লাহোৱালৰ চেংলিজান চাহ বাগিচাৰ দুই শ্রমিকৰো কাঢ়িলে কিডনী
নিয়মীয়া বাৰ্তা ১৫ জুলাইঃ ৰাজ্যখনত মানৱ অংগ ব্যৱসায়ৰ শিপাডাল মৰিগাঁৱৰ পৰা ডিব্রুগড পাইছেহি৷ ডিব্রুগডৰ লাহোৱালতো মানৱ অংগৰ দালাল চক্রৰ প্রৰোচনাত পৰি কিডনী বিক্রীৰ ভয়ংকৰ ঘটনা উন্মোচিত হোৱাত সর্বত্র ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে৷ জানিব পৰা মতে ডিব্রুগড়ৰ লাহোৱাল আৰক্ষী থানাৰ অধীনত ঘোঁৰামৰাৰ চেংলিজান চাহ বাগিচাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ ৰাজ্যৰ মৰিগাঁও জিলাৰ ধৰমতুলত ভুৱা নথিৰে অর্থনৈতিকভাৱে দুর্বল মানুহক মেৰপেঁচত পেলাই কিড্নী ক্রয়–বিক্রয় কৰাৰ ঘটনা ফাদিল হোৱাৰ পাছত এইবাৰ ডিব্রুগডতো তেনে এক ঘটনা পোহৰলৈ আহিছে৷
‘নিয়মীয়া বার্তা’ৰ অনুসন্ধানত প্রাপ্ত খবৰ অনুসৰি অর্থৰ অভাৱত বাগিচাৰ এজনৰ পাছত এজন শ্রমিকে বিক্রী কৰিছে শৰীৰৰ জীৱনদায়িনী অংগ আৰু দালালৰ জৰিয়তে এনেদৰে বিক্রী কৰিবলগীয়া হৈছে নিজৰ কিড্নী৷ দৰিদ্রতা অভিশাপস্বৰূপ হৈ নিজৰ বহুমূলীয়া দেহৰ অংগ বিক্রী কৰি সহজ পথেৰে ধন আহৰণ কৰি নিজৰ অভাৱ দূৰ কৰিবলৈ ইতিমধ্যে স্বইচ্ছাই দুজন চাহ শ্রমিকে নিজৰ কিড্নী বিক্রী কৰিব লগা হোৱাটো পোহৰলৈ আহিছে৷ উজনিৰ চাহ বাগিচাৰ দৰিদ্র শ্রমিক পৰিয়ালৰ আর্থিক দুৰৱস্থাৰ সুযোগ গ্রহণ কৰি ৰাজ্যজুৰি নিষিদ্ধ মানৱ অংগ ব্যৱসায়ৰ দলটোৱে গোপনে চাহ শ্রমিকৰ মাজত থিতাপি লোৱাৰ ভয়াৱহ তথ্য উন্মোচিত হৈছে৷ অনুসন্ধানত ডিব্রুগড জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তর্গত মদাৰখাত মৌজাৰ ঘোঁৰামৰা উপ–আৰক্ষী চকীৰ অধীনৰ তথা চেংলিজান চাহ বাগিচাত মানৱ দেহৰ অংগ ব্যৱসায়ৰ কথা পোহৰলৈ অহাত সমগ্র অঞ্চলটোতে ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে৷
সদৌ অসম চাহ জনজাতি ছাত্র সন্থা বিষয়ববীয়া তথা অঞ্চলটোৰ এগৰাকীৰ সক্রিয় কর্মী হেমন্ত কুজুৰকে ধৰি সংগঠনটোৰ বিষয়ববীয়াই দীর্ঘদিনৰে পৰা এই সন্দর্ভত সন্দেহ প্রকাশ কৰি আছিল আৰু সেই সন্দেহ বর্তমানে সত্য প্রমাণিত হৈছে৷ চাহ বাগিচাখনৰ সহজ–সৰল শ্রমিকসকলক ধনৰ প্রলোভন দেখুৱাই এচাম অসাধু তথা মানৱ অংগৰ ব্যৱসায় কৰা দালাল চক্র চাহ বাগিচাত সোমাই এই মানৱ দেহৰ অংগ ব্যৱসায়ত নামি পৰা বুলি মুকলিকৈ ব্যক্ত কৰিছে কুজুৰে৷ চেংলিজান চাহ বাগিচাৰ পকা লাইনৰ ৰামু কর্মকাৰৰ লগতে প্রতিৱেশী এগৰাকী শ্রমিকে প্রায় আঠ মাহ পূর্বে কলকাতাত