নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনতে ১,৪৩,১০৯জনৰ ক’ভিড পৰীক্ষাঃ স্বাস্থ্যমন্ত্রীৰ টুইট

২৪ ঘণ্টাত ৬জনৰ মৃত্যুঃ পজিটিভ ৪,৫৯৩

নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ   ক’ৰোনা মহামাৰীৰ সংহাৰ অব্যাহত থকাৰ সময়তে ৰাজ্যৰ স্বাস্থ্য বিভাগে অভিলেখ সৃষ্টি কৰি ২৪ ঘণ্টাত ১,৪৩,১০৯জন লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰিলে৷ উল্লেখ্য যে ১২ আগষ্টৰ দিনটোত ১ লাখ লোকৰ ক’ভিড পৰীক্ষা কৰাৰ লক্ষ্য বান্ধি লোৱা স্বাস্থ্য বিভাগে ২৪ ঘণ্টাৰ ভিতৰতে প্রায় ডেৰ লাখ লোকৰ ক’ৰোনা পৰীক্ষা সম্পন্ন কৰা বিষয়টোৱে বিশেষ তাৎপর্য বহন কৰিছে৷ উল্লেখ্য যে দেশৰ ভিতৰতে আজিৰ দিনটোত ২৪ ঘণ্টাত অসমত সর্বাধিকসংখ্যক পৰীক্ষা সম্পন্ন হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই ক’ভিড টেষ্টৰ সংখ্যা অধিক বৃদ্ধি কৰাৰ বাবে যোৱা সময়ছোৱাত প্রচেষ্টা চলাই থকাৰ লগতে ১২ আগষ্টৰ সময়সীমা নির্ধাৰণ কৰি এই দিনটোৰ পৰাই ১ লাখ লোকৰ ক’ৰোনা পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্য বান্ধি লৈছিল৷ এই লক্ষ্যত বুধবাৰে স্বাস্থ্য বিভাগ উপনীত হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে আজি এই তথ্য প্রকাশ কৰি উল্লেখ কৰে যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ক’ভিড টেষ্টৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে জনোৱা আহ্বানৰ এই ফল৷ অহা সময়ছোৱাতো এই সংখ্যা অব্যাহত ৰখা হ’ব৷ উল্লেখ্য যে ৰাজ্যত এতিয়ালৈ অভিলেখসংখ্যক ১৫,৭৩,৮০০ লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছে৷ ইয়াৰ পূর্বে এটা দিনত ১০ আগষ্টত ৬০,৪২৫জন লোকৰ ক’ভিড টেষ্ট কৰা হৈছিল৷ আনহাতে, ৮ আগষ্টত ৫৪,৮৪৫জন লোকৰ ক’ভিড টেষ্ট সম্পন্ন কৰা হৈছিল৷ এই সংখ্যাক অতিক্রম কৰি বুধবাৰে দিনটোতে সর্বাধিক পৰীক্ষা সম্পন্ন কৰা খবৰে স্বাভাৱিকতে জটিল পৰিৱেশৰ মাজতো কঢ়িয়াই আনিছে ভাল খবৰ৷ উল্লেখ্য যে ৯ আগষ্টলৈ স্বাস্থ্য বিভাগে ১৩ লাখ লোকৰ ক’ভিড পৰীক্ষা কৰিবলৈ সক্ষম হৈছিল৷ ইফালে ক’ৰোনাত আক্রান্ত হৈ আজি পুনৰ ছজন লোকৰ মৃত্যু হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে এই তথ্য সদৰী কৰে৷ মৃত্যু হোৱা লোককেইজন হ’ল– কাছাৰ জিলাৰ হিমাংশু দে’ (৭০), কৰিমগঞ্জ জিলাৰ দেৱব্রত চৌধুৰী (৪৯), ধেমাজি জিলাৰ থানেশ্বৰ শর্মা (৫৬), ডিব্রুগড় জিলাৰ বিশ্বজিৎ ঘোষ (৫৩), মহেশ বৰুৱা (৬০) আৰু কামৰূপ মহানগৰ জিলাৰ এম আই হুছেইন (৫৮)৷ ইয়াকে লৈ এতিয়ালৈ ৰাজ্যত ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬১লৈ বৃদ্ধি পালে৷ আনহাতে, বুধবাৰে অভিলেখসংখ্যক পৰীক্ষাৰ পাছত ৰাজ্যত মুঠ ৪,৫৯৩জন লোক পজিটিভ ৰূপে চিনাক্ত হৈছে৷ আক্রান্তৰ হাৰ হ’ল ৩.