নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি পৱিত্র ঈদ–উল–ফিটৰ

বিশেষ বাৰ্তা, ১১ এপ্রিল : শান্তি আৰু সম্প্রীতিৰ বার্তাৰে আজি ৰাজ্যজুৰি উদযাপন কৰা হৈছে পৱিত্র ঈদ–উল–ফিটৰ৷ এমহীয়া ৰোজাৰ অন্তত ইছলাম ধর্মাৱলম্বী লোকসকলৰ মাজত ঈদ–উল–ফিটৰ উদযাপনৰ বাবে ব্যাপক উছাহ–উদ্দীপনা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ মছজিদ আৰু সমূহীয়া ঈদগাহ ময়দানসমূহ সজাই–পৰাই তোলা হৈছে৷ আজি পুৱা ঈদৰ নামাজ আদায় কৰি ইছলাম ধর্মাৱলম্বী লোকসকলে ইজনে সিজনক আলিংগনেৰে পৱিত্র উৎসৱটিৰ শুভেচ্ছা আৰু মৰম জ্ঞাপন কৰে৷ ইতিমধ্যে ঈদক লৈ বিগত কিছুদিন ধৰি ৰাজ্যৰ বজাৰসমূহত ব্যাপক ভিৰ পৰিলক্ষিত হৈছে৷ সমানে আলহী–অতিথিক আপ্যায়ন কৰিবলৈ গৃহিণীসকল সুস্বাদু ব্যঞ্জন প্রস্তুত কৰিছে৷ ঈদ উপলক্ষে সমূহ অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই৷ এটা শুভেচ্ছা বার্তাত ৰাজ্যপালগৰাকীয়ে কয় যে ঈদ উদযাপনৰ জৰিয়তে লোকসকলে এজনে আনজনৰ সৈতে আনন্দ ভাগ–বাটোৱাৰা কৰি বন্ধুত্ব আৰু একতাৰ বান্ধোন অধিক শক্তিশালী কৰি তোলে৷ ইফালে, ঈদ উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এটা শুভেচ্ছা বার্তাত ড০ শর্মাই কয়– ‘ঈদ–উল–ফিটৰৰ শুভেচ্ছা৷ এই পৱিত্র অনুষ্ঠানে সকলোৰে মাজত শান্তি আৰু সম্প্রীতি কঢ়িয়াই আনক তথা স্বাস্থ্য আৰু সুখ বিয়পাই দিয়ক৷

You might also like