কিডনী বিক্রী কৰি আহে আৰু বিনিময়ত চাৰে তিনি লাখ টকা লাভ কৰা বুলি জানিবলৈ দিয়ে৷ ডিব্রুগড়ত দিন হাজিৰা কৰিবলৈ গৈ জীৱেশ্বৰ ডেকা নামৰ এজন ব্যক্তিৰ প্রলোভনত ৰামু কর্মকাৰে প্রথমে গুৱাহাটী আৰু পৰৱর্তী সময়ত কলকাতালৈ গৈ কলকাতাত ছমাহ দিন অতিবাহিত কৰি কিড্নী বিক্রী কৰি থৈ অহা বুলি নিজ মুখেৰে স্বীকাৰ কৰিছে৷ আনহাতে, আন এক চাঞ্চল্যকৰ তথ্য মতে চলিত বছৰৰ যোৱা ফেব্রুৱাৰী মাহৰ পৰা উক্ত বাগিচাৰে বীণা মির্ধা (৪১) তেওঁৰ গিৰিয়েক সুনীল মির্ধা (৫৫) আৰু কন্যা নিকিতা মির্ধা (১৫)সহ প্রথমে গুৱাহাটী আৰু গুৱাহাটীৰ পৰা কলকাতালৈ গৈ বর্তমানেও নিজ গৃহলৈ ঘূৰি অহা নাই৷
এই পৰিয়ালটো কিড্নী ব্যৱসায়ী দালালৰ কবলত পৰাটো একপ্রকাৰ নিশ্চিত বুলি আটছাই উল্লেখ কৰিছে৷ আনহাতে, বাগিচাখনৰে বালকৰাম বাউৰীৰ পুত্র অজিত বাউৰী (২৯) নামৰ যুৱকজনো বহু দিনৰে পৰা সন্ধানহীন হৈ থকা ঘটনাটোৱেও ব্যাপক চাঞ্চল্য সৃষ্টি কৰাৰ লগতে মানৱ দেহৰ অংগৰ অবৈধ ব্যৱসায়ীৰ কবলত পৰা বুলিও সন্ধেহ প্রকাশ কৰা হৈছে৷ অৱশ্যে সমগ্র ঘটনা আৰক্ষীয়ে ক্ষিপ্রতাৰে তদন্ত কৰিলেহে প্রকৃত তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷
আনহাতে, লাহোৱালৰ ঘোঁৰামৰাৰ চেংলিজান চাহ বাগিচাৰ আৰু চাৰিটা পৰিয়াল দালাল চক্রৰ কবলত পৰি মানৱ অংগ প্রদান কৰিবৰ বাবে কলকাতাত বাহৰ পাতি আছেগৈ বুলি জানিব পৰা গৈছে যদিও এইপর্যন্ত সবিশেষ তথ্য পোৱা হোৱা নাই৷ ইতিমধ্যে লাহোৱালৰ এই চেংলিজান চাহ বাগিচাৰ শ্রমিকজনে মুঠ ৩ লাখ ৫০ হাজাৰ টকাৰ বিনিময়ত কলকাতাৰ ৰবীন্দ্রনাথ ঠাকুৰ হাস্পতালত বিক্রী কৰিছিল নিজৰ কিড্নী৷ কিন্তু নিজৰ এটা কিড্নী বিক্রী কৰি একপ্রকাৰ পংগুত্ব অর্জন কৰা ৰামুৱে নিজৰ ভুল হোৱা বুলি স্বীকাৰ কৰি এই মানৱ অংগৰ ব্যৱসায় কৰা অসাধু চক্রৰ মেৰপেঁচত নপৰিবলৈকো সকলোকে আহ্বান জনায়৷ ইতিমধ্যে আটছাৰ এটা সঁজাতী দল চেংলিজান চাহ বাগিচাত উপস্থিত হৈ সমগ্র পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সহজ–সৰল শ্রমিকক প্রলোভন দি এনে কার্য কৰা দালাল চক্রৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আটছাই চৰকাৰক দাবী জনাইছে৷
নগাঁও চহৰৰ সমীপতে গঢ় লৈ উঠিছে কিডনী বিক্রীৰ চোৰাং ব্যৱসায়
