নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱৰ জ’লি মেক্স চিনেমা হলত উত্তপ্ত পৰিস্থিতি, বাতিল দৰ্শনী

প্ৰথম দৰ্শনীৰ পাছত বহু দৰ্শকে উচ্ছ্বাস আৰু আবেগত কান্দি-কান্দি হলৰ পৰা ওলাই আহিছে

বঙাইগাঁৱৰ জ’লি মেক্স চিনেমা হলত আজি জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ দৰ্শনী বাতিল হোৱাৰ পাছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

কাৰিকৰী ত্ৰুটিৰ বাবে ছবিখনৰ দৰ্শনী বাতিল কৰা হয় বুলি জানিব পৰা গৈছে। ঘটনাৰ পাছত ‘ৰৈ ৰৈ বিনালে’ চাবলৈ অহা অসংখ্য দৰ্শকে হলৰ ভিতৰতে হুলুস্থুলীয়া পৰিৱেশ সৃষ্টি কৰে।

উল্লেখযোগ্য যে জ’লি মেক্স চিনেমা হ’লত দুখন স্ক্ৰীন থাকিলেও তাৰে এখন স্ক্ৰীন হঠাত বন্ধ হোৱাত এই সমস্যাৰ উদ্ভৱ হয়।

ইফালে, ৰাজ্যজুৰি পুৱাৰে পৰা ‘ৰৈ ৰৈ বিনালে’ চাবলৈ দৰ্শকৰ এক অভূতপূৰ্ব ভিৰ দেখা গৈছে। ভিন্ন প্ৰান্তত প্ৰথম দৰ্শনীৰ পাছত বহু দৰ্শকে উচ্ছ্বাস আৰু আবেগত কান্দি-কান্দি হলৰ পৰা ওলাই আহিছে বুলি সংবাদ পোৱা গৈছে।

ডিজিটেল ডেস্ক, ৩১ অক্টোবৰ

You might also like