নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত জুবিনৰ চিতাভস্ম বিসৰ্জন 

আজি চল্লিশ দিনৰ পিছতো দাদৰ মৃত্যুৰ কাৰণ ওলোৱা নাই। সেইটো বৰ দুৰ্ভাগ্যজনক

প্ৰাণৰ শিল্পী জুবিন গাৰ্গে অসমৰ মঞ্চই মঞ্চই কৈছিল সাগৰ মই ভাল নাপাওঁ, সাগৰৰ কাম নাই। ব্ৰহ্মপুত্ৰই ভাল। মোৰ মৃত্যু হলে ব্ৰহ্মপুত্ৰত উটাই দিলেই হব। আজি শিল্পীগৰাকীৰ সেই ইচ্ছাই পূৰণ হল।

শিল্পীগৰাকীৰ মৃত্যুৰ চল্লিশ দিনৰ পিছত তেওঁৰ আত্মা বিজড়িত চিতাভস্ম আজি মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়া হল। আজি গুৱাহাটীৰ সমান্তৰালভাৱে যোৰহাটৰ নিমাতী ঘাটৰ ব্ৰহ্মপুত্ৰৰ সুবিশাল বুকুৱে শিল্পীজন বুলি চিতাভস্মকে আঁকোৱালি ললে।

যোৰহাটৰ নিমাতীঘাটত যোৰহাট জিলা প্ৰশাসন আৰু শুভাকাংক্ষী, পৰিয়ালৰ উপস্থিতিত অৰুণ গাৰ্গে এক শোকাকুল পৰিবেশৰ মাজত বৈদিক নীতি অনুসৰি ব্ৰহ্মপুত্ৰত চিতাভস্ম মায়াবিনী গীতৰ মাজেৰে বিসৰ্জন দিয়া হয়।

শিল্পীগৰাকীৰ চিতাভস্ম বিসৰ্জন দি হুকহুকাই কান্দি অৰুণ গাৰ্গে কলে আজি চল্লিশ দিনৰ পিছতো দাদৰ মৃত্যুৰ কাৰণ ওলোৱা নাই। সেইটো বৰ দুৰ্ভাগ্যজনক। ছিংগাপুৰৰ লোকসকলে কি কৰি আছে বুলিও তেওঁ প্ৰশ্ন কৰে।

চিতাভস্ম বিসৰ্জন অনুষ্ঠানত উপস্থিত থাকি যুৱনেতা সিদ্ধাংকু অংকুৰ বৰুৱাই কয় যে আজি তিথি অনুসৰি নীতি নিয়ম অনুসৰি জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ কামনা কৰি ব্ৰহ্মপুত্ৰত তেওঁৰ চিতাভস্ম বিসৰ্জন দিয়া হল। সকলোৰে প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাৰ বেদনা আজিও কোনোৱেও পাহৰিব পৰা নাই। জুবিন গাৰ্গ নাথাকিলেও আমি আমাৰ মাজত তেওঁক জীয়াই ৰাখিব লাগিব। জুবিন গাৰ্গৰ প্ৰতি কোটি কোটি মানুহৰ আৰ্শীবাদ আছে। সেয়ে এদিন এই গৰাকী প্ৰাণৰ শিল্পীয়ে ন্যায় পাবই।

উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ তেৰ দিনীয়া মাংগলিক অনুষ্ঠান যোৰহাট ষ্টেডিয়ামত হাজাৰ হাজাৰ অনুৰাগীৰ উপস্থিত অনুষ্ঠিত কৰা হৈছিল। এই অনুষ্ঠানৰ  এদিনৰ পূৰ্বেই জুবিন গাৰ্গৰ চিতাভস্ম যোৰহাটলৈ অনা হৈছিল। এই মাংগলিক অনুষ্ঠানত শিল্পীগৰাকীৰ চিতাভস্মত অগণিত জনতাই শ্ৰদ্ধা নিবেদন কৰি তেওঁৰ আত্মাৰ সদগতিৰ কামনা কৰিছিল। তেতিয়াৰ পৰা জুবিন গাৰ্গৰ চিতাভস্ম যোৰহাটৰ কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয়ত ষ্ট্ৰং ৰুমত ৰখোৱা হৈছিল আৰু আজি মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়া হয়।

বিশেষ বাৰ্তা, যোৰহাট, ২৯ অক্টোবৰ

You might also like