মৰিগাঁও জিলাৰ দক্ষিণ ধৰমতুলত কিড্নী ব্যৱসায় চলি থকা খবৰে সমগ্র ৰাজ্য তোলপাৰ লগাই থকাৰ সময়তে কিড্নীৰ চোৰাং ব্যৱসায়ৰ জালখন নগাঁৱলৈ সম্প্রসাৰিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ মানৱ দেহৰ অংগ বিক্রী কৰা এই ঘটনা ইমানে ভয়ানক যে দক্ষিণ ধৰমতুলৰ ৩০জনকৈ লোকে কিড্নী বিক্রী কৰাৰ পাছত নগাঁও চহৰৰ গাতে লাগি থকা অঞ্চলৰ ৮জনকৈ লোকে কিড্নী বিক্রী কৰাৰ খবৰ প্রকাশ পাইছে৷ নগাঁও চহৰৰ হয়বৰগাঁও আৰক্ষী চকীৰ পৰা কিছুদূৰ নিলগৰ হুজ কৈৱর্ত গাঁৱত সংঘটিত হৈছে এই অমানৱীয় কাণ্ড৷ গাঁওখনৰ একাংশ দৰিদ্র লোকে আর্থিক দুৰৱস্থাৰ বাবে পৰিয়ালৰ লোকৰ চিকিৎসা বা আন কাৰণত এক দালাল চক্রৰ জৰিয়তে কিড্নী বিক্রী কৰাৰ এক ভয়ংকৰ তথ্য সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ আহিছে৷
বুধবাৰে গাঁওখনত সংবাদ মাধ্যমৰ দল উপস্থিত হোৱাৰ লগে লগে এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়৷ একাংশই গাঁওখনৰ ৮জন লোকে কিড্নী বিক্রী কৰাৰ ভয়ংকৰ তথ্য উন্মোচিত কৰে যদিও আন একাংশই মুখ খুলিব বিচৰা নাই৷ একাংশই ইচ্ছা থাকিলেও অনাহুত পৰিস্থিতিৰ আশংকা কৰি একো ক’ব বিচৰা নাই৷ এই কিড্নী ব্যৱসায়ৰ লগত কোনো দালাল চক্র জড়িত হৈ আছে যদিও দালাল চক্রৰ নাম কোনেও মুকলিভাৱে ক’ব বিচৰা নাই৷ অৱশ্য দুই–এজনে সংবাদ মাধ্যমৰ আগত কিড্নী দান দিয়াৰ কথা প্রকাশ কৰিলেও গাঁওবাসীয়ে কথাটো অস্বীকাৰ কৰিছে৷ গাঁওবাসীৰ মতে একাংশ দালালৰ প্রৰোচনাত পৰি ধনৰ লোভত কিড্নী বিক্রী কৰিবলৈ বাধ্য হৈছে৷ গাঁওখনৰ এক সূত্রই জনোৱা মতে, টিকটিয়া, মহেন্দ্র দাস, ৰাজু নাথ, মঞ্জু দাস, ৰাজু দাস, বিশাল দাস, বাপুতি দাস, চিকয়া দাস, জিতু দাস আদিয়ে কিড্নী বিক্রী কৰিছে৷ কলকাতালৈ গৈ মানৱ অংগ কিডনী বিক্রী কৰা এগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে তেওঁ কিড্নী বিক্রী কৰা নাই, দানহে কৰিছে৷ কিন্তু ব্যক্তিগৰাকীৰ পত্নীয়ে জানিবলৈ দিয়ে যে কিড্নীৰ বিনিময়ত তেওঁলোকে ৫ লাখ টকা লৈছে৷
ইপিনে, আর্থিকভাৱে দুর্বল এগৰাকী লোকে কিড্নী বিক্রীৰ বাবে যোগাযোগ কৰিছিল জনৈক ৰাজখোৱাৰ লগত৷ নাম প্রকাশত অনিচ্ছুক এই ব্যক্তিগৰাকীয়ে কিড্নী বিক্রী চক্রৰ এজেণ্ট হিচাপে কাম কৰা জনৈক ৰাজখোৱাক চিনি নাপাওঁ বুলি কৰা মন্তব্যই ৰহস্য সৃষ্টি কৰিছে৷ এজন অচিনাকি ব্যক্তিৰ সৈতে কেনেকৈ ৪.