নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিনবিহীন এমাহ : এতিয়াও শোকাহত অনুৰাগী, সৰ্বত্ৰ ন্যায়ৰ দাবী

হাৰ্টথ্ৰববিহীন অসমীয়াৰ এমাহ, সুৰীয়া সৃষ্টিৰে আজিও হৃদয়ত জীৱন্ত আমাৰ জুবিন গাৰ্গ

হাৰ্টথ্ৰববিহীন অসমীয়াৰ এমাহ
সুৰীয়া সৃষ্টিৰে আজিও হৃদয়ত জীৱন্ত আমাৰ জুবিন গাৰ্গ

অসমীয়া সংগীত জগতৰ প্রাণস্পন্দন জুবিন গাৰ্গৰ মৃত্যুৰ এটা মাহ পূৰ্ণ হ’ল। সংগীতপ্ৰেমীৰ হৃদয়ত তেওঁৰ অভাৱ এতিয়াও গভীৰভাৱে অনুভূত। সোণাপুৰৰ শেষকৃত্যস্থলীত সংগীতপ্ৰেমীয়ে চাকি জ্বলাই এই মহান শিল্পীগৰাকীক এতিয়াও শ্ৰদ্ধা জনাই আহিছে অনুৰাগীয়ে।

জুবিনৰ স্মৃতিত বিশেষ সংগীত অনুষ্ঠান, প্ৰাৰ্থনা সভা আৰু শোকসভাৰ আয়োজন কৰা হৈছে। নতুন শিল্পীৰ বাবে আছিল অনুপ্ৰেৰণা আৰু তেওঁৰ গান আজিও লাখ লাখ অনুৰাগীৰ মুখত বাজি থাকে। অসমীয়া সংস্কৃতিৰ এই উজ্জ্বল নক্ষত্রগৰাকীৰ নাম চিৰস্মৰণীয় হৈ থাকিব।

অসমীয়া সংগীতৰ সৰ্বশ্ৰেষ্ঠ গায়ক, সুৰকাৰ আৰু অভিনেতা জুবিন গাৰ্গৰ মৃত্যুৰ আজি এটা মাহ পূৰ্ণ হ’ল। যেতিয়াৰ পৰা এই দুখজনক খবৰ আহিছিল, সংগীত জগত আৰু অসমীয়া সমাজত এক গভীৰ শূন্যতা সৃষ্টি হৈছে। আজিও তেওঁক স্মৰণ কৰি লাখ লাখ ভক্তই নয়নত অশ্ৰু নিগৰাইছে, কিন্তু সুৰৰ মাজেৰে তেওঁ যেন আজিও জীৱন্ত। তেওঁৰ মৃত্যুৰ পিছত বহু সংগঠন আৰু অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু চাকি জ্বলাই স্মৰণ অনুষ্ঠান আয়োজন কৰিছে।

তেওঁ নাই, কিন্তু তেওঁৰ সুৰেই আমাৰ জীৱনৰ অংশ হৈ ৰ’ল। জুবিনৰ দৰে প্ৰতিভা শতাব্দীত এবাৰেই আহে। তেওঁৰ গীত আমাৰ ভাষাৰ আত্মা। গীতৰ জৰিয়তে তেওঁ অসমীয়া সংগীতক নতুন উচ্চতালৈ লৈ গৈছিল। কেৱল গায়ক নহয়, জুবিন আছিল এটা আন্দোলন — যিয়ে নতুন প্ৰজন্মক অসমীয়া সংগীতৰ গৌৰৱৰ সৈতে জড়িত কৰি তুলিছিল। তেওঁৰ সুৰৰ মাজত আছিল অসমৰ মাটিৰ গোন্ধ, ভক্তিৰ সুৰ আৰু প্ৰেমৰ স্পৰ্শ। মৃত্যুৰ এটা মাহ পূৰ্ণ হ’লেও তেওঁৰ সুৰ আজিও আকাশত গুঞ্জৰিত হৈ আছে।

আনহাতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছত তেওঁৰ অকাল বিয়োগৰ ঘটনাৰে ৭ অভিযুক্ত ইতিমধ্যে ৰঙাঘৰৰ আলহী হৈছে। তেওঁলোক ক্ৰমে বাক্সা জিলা কাৰাগাৰৰ আলহী হৈ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা। আৰু হাফলং কাৰাগাৰৰ আলহী হল শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত

ইফালে জুবিনৰ ৰহস্যজনক মৃত্যুৰ পিছত অনুৰাগীসকলে সামাজিক মাধ্যমত #JusticeforZubeenGarg #ForeverZubeenGarg হেছটেগেৰে এক ডিজিটেল ন্যায় যাত্ৰা আৰম্ভ কৰিছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৯ অক্টোবৰ

You might also like