নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ সেউজ শক্তি

প্রদূষণৰ ভয়াৱহতাৰ পৰিপ্রেক্ষিতত মানৱ জাতিৰ ভৱিষ্যতৰ বাবে বিশ্বৰ আগশাৰীৰ ৰাষ্ট্রসমূহ বাৰুকৈয়ে শংকিত হৈ পৰিছে৷ জীৱাশ্ম ইন্ধনৰ দহনৰ বাবে বায়ুমণ্ডলত অপকাৰী গেছ আৰু কণাৰ পৰিমাণ দিনকদিনে বৃদ্ধি পাই আহিছে৷ কার্বনযুক্ত ইন্ধনৰ বিপুল চাহিদা আৰু ব্যৱহাৰৰ বাবে আমাৰ পৰিৱেশতন্ত্র ক্রমাৎ বিপজ্জনক হৈ উঠিছে৷ এই কথা সর্বজনবিদিত যে জৈৱ–বৈচিত্র্য বর্তাই ৰাখিবলৈ আৰু ইয়াৰ লগতে জলবায়ু নিয়ন্ত্রণ কৰিবলৈ প্রাকৃতিক সম্পদ আৰু পৰিৱেশতন্ত্র সংৰক্ষণ কৰাটো অপৰিহার্য৷ পৰম্পৰাগত ইন্ধনৰ প্রচুৰ দহন আৰু ঔদ্যোগীকৰণৰ ব্যাপকতাৰ বাবে জৈৱ–বৈচিত্র্যৰ প্রতি চৰম ভাবুকি পৰিলক্ষিত হৈছে৷ মানৱ জাতিৰ ভৱিষ্যতৰ বাবে নিকা বায়ু আৰু পৰিষ্কাৰ পানীৰ দৰে অত্যাৱশকীয় সেৱা আগবঢ়াই অহাত অৱদান যোগোৱা জৈৱ–বৈচিত্র্য বজাই ৰখাটো অত্যন্ত গুৰুত্বপূর্ণ৷ এই কথা উপলব্ধি কৰিয়েই ২০২৫–২৬ বিত্তীয় বর্ষৰ বাজেটত ঘৰুৱা নিকা বা সেউজ প্রযুক্তি উৎপাদন, আৱর্ত অর্থনীতি আৰু জলবায়ুৰ সৈতে খাপ খুৱাই চলা কৃষিকার্যক আগুৱাই নিবলৈ প্রয়াস কৰা হৈছে৷ এইসমূহ পদক্ষেপে সেউজ আৰু বহনক্ষম অর্থনীতিক সমর্থন কৰে৷ এই বাজেটে সেউজ শক্তি, পৰিৱেশ সংৰক্ষণ আৰু বৈদ্যুতিক বাহন (ইভি)ৰ বাবে অধিক পুঁজি যোগান ধৰিছে৷ দেশৰ সেউজ খণ্ডত নীতি আৰু শাসন ব্যৱস্থা উন্নত কৰিবলৈ কেন্দ্রীয় চৰকাৰে দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰিছে৷ এই কথা প্রতিফলিত হৈছে ২০২৫–২৬ বিত্তীয় বর্ষৰ বাজেটত৷ কেন্দ্রীয় চৰকাৰৰ বিত্ত মন্ত্রালয়ে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রালয়ৰ বাজেটত প্রায় ১০ শতাংশ বৃদ্ধিৰে ৩,৪১২.৮২ কোটি টকা আবণ্টন দিছে৷ উল্লেখ্য যে পূর্বৰ বাজেটৰ এই শিতানত আবণ্টিত ধনৰ পৰিমাণ আছিল ৩,১২৫.