৫০ লাখ টকাত দৰ–দাম চলিল, তাক লৈ এতিয়া ব্যাপক চর্চা চলিছে৷ এই ব্যক্তিগৰাকীয়ে জানিবলৈ দিয়া মতে, ৰাজখোৱা উপাধিৰ এই লোকজনৰ লগত মৰিগাঁৱৰ এটা দালাল চক্র জড়িত হৈ আছে৷ জানিব পৰা মতে, পদ্ম চন্দ্র দাস আৰু দীপ দাস নামৰ দালাল দুজন এই ব্যৱসায়ৰ লগত জড়িত হৈ আছে৷ উল্লেখ যে কিড্নী বা শৰীৰৰ অংগ বিক্রী কৰাটো অপৰাধ বুলি জনাৰ পাছতো আর্থিক দুৰৱস্থাৰ বাবেই এই লোকসকলে কিড্নী বিক্রী কৰিবলৈ বাধ্য হৈছে৷ গাঁওখনৰ এজন যুৱকে জানিবলৈ দিয়া মতে, আমি গাঁওখনত অবৈধ সুৰাৰ প্রচলনৰ বিৰুদ্ধে আবকাৰী আৰু আৰক্ষীৰ সহযোগত সজাগতামূলক কাম কৰি আহিছোঁ৷ আমি তেতিয়াই গম পাইছিলোঁ গাঁওখনৰ দুই–এক লোকে কলকাতালৈ গৈ কিড্নী বিক্রী কৰিছে৷ এতিয়া চৰকাৰে মানুহক বিভিন্ন অনুদান দি সহায় কৰি আছে৷ তাৰ পাছতো একমাত্র প্রলোভনৰ কবলত পৰি এই লোকসকলে কিড্নী বিক্রী কৰিছে৷ আমি প্রশাসনক এনে ব্যৱসায়ৰ লগত জড়িত লোকসকলক কঠোৰ শাস্তি বিহিবলৈ আহ্বান জনাইছোঁ৷
গাঁওখনৰ একাংশ লোকে জনোৱা মতে, গাঁওখনৰ আৰু তিনিজন লোক কিড্নী বিক্রী কৰিবৰ বাবে কলকাতাত বাহৰ পাতি আছে৷ আর্থিক দুৰৱস্থাৰ সুযোগ গ্রহণ কৰি দালালজাতীয় লোকে প্রলোভনেৰে দৰিদ্র লোকক কিড্নী বিক্রী কৰিবলৈ বাধ্য কৰাইছে৷ এইখিনিতে প্রশ্ণ হয় মানৱ অংগ সৰবৰাহ কেৱল নগাঁৱৰ হুজ কৈৱর্ত গাঁৱতেই সীমাবদ্ধ হৈ আছেনে? নে জিলাখনৰ আন ঠাইলৈ এই ভয়ংকৰ কার্য সম্প্রসাৰিত হৈছে? জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনৰ সঠিক অনুসন্ধানেহে সকলো তথ্য পোহৰলৈ আনিব পাৰিব৷ কিড্নী ব্যৱসায়ৰ দালাল চক্রৰ কবলত পৰি কিড্নী বিক্রীৰ বাবে কলকাতালৈ যোৱা দীপক সিং নামৰ ব্যক্তিজন কলকাতাৰ পৰা পলাই আহিবলৈ সক্ষম হয়৷ তেওঁ জনোৱা মতে, তেওঁক প্রলোভন দি কলকাতালৈ এক দালাল চক্রই লৈ গৈছিল৷ পাছত এইটো বেয়া কাম বুলি অনুতপ্ত হোৱাত তেওঁ তাৰ পৰা পলায়ন কৰে৷ নগাঁৱৰ হুজ কৈৱর্ত গাঁৱত কিড্নীৰ ব্যৱসায় চলি থকাৰ সমান্তৰালভাৱে পান কার্ড, আধাৰ কার্ড আৰু ভোটাৰ আই ডিৰ এক ৰমৰমীয়া ব্যৱসায় চলি আছে৷ এটা চক্রই গাঁওখনত দুই নম্বৰী ভোটাৰ, পান আৰু আধাৰ কার্ড জালিয়াতিৰে প্রস্তুত কৰা এক ৰমৰমীয়া ব্যৱসায় চলি আছে৷ গাঁওখনৰে এজন সচেতন যুৱকে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, ‘কিছুদিন পূর্বে কলকাতাত কিড্নী বিক্রী কৰিবলৈ যাব বিচৰা এজন যুৱকৰ পৰা ভোটাৰ আই ডি কাঢ়ি ৰখা হৈছিল৷ কিন্তু কেইদিনমান পাছত পুনৰ ভোটাৰ আই ডি প্রস্তুত কৰি যুৱকজন কলকাতালৈ গৈছিল৷’ এই ভোটাৰ, পান আৰু আধাৰ কার্ড জালিয়াতিৰে জড়িত থকা চক্রটো কিড্নী ব্যৱসায়ৰ লগত জড়িত থকাৰ সম্ভাৱনা গাঁওখনৰ একাংশ লোকে নুই কৰিব বিচৰা নাই৷