২০ শতাংশ৷ আজি ক’ৰোনাত আক্রান্ত হোৱাসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাত ৬৩২গৰাকী, নগাঁও জিলাত ৩৩৫গৰাকী, কামৰূপ জিলাৰ ৫৬০গৰাকী আৰু ডিব্রুগড় জিলাৰ ২৬৫গৰাকী৷ এই সংখ্যাৰে ৰাজ্যত মুঠ আক্রান্তৰ সংখ্যা ৬৮,৯৯৯লৈ বৃদ্ধি পালে৷ আক্রান্তৰ সংখ্যা বৃদ্ধিৰ বিপৰীতে আজি ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা ক’ৰোনামুক্ত হোৱা ২,১৩৬গৰাকী লোকক ৰিলিজ দিয়া হৈছে৷ এতিয়ালৈ ক’ৰোনামুক্ত হৈ ঘৰলৈ উভতিল মুঠ ৪৭,২০৯গৰাকী লোক৷ অৱশ্যে এতিয়াও চিকিৎসাধীন হৈ আছে ২১,৬২৬গৰাকী লোক৷
ক’ৰোনাত আক্রান্ত হৈ ঝাৰখণ্ডত মৃত্যু বাগ্সাৰ চি আৰ পি এফৰ জোৱান
ঝাৰখণ্ডত চি আৰ পি এফত কর্মৰত অসমৰ এজন জোৱান ক’ৰোনাত আক্রান্ত হৈ সোমবাৰে মৃত্যু হয়৷ ঝাৰখণ্ডৰ গিৰিধি ডেল্টা কোম্পানীত কর্মৰত চি আৰ পি এফৰ ০৭ বেটেলিয়নৰ জোৱানগৰাকী হ’ল উত্তম চন্দ্র দাস (৫৮)৷ বাগ্সা জিলাৰ শালবাৰী মহকুমাৰ গোৱর্ধনা আৰক্ষী চকীৰ অন্তর্গত গোৱর্ধনা গাঁৱৰ জোৱানজন জ্বৰত আক্রান্ত হৈ থকা হেতু অর্ধসামৰিক বাহিনীটোৰ তৰফৰ পৰা চিকিৎসা চলাই আছিল যদিও সোমবাৰে জোৱানজনৰ মৃত্যু ঘটে৷ জোৱানজনৰ আকস্মিক মৃত্যুৰ পাছত ক’ভিড পৰীক্ষা কৰাত পজিটিভ ধৰা পৰে৷ ইফালে ক’ৰোনাত মৃত্যু হোৱা বাবে জোৱানজনৰ মৃতদেহ ঝাৰখণ্ডতে সৎকাৰ কৰা হয়৷ জোৱানজনৰ মৃত্যুৰ খবৰে সমগ্র অঞ্চলটোত শোকাকুল পৰিৱেশ সৃষ্টি কৰিছে৷
চাংসাৰিত প্রথমজন ক’ভিড আক্রান্তৰ মৃত্যু
চাংসাৰিত আজি এজন ক’ৰোনা আক্রান্তৰ মৃত্যু হয়৷ মৃত্যু হোৱা লোকজনৰ নাম চিৰাজ চৌধুৰী (৫০)৷ উল্লেখ্য যে দুদিন পূর্বে বুকুৰ বিষ আৰু শ্বাস–প্রশ্বাসত কষ্ট অনুভৱ কৰাত চিৰাজক গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল৷ লোকজনৰ ক’ৰোনা পৰীক্ষা কৰাত পজিটিভ চিনাক্ত হোৱা হেতু তেওঁক আমিনগাঁওস্থিত ভোলাৰাম অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ তাত তেওঁ নিগেটিভ চিনাক্ত হয় যদিও অসুস্থ হৈ থকা হেতু পুনৰ জি এম চি এইচলৈ স্থানান্তৰিত কৰা হয়৷ জি এম চি এইচতে তেওঁৰ আজি মৃত্যু ঘটে৷
বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চাফাই কর্মীয়ে ক’ভিড টেষ্টৰ নমুনা লোৱাৰ পৰিণতিত সংজ্ঞাহীন যুৱক
বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ক’ভিড টেষ্টৰ বাবে নমুনা সংগ্রহৰ কামত অভিজ্ঞতাসম্পন্ন টেকনিচিয়ানৰ পৰিৱর্তে চাফাই কর্মী নিয়োগ কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ মঙলবাৰে চিকিৎসালয়ৰ পৰীক্ষাগাৰত কিছুদিন পূর্বে চাফাই কর্মী পদত নিযুক্তি হোৱা এজন কর্মচাৰীয়ে ক’ভিড পৰীক্ষাৰ বাবে নমুনা সংগ্রহ কৰাৰ পৰিণতিত এজন যুৱক সংজ্ঞাহীন হৈ পৰে৷ উল্লেখ্য যে মঙলবাৰে বৰপেটা চহৰত পাংলাদিহাটীৰ বাসিন্দা নয়নজ্যোতি দাস নামৰ যুৱকজনে পৰিয়ালৰ আন সদস্যসকলৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ক’ভিড পৰীক্ষা কৰিবলৈ যায়৷ চিকিৎসালয়খনৰ গীতিকা দাস নামৰ এগৰাকী চাফাই কর্মীয়ে নয়নজ্যোতি দাসৰ বহু ভিতৰলৈ ষ্টিক সুমুৱাই নমুনা সংগ্রহ কৰিবলৈ লোৱাত মূৰ ঘূৰাই যুৱকজন পকী মজিয়াত পৰি যায়৷ ফলত ভিতৰৰ অংশত আঘাত পোৱা যুৱকজনৰ নাক আৰু মুখেৰে প্রচুৰ ৰক্তক্ষৰণ হয়৷ ইমানৰ পাছতো উক্ত স্থানত উপস্থিত থকা স্বাস্থ্যকর্মীসকলে যুৱকজনক সহায় কৰিবলৈ আগবাঢ়ি নহাত মাতৃ আৰু পত্নীয়ে মজিয়াৰ পৰা তুলি তেওঁক চিকিৎসালয়ত ভর্তি কৰোৱায়৷ পাছত বিভিন্ন পৰীক্ষা–নিৰীক্ষাৰ অন্তত তিনি ঘণ্টাজোৰা চিকিৎসাৰ অন্তত তেওঁক ঘৰলৈ যাবলৈ দিয়া হয়৷ এই ঘটনাক লৈ তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷
হোম আইছ’লেচনত থকা দেৰগাঁৱৰ জুম্মা মছজিদৰ সভাপতিৰ মৃত্যু
কালি নিশা দেৰগাঁও ৩নং গেট জুম্মা মছজিদৰ সভাপতি আলহাজ মতিউৰ ৰহমানৰ গাঁওবুঢ়া চুকৰ নিজা বাসভৱনত মৃত্যু হয়৷ ৭০ বছৰীয়া লোকজন শেহতীয়াকৈ ক’ৰোনাত আক্রান্ত হৈছিল৷ যাৰ বাবে তেওঁ হোম আইছ’লেচনত আছিল৷ ইফালে, জিলাখনৰ বিভিন্ন স্থানৰ লগতে মিছামৰা খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্রৰ পাঁচটা স্থানত ৰেপিট এণ্টিজেন পৰীক্ষা কেন্দ্রত মুঠ ৬৪৭জনক পৰীক্ষা কৰাত ২৮জন পজিটিভ চিনাক্ত হয়৷
নগাঁৱত ২৪ ঘণ্টাত ৩০২গৰাকী ক’ৰোনাত আক্রান্ত
নগাঁৱত আজিৰ দিনটোতে জিলাখনৰ সর্বাধিক ৩০২গৰাকী লোক ক’ৰোনাত আক্রান্ত হয়৷ ইয়াকে লৈ আজি বিয়লিপর্যন্ত জিলাখনত ক’ৰোনা আক্রান্তৰ সংখ্যা ৪০৩জনলৈ বৃদ্ধি পালে৷
প্লাজমা দান কৰিলে শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়াই
তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্থাপন কৰা প্লাজমা বেংকত আজি শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া দিগন্ত বৈশ্যই প্লাজমা দান কৰে৷ যোৱা ১৮ জুলাইত ক’ৰোনা ৰোগৰ পৰা আৰোগ্য হৈছিল বিষয়াজন৷ ইফালে যোৱা ২৪ ঘণ্টাত শোণিতপুৰত নতুনকৈ ৯৪জন ক’ৰোনা আক্রান্ত হৈছে৷