৯৬ কোটি টকা৷ তদুপৰি, ২০২৫–২৬ বর্ষৰ বাজেটত নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্রালয়ৰ বাজেট আবণ্টন ১৯,১০০ কোটি টকাৰ পৰা ২৫,৬৪৯ কোটি টকালৈ বৃদ্ধি কৰা হৈছে– ই হ’ল ৩৯ শতাংশ বৃদ্ধি৷ সেউজ খণ্ডত নীতি আৰু শাসন ব্যৱস্থা উন্নীতকৰণৰ বাবে ই দেশৰ দায়বদ্ধতাক সূচায়৷ ভাৰতত নিকা বা সেউজ শক্তিখণ্ডত সৌৰশক্তিয়ে চমকপ্রদ প্রভাৱ বিস্তাৰ কৰিবলৈ ধৰিছে৷ শক্তিৰ সংমিশ্রণৰ সম্ভাব্য অংশ সৌৰশক্তিৰ পৰাই অহা পৰিলক্ষিত হৈছে৷ কেন্দ্রীয় চৰকাৰৰ নতুন আৰু নবীকৰণীয় শক্তি মন্ত্রালয়ৰ ৰূপায়িত সাফল্যৰ তথ্য অনুসৰি ২০২৪ বর্ষৰ ৩০ নৱেম্বৰলৈ সংস্থাপিত নবীকৰণীয় শক্তি–সামর্থ্য হ’ল ১৫৮.৫৫ মেগাবাইট (বতাহ শক্তি ৪৭.৯৬ মেগাৱাট, সৌৰশক্তি ৯৪.১৭, ক্ষুদ্র জলবিদ্যুৎ শক্তি ৫.০৮, উদ্ভিদ–প্রাণীৰ জৈৱিক মিশ্রণৰ পৰা উৎপাদিত শক্তি ৯.৮১, প্রাণীদেহৰ পৰা বর্জিত উপাদানৰ পৰা উৎপাদিত শক্তি ০.৯২, আৱর্জনাৰ পৰা শক্তি ০.২৫ আৰু গ্রিডবিহীন আৱর্জনাৰ পৰা শক্তি ০.৩৬ মেগাৱাটকে ধৰি সর্বমুঠ ১৫৮.৫৫ মেগাবাইট)৷
চলিত বিত্তীয় বর্ষৰ ১ এপ্রিলৰ পৰা ২০২৫ বর্ষৰ ৩০ নৱেম্বৰলৈ সৌৰশক্তিৰ সংস্থাপিত অতিৰিক্ত সামর্থ্য হ’ল ১২,৩৫৪.২১ মেগাৱাট৷ ভাৰতৰ গ্রামাঞ্চলৰ কোটি কোটি বাসিন্দাই সৌৰশক্তি ব্যৱহাৰ কৰি সুচল জীৱন কটাবলৈ সক্ষম হৈছে৷ ই পৰিৱেশ অনুকূল হোৱাৰ লগতে অত্যন্ত কম ব্যয়সাপেক্ষ হোৱা বাবে গঞাসকল ইয়াৰ দ্বাৰা বিশেষভাৱে লাভৱান হ’বলৈ সক্ষম হৈছে৷ ৰন্ধন কার্যৰ লগতে পোহৰৰ চাহিদা পূৰণ কৰিবলৈ সমর্থ হোৱাৰ উপৰি আর্থিকভাৱেও লাভৱান হৈছে তেওঁলোক৷ সৌৰশক্তিৰে উৎপাদন কৰা বিনামূলীয়া বিদ্যুৎ প্রদানৰ বাবে প্রৱর্তন কৰা প্রধানমন্ত্রী সূর্য ঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনিয়ে ৬.৩০ লাখ সংস্থাপন সম্পূর্ণ কৰি তোলে (২০২৪ বর্ষৰ ডিচেম্বৰলৈ)৷ ইয়াৰ ফলত পৰিয়ালসমূহ সফলভাৱে একত্রিত হোৱাৰ লগতে বিদ্যুৎ যোগানৰ মানো বহুত উন্নত হৈছে৷ সেউজ শক্তি কৰিড’ৰ (জিইচি)ৰ বাবে বাজেট আবণ্টন ৬০০ কোটিলৈ বৃদ্ধি কৰাৰ ফলস্বৰূপে সৌৰ আৰু বতাহ শক্তিৰ স্বাচ্ছন্দ্য সংবহন আৰু সঞ্চৰণ নিশ্চিত কৰিব পৰা যায়৷ বিদ্যুৎ বিতৰণৰ কোম্পানীসমূহে ৰাজ্যসমূহক অতিৰিক্ত ঋণ গ্রহণ কৰিবলৈ অনুমতি প্রদানৰ সংস্কাৰো নবীকৰণীয় শক্তিখণ্ডৰ বাবে উৎসাহজনক পদক্ষেপ৷ বিষুৱীয় অঞ্চলৰ দেশসমূহৰ সৌৰশক্তি উৎপাদনৰ ক্ষেত্রত ফ্রান্সৰ সৈতে