নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনীয়া ক্ৰিকেটৰ অলৰাউণ্ডাৰৰ শীৰ্ষত জিম্বাবৱেৰ ছিকন্দৰ ৰাজা

আজি আই চি চিয়ে ৰেংকিং প্ৰকাশ কৰিছে, য’ত এদিনীয়া অলৰাউণ্ডাৰ ৰেংকিঙত এক বৃহৎ পৰিৱৰ্তন হৈছে। আফগানিস্তানৰ খেলুৱৈ আজমতুল্লাহ উমৰজাই প্ৰথম স্থানৰ পৰা নামি দ্বিতীয় স্থানত আহিছে। তেওঁৰ স্থান লৈছে জিম্বাবৱেৰ ছিকন্দৰ ৰাজাই, যিয়ে ৩০২ ৰেটিং পইণ্টৰ সৈতে এদিনীয়াত বিশ্বৰ এক নম্বৰ অলৰাউণ্ডাৰ হৈ পৰিছে। ৩৯ বছৰীয়া ছিকন্দৰ ৰাজাই বিগত সপ্তাহত শ্ৰীলংকাৰ বিৰুদ্ধে ২খন এদিনীয়া মেচত অসাধাৰণ বেটিং কৰিছিল। তেওঁ ২৯ আগষ্টত খেলা মেচত ৯২ ৰানৰ এক উৎকৃষ্ট ইনিংছ খেলিছিল। তাৰ পিছত ৩১ আগষ্টত তেওঁ ৫৯ ৰানত অপৰাজিত আছিল। ছিকন্দৰ ৰাজা এদিনীয়া অলৰাউণ্ডাৰ ৰেংকিঙত পূৰ্বে তৃতীয় স্থানত আছিল, কিন্তু এই দুটা ইনিংছে তেওঁক শীৰ্ষত উঠাই আনিছে। তেওঁ আফগানিস্তানৰ অলৰাউণ্ডাৰ খেলুৱৈ আজমতুল্লাহ উমৰজাইৰ পৰা মুকুট কাঢ়ি লৈছে, যিয়ে এতিয়া দ্বিতীয় স্থানত নামি গৈছে।

আই চি চি এদিনীয়া অলৰাউণ্ডাৰ ৰেংকিঙৰ শীৰ্ষ-৫ খেলুৱৈ

  • ছিকন্দৰ ৰাজা (জিম্বাবৱে) – ৩০২ ৰেটিং
  • আজমতুল্লাহ উমৰজাই (আফগানিস্তান) – ২৯৬ ৰেটিং
  • মহম্মদ নবী (আফগানিস্তান) – ২৯২ ৰেটিং
  • মেহদী হাছান মিৰাজ (বাংলাদেশ) – ২৪৯ ৰেটিং
  • মাইকেল ব্ৰেচৱেল (নিউজিলেণ্ড) – ২৪৬ ৰেটিং

টেষ্ট আৰু টি-২০ত ভাৰতৰ আধিপত্য অক্ষুণ্ণ আছে। টেষ্ট ফৰ্মেটত বিশ্বৰ এক নম্বৰ অলৰাউণ্ডাৰ এতিয়াও ৰবীন্দ্ৰ জাদেজাই আছে, আৰু এই তালিকাৰ শীৰ্ষ ১০ত কোনো পৰিৱৰ্তন হোৱা নাই। আনহাতে, হাৰ্দিক পাণ্ডিয়া বিশ্বৰ এক নম্বৰ টি-২০ অলৰাউণ্ডাৰ। তেওঁৰ ২৫২ ৰেটিং পইণ্ট আছে। যদিও আফগানিস্তানৰ মহম্মদ নবীয়ে এক পইণ্টৰ লাভৰ সৈতে এতিয়া দ্বিতীয় স্থানত আছে আৰু নেপালৰ দীপেন্দ্ৰ সিং তৃতীয় স্থানত আছে।

Niyomiya Barta Desk, 3 September

You might also like