দৰঙত ক’ভিড আক্রান্তৰ সংখ্যা ১,৯৬৪লৈ বৃদ্ধি
দৰঙত ক’ভিড আক্রান্তৰ সংখ্যা ১,৯৬৪লৈ বৃদ্ধি পাইছে৷ আজি জিলাখনত নতুনকৈ ৬৫জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ বুধবাৰে জিলাখনত ৩,০০০ৰো অধিক ৰেপিড এণ্টিজেন টেষ্ট কৰা হয়৷ মঙলবাৰপর্যন্ত জিলাখনত ১,২৭৪জন লোক ক’ৰোনামুক্ত হৈছে৷
শিৱসাগৰ জিলাত একেদিনাই ৩০জন আক্রান্ত
নিয়মীয়া বার্তা, শিৱসাগৰ ঃ আজিৰ দিনটোত শিৱসাগৰত ক’ৰোনাত আক্রান্ত হ’ল ৩০গৰাকী লোক৷ আক্রান্ত ৩০জনৰ ভিতৰত ১৩জনেই শিৱসাগৰ ষ্টেচন চাৰিআলি কেডিয়া উপাধিৰ এজন শিশু চিকিৎসকৰ পৰিয়াল৷
ধেমাজিত আজি ১৫৯ আক্রান্ত
বিশেষ বার্তা, ধেমাজিঃ ধেমাজি জিলাত আজিৰ দিনটোত ৰেপিড এণ্টিজেন টেষ্টত ১৫৯গৰাকী লোক পজিটিভ চিনাক্ত হৈছে৷ জিলাখনৰ ২১টা কেন্দ্রত ৩,৮৪৭গৰাকী লোকক এই পৰীক্ষা কৰা হৈছিল৷
যোৰহাটত ২১৯জন ক’ৰোনাত আক্রান্ত
যোৰহাটত আজি অভিলেখসংখ্যক ২১৯জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ জিলাখনত এইপর্যন্ত ৩,২৭৮গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ইয়াৰে ১,৪৫২ চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ১,৭৯৯জন আৰোগ্য হৈ ঘৰলৈ উভতিছে৷
জোনাইত ১১জন ক’ৰোনাত আক্রান্ত
জোনাই মহকুমাত আজি ১১গৰাকী লোক পজিটিভ চিনাক্ত হৈছে৷ জোনাই মহকুমাৰ স্বাস্থ্য বিভাগে আজি জোনাই বালিকা হাইস্কুল, জোনাই বজাৰ দুর্গা মন্দিৰ, বিজয়পুৰ জোনেকাৰেং তিনিআলি, ডেকাপাম বজাৰ, তেলাম বজাৰত ৬৬২জনক ৰেপিড এণ্টিজেন টেষ্ট কৰিছিল৷
গোগামুখত ৫৮জন লোক ক’ৰোনাত আক্রান্ত
আজিৰ দিনটোত গোগামুখ আৰু গেৰুকামুখত স্বাস্থ্য বিভাগে ৩০০জন লোকৰ এণ্টিজেন টেষ্ট কৰাত ৫৮জন লোক চিনাক্ত হয়৷
অসম মেডিকেল কলেজত বাথৰূমত পৰি ক’ভিড আক্রান্তৰ মৃত্যু
ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন অৱস্থাত থকা বিপুল শইকীয়া নামৰ এজন লোকৰ আজি মৃত্যু হয়৷ যোৱা ৭ আগষ্টত লোকজনক প্লাজমা প্রদান কৰা হৈছিল৷ আজি হঠাতে বাথৰূমত অচেতন হৈ পৰে৷ দীর্ঘসময় পৰি থকাৰ পাছত তেওঁক উদ্ধাৰ কৰি চিকিৎসা প্রদান কৰা হয় যদিও কিছুসময় পাছতে তেওঁৰ মৃত্যু হয়৷ বিপুল শইকীয়াৰ ঘৰ ডিব্রুগড়ৰ চিৰিং চাপৰিত৷ ডিব্রুগড়ত ২৪ ঘণ্টাত ২৬৩জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷

You might also like