৪,৯১৬টা নলী–নাদৰ আবণ্টন দিছে৷ মন্ত্রী কলিতাই জানিবলৈ দিয়া মতে, বিগত প্রায় ৫ বছৰত ২০.৪৩ লাখ বিঘা (২.৬৮ লাখ হেক্টৰ) কৃষিভূমি নতুনকৈ জলসিঞ্চনৰ আওতালৈ অনা হৈছে৷

এই সম্পর্কত তেওঁ কয় যে অসমত জলসিঞ্চনৰ সম্ভাৱনা থকা সর্বোচ্চ মাটিকালি ২০২.৪ লাখ বিঘা (২৭ লাখ হেক্টৰ) নির্ধাৰণ কৰা হৈছে যদিও বিভিন্ন কাৰণত এই পৰিমাণ এতিয়া প্রায় ২২ লাখ হেক্টৰহে হ’ব৷ ২০১৬ বর্ষলৈ জলসিঞ্চনৰ আওতালৈ অনা মুঠ কৃষিভূমিৰ পৰিমাণ আছিল ৫৭.৯৮ লাখ বিঘা (৭.৭৩ লাখ হেক্টৰ)৷ ২০২১ বর্ষৰ জানুৱাৰী মাহলৈ জলসিঞ্চনৰ আওতালৈ অনা কৃষিভূমিৰ মুঠ পৰিমাণ হৈছে ৭৮.০৭ লাখ বিঘা (১০.৪১ লাখ হেক্টৰ)৷ সংবাদ মেলত মন্ত্রী কলিতাই ত্বৰান্বিত জলসিঞ্চন আঁচনি, গ্রাম্য পৰিকাঠামো উন্নয়ন পুঁজি, ৰাজ্যিক স্ব–গ্রাধিকাৰ উন্নয়ন পুঁজি, অনুসূচিত জাতি উপ–যোজনা আৰু জনজাতীয় উপ–যোজনা, মুখ্যমন্ত্রীৰ সমগ্র গ্রাম্য উন্নয়ন যোজনা, ক্ষেত্র উন্নয়ন জলসিঞ্চন আৰু জল ব্যৱস্থাপনা, বৃহৎ–মজলীয়া জলসিঞ্চন প্রকল্প আৰু পৰিকাঠামো সৃষ্টিৰ ওপৰত ব্যাখ্যা কৰে৷ লগতে তেওঁ নতুনকৈ ৫খন বৃহৎ–মজলীয়া আঁচনি ক্রমে পুঠিমাৰী, বুৰৈ, সোণাই, ৰকেনী আৰু বুঢ়ীসুঁতি জলসিঞ্চন প্রকল্প গ্রহণৰ প্রক্রিয়া চলি থকা বুলি জানিবলৈ দিয়ে৷

You might also like