ভাৰতো আগশাৰীৰ দেশৰূপে পৰিগণিত হৈছে৷ সৌৰশক্তিৰ ব্যাপক ব্যৱহাৰক উৎসাহ প্রদানৰ বাবে আন্তঃৰাষ্ট্রীয় সৌৰ মিত্রজোঁট (আইএছএ)ৰ অধীনত প্রচেষ্টা চলাই থকা হৈছে৷ ৰাষ্ট্রীয় পর্যায়ত কেন্দ্রীয় চৰকাৰৰ ‘পি এম কুসুম আঁচনি আৰু পি এম সূর্য ঘৰ বিনামূলীয়া বিদ্যুৎ যোজনা’ৰ দৰে পদক্ষেপৰ জৰিয়তে বহনক্ষম শক্তি ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱা হৈছে৷ কৃষকসকলক সবলীকৰণৰ বাবে আগুৱাই নিয়াৰ লগতে জীৱাশ্ম ইন্ধনৰ ওপৰত নির্ভৰশীলতা হ্রাস পাইছে৷ পি এম কুসুম (প্রধানমন্ত্রী কৃষক শক্তি সুৰক্ষা আৰু উত্থান মহাভিযান) আঁচনিখনে কৃষিখণ্ডক ডিজেলৰ পৰা মুক্ত কৰাৰ উপৰি কৃষকৰ উপার্জন বৃদ্ধি কৰে৷ এই আঁচনিৰ অধীনত কেৱল সৌৰশক্তিচালিত পাম্প সংস্থাপনৰ বাবে কেন্দ্রীয় চৰকাৰে মুঠ ব্যয়ৰ ৫০ শতাংশ ৰাজসাহায্য প্রদান কৰে৷ এই আঁচনিৰ লক্ষ্য হ’ল ২০২৬ চনৰ মার্চলৈ সৌৰশক্তি সামর্থ্য প্রায় ৩৪,৮০০ মেগাৱাট সংযোজন কৰা৷ ইয়াৰ বাবে মুঠ কেন্দ্রীয় বিত্ত সাহায্য ৩৪,৪২২ কোটি টকা প্রদান কৰা হৈছে৷ তদুপৰি, বিকল্প নিকা শক্তি প্রযুক্তি পাৰমাণৱিক প্রযুক্তিয়ে শক্তি সংৰক্ষণত কোনো বিনিয়োগ নকৰাকৈ ২৪ ঘণ্টাই নিকা শক্তি প্রদান কৰে৷ সফল ৰাষ্ট্রীয় সৌৰ অভিযানৰ দৰেই পাৰমাণৱিক অভিযানৰ ঘোষণাই ২০৪৭ চনৰ ভিতৰত ১০০ গিগাৱাট শক্তি উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে৷ ইয়াৰ লগতে ভাৰতৰ পৰিবহণ খণ্ডক সেউজ কৰাৰ এটা গুৰুত্বপূর্ণ উপাদান বৈদ্যুতিক সচলতা৷ বৈদ্যুতিক বাহনলৈ ৰূপান্তৰে দেশৰ শক্তি সুৰক্ষাক সহায় কৰিব পাৰে৷ লগতে তেলৰ মূল্যৰ অস্থিৰতাৰ বাবে বৈদেশিক মুদ্রাৰ বজাৰৰ উঠা–নমাৰ পৰা আঁতৰত থাকিব পৰা যায়৷ ২০২৬ বিত্তীয় বর্ষৰ বাজেটত প্রাকৃতিক সম্পদ আৰু পৰিৱেশতন্ত্র সংৰক্ষণ, জলজ পৰিৱেশতন্ত্র সংৰক্ষণ, ব্যাঘ্র প্রকল্প আৰু পৰিৱেশতন্ত্রৰ বৈচিত্র্য বজাই ৰখাৰ বাবে সামগ্রিক ব্যৱস্থাৰ প্রতি ভাৰতৰ দায়বদ্ধতা পৰিলক্ষিত হয়৷ পৰিৱর্তনৰ দিশে ধাৱমান হোৱা ভাৰতে বিশ্বৰ আন আন দেশক অধিক নিকা আৰু অধিক সেউজ ভৱিষ্যতৰ বাবে অনুপ্রাণিত কৰিবলৈ সক্ষম হৈছে৷

You might also like